--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমিৰ এক তথ্যই অসমৰ আৰ্থ-সামাজিক পৰিস্থিতিলৈ নমাই আনিছে গভীৰ সংশয়৷ এমাহতে অসমত নিবনুৱাৰ হাৰ ৮.২ শতাংশলৈ বৃদ্ধি হৈছে৷ চেণ্টাৰ ফৰ ইণ্ডিয়ান ইকনমিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি সমগ্ৰ দেশৰ ভিতৰতে ০.৭ শতাংশৰে ছত্তীশগড়ত নিবনুৱাৰ হাৰ দেশৰ ভিতৰতে সৰ্বনিম্ন৷ দেশৰ সামগ্ৰিক গড় নিবনুৱাৰ হাৰৰ তুলনাত অসমত অধিক হৈছেগৈ নিবনুৱাৰ হাৰ৷

মেত দেশৰ গড় নিবনুৱাৰ হাৰ ৭.১ শতাংশ হোৱাৰ বিপৰীতে অসমত এই হাৰ হৈছেগৈ ৮.২ শতাংশ৷ উল্লেখযোগ্য যে, অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ নিবনুৱাৰ হাৰ অসমতকৈ কম৷ মেমাহত মেঘালয়ৰ নিবনুৱাৰ হাৰ হৈছে ৪.১ শতাংশ৷ আনহাতে, সমগ্ৰ দেশৰ ভিতৰতে ২৪.৬ শতাংশ নিবনুৱাৰে হাৰেৰে শীৰ্ষস্থানত আছে হাৰিয়ানা৷

এক তথ্যত প্ৰকাশ পোৱামতে ছত্তীশগড় চৰকাৰে চহৰ আৰু গ্ৰামাঞ্চলৰ অৰ্থনীতি টনকিয়াল কৰাৰ লগতে নতুন নিযুক্তিৰ সুযোগ আগবঢ়োৱাৰ বাবে বিভিন্নধৰণৰ কল্যাণমুখী আঁচনি গ্ৰহণ কৰিছে৷ ৰাজ্য চৰকাৰখনে দায়িত্বভাৰ লোৱাৰ পাছতে কৃষক আৰু শিপিনীসকলৰ কৰ ৰেহাই প্ৰদান কৰিছে৷ ইয়াৰ পাছতে বিভিন্নধৰণৰ ঔদ্যোগিক নীতি মুকলিৰ যোগেদি স্থানীয়ভাৱে নিযুক্তি প্ৰক্ৰিয়াত গুৰুত্ব দিয়াৰ বাবেই নিবনুৱাৰ হাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷

অথচ, ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি দেখা যায় অসমত৷ নিবনুৱাৰ হাৰ ক্ৰমাগতভাৱে বৃদ্ধি হৈ থকাৰ পাছতো অসমৰ নিবনুৱা সমস্যাক লৈ উদাসীন ৰাজ্য চৰকাৰখন৷ শাসনভাৰ গ্ৰহণ কৰিয়ে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে এবছৰত গণি গণি একলাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিও অসাৰ হৈ ৰল৷ তাৰো পূৰ্বে বছৰি পাঁচ লাখকৈ নিবনুৱাক চাকৰি দিয়া হব বুলি বিজেপিয়ে৷ আনহাতে, মেধাৰ বহিৰ্গমন আৰু কৰ্মৰ সন্ধানত অসমৰ যুৱক-যুৱতীয়ে বহিৰ্ৰাজ্যলৈ যাবলগীয়া হোৱা বিষয়টোতো চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ আছে৷ অসমৰ বৰ্ধিত নিবনুৱাৰ সংখ্যাই ভৱিষ্যতে অসমৰ সামাজিক প্ৰেক্ষাপটতো অস্থিৰতাৰ সৃষ্টি কৰাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ