--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অপৰাধপ্ৰৱণ আৰু দুৰ্নীতিগ্ৰস্ত আৰক্ষীৰ তালিকা প্ৰস্তুত কৰিলে বিহাৰ, উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যৰ আৰক্ষীৰ স্থান হয়তো প্ৰথম শাৰীতে থাকিব। শেহতীয়াকে বিহাৰ আৰক্ষীৰ এজন বিষয়াৰ কাণ্ডই তোলপাৰ লগাইছে নেট দুনিয়াত। বিহাৰৰ সাহাৰছা আৰক্ষী থানাত সংঘটিত ঘটনাটোৱে আৰক্ষীৰ নিৰ্লজ ৰূপটোকে যেন পুনৰ প্ৰকট কৰি তুলিছে। আৰক্ষী থানাখনৰ ভিতৰতে আৰক্ষী বিষয়া এজনে এগৰাকী মহিলাৰ দ্বাৰা গা মালিচ কৰাই থকাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পাছতে তেওঁক নিলম্বিত কৰা হয়। আৰক্ষী বিষয়াজনৰ নাম হৈছে শশীভূষণ সিনহা। নাওহাট্টা আৰক্ষী থানাৰ অন্তৰ্গত দাৰহাৰ আউটপোষ্টত নিযুক্ত হৈ আছিল শশীভূষণ।    

মাত্ৰ তিনি ছেকেণ্ডৰ ভাইৰেল ভিডিঅ’টোত উদং গাৰে বহি থকা আৰক্ষী বিষয়াজনক এগৰাকী মহিলাই গা মালিচ কৰি থকা দেখিবলৈ পোৱা গৈছিল। সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি মহিলাগৰাকীয়ে তেওঁৰ পুত্ৰৰ জামিন কৰোঁৱাৰ বাবে থানালৈ আহিছিল। তাৰ পাছতে শশীভূষণ সিনহাই মহিলাগৰাকীক তেওঁৰ গা মালিচ কৰোঁৱাবলৈ বাধ্য কৰায়। তেনে কৰিলে তেওঁৰ পুত্ৰক তাৎক্ষণিকভাৱে মুকলি কৰি দিব বুলি প্ৰতিশ্ৰুতি দিছিল আৰক্ষী বিষয়াজনে। মহিলাগৰাকীয়ে তেওঁৰ গা মালিচ কৰিবলৈ আৰম্ভ কৰাৰ পাছতে তেওঁ এজন উকীলক ফোন কৰি মহিলাগৰাকীৰ পুত্ৰক জামিন দিয়াবলৈ অনুৰোধ বুলি অভিযোগ উঠিছে।

শশীভূষণৰ সন্মুখত আন এগৰাকী মহিলা বহি থকাও দেখা যায় ভিডিঅ’টোত। এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতে আৰক্ষী অধীক্ষক লিপি সিঙে শশীভূষণ সিনহাক তাৎক্ষণিকভাৱে নিলম্বন কৰে আৰু ঘটনাটোৰ তদন্ত ঘোষণা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ