--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিবাহৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই যুৱতীক এচিড আক্ৰমণ যুৱকৰ৷ বৃহস্পতিবাৰে নিশা এগৰাকী ২৪ বছৰীয়া যুৱতীৰ ওপৰত অভিযুক্তই এচিড নিক্ষেপ কৰাৰ পাছত গুৰুতৰভাৱে জ্বলি আঘাতপ্ৰাপ্ত হয়। ভুক্তভোগী যুৱতীগৰাকীয়ে জনোৱা মতে তেওঁক বিয়া কৰোৱাৰ প্ৰস্তাৱ নাকচ কৰাৰ পাছতো অভিযুক্তজনে বহু বছৰ ধৰি তাইক অনুসৰণ কৰি আহিছিল। বৃহস্পতিবাৰে চূড়ান্ত প্ৰত্যাখ্যানৰ পাছত, এই পন্থা হাতত লয়৷

আৰক্ষীয়ে জনোৱা অনুসৰি অভিযুক্তজনে ভুক্তভোগীগৰাকীক এদিন পূৰ্বে তেওঁৰ দাবী মানি নল'লে ভয়ানক পৰিণামৰ বিষয়ে সতৰ্ক কৰি দিছিল। তেওঁৰ ভাবুকিৰ পাছতে বৃহস্পতিবাৰে পুৱা যুৱতীগৰাকীয়ে পিতৃৰ সৈতে কামৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু নিশাৰ ভাগত যেতিয়া ওলাই গৈছিল, তেতিয়া মানুহজনক কাৰ্যালয়ৰ চিৰিত প্ৰত্যক্ষ কৰিছিল৷ সেই সময়ছোৱাতো পুনৰ বিয়া কৰোৱাৰ প্ৰস্তাৱ দিছিল যুৱতীগৰাকীক। যেতিয়া তেওঁ পুনৰ অস্বীকাৰ কৰিলে, তেতিয়াই অভিযুক্ত ব্যক্তিজনে এচিড আক্ৰমণ কৰি পলাই যায়৷

আৰক্ষীয়ে জনোৱা অনুসৰি, ঘটনাটো পশ্চিম বেংগালুৰুৰ চুনকাদাকাটে অঞ্চলৰ ওচৰত সংঘটিত হৈছিল৷ যুৱতীগৰাকী এটা বিত্তীয় কোম্পানীত কৰ্মৰত আছিল৷ 

অভিযুক্তজনক নাগেশ বুলি চিনাক্ত কৰা হৈছে৷ ২৭ বছৰীয়া যুৱকজনে এটা পোছাক কাৰখানাত কাম কৰে। ভুক্তভোগী যুৱতীগৰাকীৰ এই আক্ৰমণৰ পাছতে মুখ, ডিঙি, হাত আৰু মূৰ জ্বলি গৈছে। যুৱতীগৰাকীক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু বৰ্তমান অৱস্থা সুস্থিৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ