--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিবাহৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই যুৱতীক এচিড আক্ৰমণ যুৱকৰ৷ বৃহস্পতিবাৰে নিশা এগৰাকী ২৪ বছৰীয়া যুৱতীৰ ওপৰত অভিযুক্তই এচিড নিক্ষেপ কৰাৰ পাছত গুৰুতৰভাৱে জ্বলি আঘাতপ্ৰাপ্ত হয়। ভুক্তভোগী যুৱতীগৰাকীয়ে জনোৱা মতে তেওঁক বিয়া কৰোৱাৰ প্ৰস্তাৱ নাকচ কৰাৰ পাছতো অভিযুক্তজনে বহু বছৰ ধৰি তাইক অনুসৰণ কৰি আহিছিল। বৃহস্পতিবাৰে চূড়ান্ত প্ৰত্যাখ্যানৰ পাছত, এই পন্থা হাতত লয়৷

আৰক্ষীয়ে জনোৱা অনুসৰি অভিযুক্তজনে ভুক্তভোগীগৰাকীক এদিন পূৰ্বে তেওঁৰ দাবী মানি নল'লে ভয়ানক পৰিণামৰ বিষয়ে সতৰ্ক কৰি দিছিল। তেওঁৰ ভাবুকিৰ পাছতে বৃহস্পতিবাৰে পুৱা যুৱতীগৰাকীয়ে পিতৃৰ সৈতে কামৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু নিশাৰ ভাগত যেতিয়া ওলাই গৈছিল, তেতিয়া মানুহজনক কাৰ্যালয়ৰ চিৰিত প্ৰত্যক্ষ কৰিছিল৷ সেই সময়ছোৱাতো পুনৰ বিয়া কৰোৱাৰ প্ৰস্তাৱ দিছিল যুৱতীগৰাকীক। যেতিয়া তেওঁ পুনৰ অস্বীকাৰ কৰিলে, তেতিয়াই অভিযুক্ত ব্যক্তিজনে এচিড আক্ৰমণ কৰি পলাই যায়৷

আৰক্ষীয়ে জনোৱা অনুসৰি, ঘটনাটো পশ্চিম বেংগালুৰুৰ চুনকাদাকাটে অঞ্চলৰ ওচৰত সংঘটিত হৈছিল৷ যুৱতীগৰাকী এটা বিত্তীয় কোম্পানীত কৰ্মৰত আছিল৷ 

অভিযুক্তজনক নাগেশ বুলি চিনাক্ত কৰা হৈছে৷ ২৭ বছৰীয়া যুৱকজনে এটা পোছাক কাৰখানাত কাম কৰে। ভুক্তভোগী যুৱতীগৰাকীৰ এই আক্ৰমণৰ পাছতে মুখ, ডিঙি, হাত আৰু মূৰ জ্বলি গৈছে। যুৱতীগৰাকীক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু বৰ্তমান অৱস্থা সুস্থিৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ