--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমিৰ এক তথ্যই অসমৰ আৰ্থ-সামাজিক পৰিস্থিতিলৈ নমাই আনিছে গভীৰ সংশয়৷ এমাহতে অসমত নিবনুৱাৰ হাৰ ৮.২ শতাংশলৈ বৃদ্ধি হৈছে৷ চেণ্টাৰ ফৰ ইণ্ডিয়ান ইকনমিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি সমগ্ৰ দেশৰ ভিতৰতে ০.৭ শতাংশৰে ছত্তীশগড়ত নিবনুৱাৰ হাৰ দেশৰ ভিতৰতে সৰ্বনিম্ন৷ দেশৰ সামগ্ৰিক গড় নিবনুৱাৰ হাৰৰ তুলনাত অসমত অধিক হৈছেগৈ নিবনুৱাৰ হাৰ৷

মেত দেশৰ গড় নিবনুৱাৰ হাৰ ৭.১ শতাংশ হোৱাৰ বিপৰীতে অসমত এই হাৰ হৈছেগৈ ৮.২ শতাংশ৷ উল্লেখযোগ্য যে, অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ নিবনুৱাৰ হাৰ অসমতকৈ কম৷ মেমাহত মেঘালয়ৰ নিবনুৱাৰ হাৰ হৈছে ৪.১ শতাংশ৷ আনহাতে, সমগ্ৰ দেশৰ ভিতৰতে ২৪.৬ শতাংশ নিবনুৱাৰে হাৰেৰে শীৰ্ষস্থানত আছে হাৰিয়ানা৷

এক তথ্যত প্ৰকাশ পোৱামতে ছত্তীশগড় চৰকাৰে চহৰ আৰু গ্ৰামাঞ্চলৰ অৰ্থনীতি টনকিয়াল কৰাৰ লগতে নতুন নিযুক্তিৰ সুযোগ আগবঢ়োৱাৰ বাবে বিভিন্নধৰণৰ কল্যাণমুখী আঁচনি গ্ৰহণ কৰিছে৷ ৰাজ্য চৰকাৰখনে দায়িত্বভাৰ লোৱাৰ পাছতে কৃষক আৰু শিপিনীসকলৰ কৰ ৰেহাই প্ৰদান কৰিছে৷ ইয়াৰ পাছতে বিভিন্নধৰণৰ ঔদ্যোগিক নীতি মুকলিৰ যোগেদি স্থানীয়ভাৱে নিযুক্তি প্ৰক্ৰিয়াত গুৰুত্ব দিয়াৰ বাবেই নিবনুৱাৰ হাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷

অথচ, ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি দেখা যায় অসমত৷ নিবনুৱাৰ হাৰ ক্ৰমাগতভাৱে বৃদ্ধি হৈ থকাৰ পাছতো অসমৰ নিবনুৱা সমস্যাক লৈ উদাসীন ৰাজ্য চৰকাৰখন৷ শাসনভাৰ গ্ৰহণ কৰিয়ে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে এবছৰত গণি গণি একলাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিও অসাৰ হৈ ৰল৷ তাৰো পূৰ্বে বছৰি পাঁচ লাখকৈ নিবনুৱাক চাকৰি দিয়া হব বুলি বিজেপিয়ে৷ আনহাতে, মেধাৰ বহিৰ্গমন আৰু কৰ্মৰ সন্ধানত অসমৰ যুৱক-যুৱতীয়ে বহিৰ্ৰাজ্যলৈ যাবলগীয়া হোৱা বিষয়টোতো চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ আছে৷ অসমৰ বৰ্ধিত নিবনুৱাৰ সংখ্যাই ভৱিষ্যতে অসমৰ সামাজিক প্ৰেক্ষাপটতো অস্থিৰতাৰ সৃষ্টি কৰাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে