--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অপৰাধপ্ৰৱণ আৰু দুৰ্নীতিগ্ৰস্ত আৰক্ষীৰ তালিকা প্ৰস্তুত কৰিলে বিহাৰ, উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যৰ আৰক্ষীৰ স্থান হয়তো প্ৰথম শাৰীতে থাকিব। শেহতীয়াকে বিহাৰ আৰক্ষীৰ এজন বিষয়াৰ কাণ্ডই তোলপাৰ লগাইছে নেট দুনিয়াত। বিহাৰৰ সাহাৰছা আৰক্ষী থানাত সংঘটিত ঘটনাটোৱে আৰক্ষীৰ নিৰ্লজ ৰূপটোকে যেন পুনৰ প্ৰকট কৰি তুলিছে। আৰক্ষী থানাখনৰ ভিতৰতে আৰক্ষী বিষয়া এজনে এগৰাকী মহিলাৰ দ্বাৰা গা মালিচ কৰাই থকাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পাছতে তেওঁক নিলম্বিত কৰা হয়। আৰক্ষী বিষয়াজনৰ নাম হৈছে শশীভূষণ সিনহা। নাওহাট্টা আৰক্ষী থানাৰ অন্তৰ্গত দাৰহাৰ আউটপোষ্টত নিযুক্ত হৈ আছিল শশীভূষণ।    

মাত্ৰ তিনি ছেকেণ্ডৰ ভাইৰেল ভিডিঅ’টোত উদং গাৰে বহি থকা আৰক্ষী বিষয়াজনক এগৰাকী মহিলাই গা মালিচ কৰি থকা দেখিবলৈ পোৱা গৈছিল। সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি মহিলাগৰাকীয়ে তেওঁৰ পুত্ৰৰ জামিন কৰোঁৱাৰ বাবে থানালৈ আহিছিল। তাৰ পাছতে শশীভূষণ সিনহাই মহিলাগৰাকীক তেওঁৰ গা মালিচ কৰোঁৱাবলৈ বাধ্য কৰায়। তেনে কৰিলে তেওঁৰ পুত্ৰক তাৎক্ষণিকভাৱে মুকলি কৰি দিব বুলি প্ৰতিশ্ৰুতি দিছিল আৰক্ষী বিষয়াজনে। মহিলাগৰাকীয়ে তেওঁৰ গা মালিচ কৰিবলৈ আৰম্ভ কৰাৰ পাছতে তেওঁ এজন উকীলক ফোন কৰি মহিলাগৰাকীৰ পুত্ৰক জামিন দিয়াবলৈ অনুৰোধ বুলি অভিযোগ উঠিছে।

শশীভূষণৰ সন্মুখত আন এগৰাকী মহিলা বহি থকাও দেখা যায় ভিডিঅ’টোত। এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতে আৰক্ষী অধীক্ষক লিপি সিঙে শশীভূষণ সিনহাক তাৎক্ষণিকভাৱে নিলম্বন কৰে আৰু ঘটনাটোৰ তদন্ত ঘোষণা কৰে।


 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ