--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট তাৰকা বিৰাট কোহলীৰ সৈতে সাদৃশ্য থকা এজন অভিনেতা এতিয়া ইণ্টাৰনেট জগতত ভাইৰেল হৈ পৰিছে৷ অভিনেতাজন তুৰ্কীৰ৷ তেওঁৰ নাম কেভিট চেটিন গুনাৰ৷ 

এজন Reddit ব্যৱহাৰকাৰীয়ে তুৰ্কী ঐতিহাসিক নাটক Diriliş: Ertugrul ৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছিল, য'ত কেভিট চেটিন গুনাৰে অভিনয় কৰিছিল।

ৰেডিট ব্যৱহাৰকাৰীগৰাকীয়ে ছবিখন পোষ্ট কৰি কেপচন দিছিল, “অনুষ্কা শৰ্মাৰ স্বামীৰ টিভি শ্ব’ত আত্মপ্ৰকাশ” আৰু ই অতি সোনকালেই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। 

ছবিখনত কেভিটে অভিনয় কৰা চৰিত্ৰটোৱে টুপী পিন্ধি হাতত কিবা এটা ধৰি কাৰোবাৰ ফালে চাই থকা দেখা গৈছে। অভিনেতাগৰাকীক দেখাত সাইলাখ বিৰাট কোহলীৰ দৰে লাগিছিল৷ 

মুহূৰ্ততে ই ভাইৰেল হৈ পৰে৷ নেটিজেনসকলে ভিন ভিন মন্তব্য প্ৰকাশ কৰে৷ অনুষ্কাক লৈ এটা ধেমালিসূচক মন্তব্য কৰি এজনে কয় ‘‘হাঁহি উঠা কথাটো হ’ল যে অনুষ্কাই এতিয়াও তেওঁক চিনি নাপাব কাৰণ ‘ৰব নে বানা ডি জোড়ি’তো তেওঁ স্বামীক চিনি পোৱা নাছিল”

উল্লেখ্য যে Diriliş: Ertugrul হৈছে Mehmet Bozdağ দ্বাৰা নিৰ্মিত এখন তুৰ্কী ঐতিহাসিক দুঃসাহসিক ধাৰাবাহিক। শ্ব'টোত ইঞ্জিন আলটান ডুজিয়াটানে এৰ্টুগ্ৰুল বেৰ চৰিত্ৰত অভিনয় কৰিছে, কেভিট চেটিন গুনাৰ, কান টাছানাৰ, আৰু হুলিয়া ডাৰ্কানৰ সৈতে। ত্ৰয়োদশ শতিকাৰ পৰিৱেশত নিৰ্মিত এই ধাৰাবাহিকখনত অট্টোমান সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক প্ৰথম ওছমানৰ পিতৃ এৰটুগ্ৰুলৰ যাত্ৰাৰ বুৰঞ্জী বৰ্ণনা কৰা হৈছে। ২০১৪ চনত প্ৰিমিয়াৰ হোৱা এই অনুষ্ঠানটো ২০১৯ চনত সমাপ্ত হোৱাৰ পূৰ্বে পাঁচটা ছিজন চলিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি