--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰৰ ৰাজনীতিত এইবাৰ নতুন সমীকৰণ সৃষ্টিৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। বিজেপিৰ সৈতে তেওঁলোকৰ পুৰণি সহযোগী দল শিৱসেনাৰ বিচ্ছেদ তথা ব্যাপক মতবিৰোধৰ পাছত এইবাৰ থাকৰে পৰিয়ালৰ আন এজন সদস্যক নিজৰ লক্ষ্য কৰি লৈছে বিজেপিয়ে। মহাৰাষ্ট্ৰৰ ত্ৰিদলীয় শাসকীয় মিত্ৰজোঁট কংগ্ৰেছ-এনচিপি-শিৱসেনাৰ চৰকাৰক অস্থিৰ কৰাৰ বিভিন্ন প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰচেষ্টা চলি থকাৰ মাজতে এইবাৰ ৰাজ থাকৰে প্ৰেক্ষাপটলৈ অহা দেখিবলৈ পোৱা গৈছে।

বাল থাকৰে জীৱিত থকা অৱস্থাত তেওঁৰ সোঁৱে-ৱাঁৱে আছিল উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে। কিন্তু পাছত ৰাজ থাকৰেই শিৱসেনাৰ পৰা ফালৰি কাটি গৈ গঠন কৰিছিল মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনা। শিৱসেনাৰ সৈতে সম্পৰ্ক ছেদ হোৱাৰ পাছত এতিয়া বিজেপিয়ে মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ সৈতে দূৰত্ব হ্ৰাস কৰি অনা দেখিবলৈ পোৱা গৈছে। মূলতঃ লাউড স্পীকাৰ বিতৰ্কক লৈ ৰাজ থাকৰে আৰু বিজেপিৰ সুৰ মিলি যোৱা দেখিবলৈ পোৱা গৈছে।

ৰাজ থাকৰেই উদ্ধৱ থাকৰে চৰকাৰৰ সৈতে প্ৰত্যক্ষ সংঘাতত লিপ্ত হৈ পৰিছে এই বিষয়টোক লৈ। তেওঁ মছজিদৰ পৰা লাউড স্পীকাৰ আঁতৰোৱাৰ বাবে চৰকাৰক চৰমসীমাও বান্ধি দিছিল। শেহতীয়াকৈ তেওঁ চৰকাৰৰ বিৰুদ্ধে সৰৱ ভূমিকা পালন কৰাৰ লগতে বিজেপিক প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে।
উত্তৰ প্ৰদেশৰ যোগী চৰকাৰে ধৰ্মীয় স্থানৰ পৰা প্ৰায় ২২ হাজাৰ লাউড স্পীকাৰ আঁতৰোৱা কাৰ্যক প্ৰশংসা কৰাও দেখা যায় ৰাজ থাকৰেক। এই প্ৰসংগ উত্থাপন কৰি তেওঁ চৰকাৰক কটাক্ষ কৰি কৈছে যে, উত্তৰ প্ৰদেশৰ দৰে মহাৰাষ্ট্ৰত যোগী নাই, ভোগীহে আছে। এই কথাৰ সুৰ বিজেপিৰ সৈতে মিলি পৰাটো অৱশ্যে একেবাৰে অৱধাৰিত হিচাপেই চিহ্নিত হৈছে।

শিৱসেনাক শলঠেকত পেলাবলৈ আন এগৰাকী থাকৰেক সন্মুখলৈ আনি বিজেপিয়েহে যে আচল খেলখন খেলাৰ চেষ্টা কৰিছে সেয়া এতিয়া স্পষ্ট হৈ পৰিছে। ৰাজ থাকৰেৰ মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনা আৰু বিজেপিৰ মিত্ৰতাৰ প্ৰসংগও এতিয়া চৰ্চালৈ আহিছে। ২০২৪ৰ লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত মহাৰাষ্ট্ৰত ৰাজ থাকৰেক সন্মুখত লৈ বিজেপিয়ে যিখন খেল খেলিব খুজিছে তাত ৰাজ থাকৰেৰ ভূমিকা শিখণ্ডীসদৃশ নহ’লেই চলে!



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ