--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বহাগ বিহুত অসমীয়া মানুহে মাহ-হালধিৰে গা ধুৱে। এয়া অসমীয়া সমাজৰ পৰম্পৰা। অসমীয়া মানুহে কিয় মাহ-হালধিৰে গা ধুৱে জানেনে? ইয়াৰ আছে আশ্বৰ্যকৰ উপকাৰিতা। এনেদৰে গা ধুলে ছালৰ বেমাৰৰ পৰা সুৰক্ষা পোৱা যায় বুলি লোক বিশ্বাস আছে। 

বিহুৰ দিনা মাহ-হালধিৰে গা ধুলে বছৰটোত ছালৰ ৰোগ নহয় বুলি বিশ্বাস প্ৰচলিত আছে। এই বিশ্বাসৰ কাৰণে বিহুৰ দিনা অসমীয়া লোকসকলে ছালৰ বেমাৰৰ পৰা হাত সাৰিবলৈ এনেদৰে গা ধুৱে। গৰু বিহুৰ দিনা গৰুৰ গাতো মাহ-হালধি সনা হয়। 

মাহ-হালধিৰ উপকাৰিতা:

ছালৰ বেমাৰৰ পৰা সুৰক্ষা: মাহ-হালধিৰে গা ধুলে ছালৰ বেমাৰৰ পৰা হাত সাৰিব পাৰি বুলি বহুতো লোকে বিশ্বাস কৰে। 

ছালৰ ৰং উজ্জ্বল কৰে: মাহ-হালধি সানিলে গাৰ ৰং উজ্জ্বল হয় বুলিও কোৱা হয়। 

কষ্ট উপশম: হালধিৰ গুড়ি গাখীৰৰ সৈতে মিলাই সানিলে ছালৰ বা অন্য কোনো কষ্টত উপশম পোৱা যায়। 

নিমজ হয়ঃ মাহ-হালধি সানিলে গাৰ ছাল নিমজ হয়। মুখৰ গুটি আদিৰো সমস্যা নহয়।

হালধিৰ উপকাৰিতা 

হালধিৰ আছে যথেষ্ট ঔষধি গুণ৷ আয়ুৰ্বেদতো হালধিৰ উপকাৰিতাৰ বিষয়ে কোৱা হৈছে৷ হালধিত বিভিন্ন ধৰণৰ উপাদান যেনে আইৰণ, কেলছিয়াম, পটেছিয়াম, ক’পাৰ, ভিটামিন- A, B, C, D,ফাইবাৰ, মেংগানিজ, কাৰকুমিন আদি পোৱা যায়৷
হালধি সমগ্ৰ দেহত সানিলে গাৰ ৰং উজ্জ্বল হয় ৷
যদি কোনো আঘাত বা ঘা-ফোঁহাৰ বাবে ছালত গাঁতৰ দৰে হয়, তেন্তে হালধিৰ লেপ লগালে শীঘ্ৰে নতুন ছাল আহে ৷
যদি শৰীৰৰ কোনো অংশত বগা দাগৰ প্ৰাৰম্ভিক লক্ষণ প্ৰকট হয় তেন্তে সেই ঠাইত হালধিৰ তেল মালিচ কৰিব লাগে ৷

মাটিমাহৰ উপকাৰিতা-

মাটিমাহত ভিটামিন Bৰে সমৃদ্ধ গতিকে ই আমাৰ ছালৰ বাবে খুবেই উপকাৰী
মাটিমাহে ছালৰ বিভিন্ন সমস্যা বা ৰোগ নিৰাময় কৰাত সহায় কৰে
মাটিমাহে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে
মাটিমাহৰে গা ধুলে ছালৰ ৰোগ ভাল হয়
মাটিমাহ পিচি ইয়াৰ পেষ্ট তৈয়াৰ কৰি ছালত ঘঁহিলে ছাল উজ্জ্বল হয়
মাটিমাহৰে মুখ ধুলে ছালৰ উজ্জ্বলতা বৃদ্ধি হয়।

গতিকে দেখা যায় যে মাহ-হালধিৰ তাৎপৰ্য অসমীয়া চহা জীৱনত অপৰিহাৰ্য। অসমীয়া চহা জীৱনত বিহুৰ দিনা পুৱা মাহ-হালধিৰে গা ধুলে বছৰটোৰ বাবে ছালৰ ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলি এক লোক বিশ্বাস অতীজৰে পৰা চলি আহিছে আৰু এই বিশ্বাস অদূৰ ভৱিষ্যতেও চলি থাকিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ