--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰৰ ৰাজনীতিত এইবাৰ নতুন সমীকৰণ সৃষ্টিৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। বিজেপিৰ সৈতে তেওঁলোকৰ পুৰণি সহযোগী দল শিৱসেনাৰ বিচ্ছেদ তথা ব্যাপক মতবিৰোধৰ পাছত এইবাৰ থাকৰে পৰিয়ালৰ আন এজন সদস্যক নিজৰ লক্ষ্য কৰি লৈছে বিজেপিয়ে। মহাৰাষ্ট্ৰৰ ত্ৰিদলীয় শাসকীয় মিত্ৰজোঁট কংগ্ৰেছ-এনচিপি-শিৱসেনাৰ চৰকাৰক অস্থিৰ কৰাৰ বিভিন্ন প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰচেষ্টা চলি থকাৰ মাজতে এইবাৰ ৰাজ থাকৰে প্ৰেক্ষাপটলৈ অহা দেখিবলৈ পোৱা গৈছে।

বাল থাকৰে জীৱিত থকা অৱস্থাত তেওঁৰ সোঁৱে-ৱাঁৱে আছিল উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে। কিন্তু পাছত ৰাজ থাকৰেই শিৱসেনাৰ পৰা ফালৰি কাটি গৈ গঠন কৰিছিল মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনা। শিৱসেনাৰ সৈতে সম্পৰ্ক ছেদ হোৱাৰ পাছত এতিয়া বিজেপিয়ে মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ সৈতে দূৰত্ব হ্ৰাস কৰি অনা দেখিবলৈ পোৱা গৈছে। মূলতঃ লাউড স্পীকাৰ বিতৰ্কক লৈ ৰাজ থাকৰে আৰু বিজেপিৰ সুৰ মিলি যোৱা দেখিবলৈ পোৱা গৈছে।

ৰাজ থাকৰেই উদ্ধৱ থাকৰে চৰকাৰৰ সৈতে প্ৰত্যক্ষ সংঘাতত লিপ্ত হৈ পৰিছে এই বিষয়টোক লৈ। তেওঁ মছজিদৰ পৰা লাউড স্পীকাৰ আঁতৰোৱাৰ বাবে চৰকাৰক চৰমসীমাও বান্ধি দিছিল। শেহতীয়াকৈ তেওঁ চৰকাৰৰ বিৰুদ্ধে সৰৱ ভূমিকা পালন কৰাৰ লগতে বিজেপিক প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে।
উত্তৰ প্ৰদেশৰ যোগী চৰকাৰে ধৰ্মীয় স্থানৰ পৰা প্ৰায় ২২ হাজাৰ লাউড স্পীকাৰ আঁতৰোৱা কাৰ্যক প্ৰশংসা কৰাও দেখা যায় ৰাজ থাকৰেক। এই প্ৰসংগ উত্থাপন কৰি তেওঁ চৰকাৰক কটাক্ষ কৰি কৈছে যে, উত্তৰ প্ৰদেশৰ দৰে মহাৰাষ্ট্ৰত যোগী নাই, ভোগীহে আছে। এই কথাৰ সুৰ বিজেপিৰ সৈতে মিলি পৰাটো অৱশ্যে একেবাৰে অৱধাৰিত হিচাপেই চিহ্নিত হৈছে।

শিৱসেনাক শলঠেকত পেলাবলৈ আন এগৰাকী থাকৰেক সন্মুখলৈ আনি বিজেপিয়েহে যে আচল খেলখন খেলাৰ চেষ্টা কৰিছে সেয়া এতিয়া স্পষ্ট হৈ পৰিছে। ৰাজ থাকৰেৰ মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনা আৰু বিজেপিৰ মিত্ৰতাৰ প্ৰসংগও এতিয়া চৰ্চালৈ আহিছে। ২০২৪ৰ লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত মহাৰাষ্ট্ৰত ৰাজ থাকৰেক সন্মুখত লৈ বিজেপিয়ে যিখন খেল খেলিব খুজিছে তাত ৰাজ থাকৰেৰ ভূমিকা শিখণ্ডীসদৃশ নহ’লেই চলে!

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ