--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বহাগ বিহুত অসমীয়া মানুহে মাহ-হালধিৰে গা ধুৱে। এয়া অসমীয়া সমাজৰ পৰম্পৰা। অসমীয়া মানুহে কিয় মাহ-হালধিৰে গা ধুৱে জানেনে? ইয়াৰ আছে আশ্বৰ্যকৰ উপকাৰিতা। এনেদৰে গা ধুলে ছালৰ বেমাৰৰ পৰা সুৰক্ষা পোৱা যায় বুলি লোক বিশ্বাস আছে। 

বিহুৰ দিনা মাহ-হালধিৰে গা ধুলে বছৰটোত ছালৰ ৰোগ নহয় বুলি বিশ্বাস প্ৰচলিত আছে। এই বিশ্বাসৰ কাৰণে বিহুৰ দিনা অসমীয়া লোকসকলে ছালৰ বেমাৰৰ পৰা হাত সাৰিবলৈ এনেদৰে গা ধুৱে। গৰু বিহুৰ দিনা গৰুৰ গাতো মাহ-হালধি সনা হয়। 

মাহ-হালধিৰ উপকাৰিতা:

ছালৰ বেমাৰৰ পৰা সুৰক্ষা: মাহ-হালধিৰে গা ধুলে ছালৰ বেমাৰৰ পৰা হাত সাৰিব পাৰি বুলি বহুতো লোকে বিশ্বাস কৰে। 

ছালৰ ৰং উজ্জ্বল কৰে: মাহ-হালধি সানিলে গাৰ ৰং উজ্জ্বল হয় বুলিও কোৱা হয়। 

কষ্ট উপশম: হালধিৰ গুড়ি গাখীৰৰ সৈতে মিলাই সানিলে ছালৰ বা অন্য কোনো কষ্টত উপশম পোৱা যায়। 

নিমজ হয়ঃ মাহ-হালধি সানিলে গাৰ ছাল নিমজ হয়। মুখৰ গুটি আদিৰো সমস্যা নহয়।

হালধিৰ উপকাৰিতা 

হালধিৰ আছে যথেষ্ট ঔষধি গুণ৷ আয়ুৰ্বেদতো হালধিৰ উপকাৰিতাৰ বিষয়ে কোৱা হৈছে৷ হালধিত বিভিন্ন ধৰণৰ উপাদান যেনে আইৰণ, কেলছিয়াম, পটেছিয়াম, ক’পাৰ, ভিটামিন- A, B, C, D,ফাইবাৰ, মেংগানিজ, কাৰকুমিন আদি পোৱা যায়৷
হালধি সমগ্ৰ দেহত সানিলে গাৰ ৰং উজ্জ্বল হয় ৷
যদি কোনো আঘাত বা ঘা-ফোঁহাৰ বাবে ছালত গাঁতৰ দৰে হয়, তেন্তে হালধিৰ লেপ লগালে শীঘ্ৰে নতুন ছাল আহে ৷
যদি শৰীৰৰ কোনো অংশত বগা দাগৰ প্ৰাৰম্ভিক লক্ষণ প্ৰকট হয় তেন্তে সেই ঠাইত হালধিৰ তেল মালিচ কৰিব লাগে ৷


মাটিমাহৰ উপকাৰিতা-

মাটিমাহত ভিটামিন Bৰে সমৃদ্ধ গতিকে ই আমাৰ ছালৰ বাবে খুবেই উপকাৰী
মাটিমাহে ছালৰ বিভিন্ন সমস্যা বা ৰোগ নিৰাময় কৰাত সহায় কৰে
মাটিমাহে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে
মাটিমাহৰে গা ধুলে ছালৰ ৰোগ ভাল হয়
মাটিমাহ পিচি ইয়াৰ পেষ্ট তৈয়াৰ কৰি ছালত ঘঁহিলে ছাল উজ্জ্বল হয়
মাটিমাহৰে মুখ ধুলে ছালৰ উজ্জ্বলতা বৃদ্ধি হয়।

গতিকে দেখা যায় যে মাহ-হালধিৰ তাৎপৰ্য অসমীয়া চহা জীৱনত অপৰিহাৰ্য। অসমীয়া চহা জীৱনত বিহুৰ দিনা পুৱা মাহ-হালধিৰে গা ধুলে বছৰটোৰ বাবে ছালৰ ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলি এক লোক বিশ্বাস অতীজৰে পৰা চলি আহিছে আৰু এই বিশ্বাস অদূৰ ভৱিষ্যতেও চলি থাকিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ