--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি অসমীয়াৰ হেঁপাহৰ গৰু বিহু৷ চ’ত আৰু ব’হাগৰ সংক্ৰান্তি দিনা পালন কৰা এই গৰুত অসমীয়া মানুহে বহু নিয়ম পালন কৰে। এই বিহুৰ লগত বহুতো পৰম্পৰা জড়িত হৈ আছে। যি পৰম্পৰাই সমৃৃদ্ধিশালী কৰি ৰাখিছে অসমীয়া সমাজখনক। 

গৰু বিহুৰ দিনা অসমীয়া মানুহৰ একাংশই পৰম্পৰাগত খাদ্য হিচাপে আমৰলি পৰুৱাৰ টোপ খায়। আমৰলি পৰুৱাৰ টোপ জনগোষ্ঠীয় খাদ্য হিচাপে জনপ্ৰিয়। উৰুকা বজাৰত ব্যৱসায়ীয়ে চৰা দামতো বিক্ৰী কৰে আমৰলি পৰুৱাৰ টোপ৷

গৰুবিহু দিনা গ্ৰামাঞ্চলৰ বহুতে আমৰলি পৰুৱাৰ বাহৰ সন্ধানত পুৱাই ওলাই য়ায়৷ যিহেতু আমৰলি পৰুৱাই বাহ বান্ধে ওখ গছৰ ডালত৷ সেয়ে ইয়াক সংগ্ৰহ কৰাটোও অত্যন্ত কষ্টকৰ কাম৷ 

লোকবিশ্বাস অনুসৰি গৰু বিহুৰ দিনা আমৰলি পৰুৱা টোপ খালে বছৰটোলৈ নিৰোগী হৈ থাকে৷ উচ্চ প্ৰটিনযুক্ত উৎকৃষ্ট খাদ্য হিচাপে বিবেচিত এই আমৰলি টোপে সু-স্বাস্থ্য অটুট ৰখাত সহায় কৰে৷ 

ধেমাজিৰ তুলসীবাৰী গাঁৱৰ লোকঔষধি চিকিৎসক দেৱকান্ত কোচে কয় যে জনগোষ্ঠীৰ মাজত পৰম্পৰা চলি আহিছে যে আমৰলি পৰুৱা টোপ পাৰি খাব লাগে ৷ইয়াৰ কথাটো হ’ল যে আমাৰ শৰীৰ যিবিলাক Toxin আছে৷ বিভিন্ন ধৰণৰ খাদ্য খাওঁতে দূষিত পদাৰ্থ জমা হ’ব পাৰে। আমৰলি টোপত এবিধ এচিড থাকে৷ সেই এচিডটোৰ কাৰণে এবছৰলৈ ৰোগ মুক্ত হৈ থাকে৷ এই কথাটো জনবিশ্বাসমতে চলি আহিছে আৰু ই বৈজ্ঞানিকভাৱেও সত্য ৷

জনবিশ্বাস অনুসৰি গৰু বিহুৰ দিনা এই আমৰলি পৰুৱাৰ টোপ খালে বছৰটোলৈ মানুহ নিৰোগী হৈ সু-স্বাস্থ্যৰ গৰাকী হ’ব পাৰে ৷ বিভিন্ন বেমাৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা লাভ কৰে৷ বসন্তত আমৰলি টোপ ভক্ষণ কৰিলে বসন্ত ৰোগৰ উপৰি আন বহু ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি৷ তদুপৰি আমৰলি টোপৰ খাদ্যগুণো লেখত ল’বলগীয়া। প্ৰ’টিন, ফাইবাৰ, মেগনেছিয়াম, ক্ল’ৰিণ, ভিটামিন বি, ফেট, ফছফৰাছ, ছ’ডিয়াম, জিংক আদি উপাদানেৰে সমৃদ্ধ আমৰলি পৰুৱাৰ টোপ। 

চ’ত-ব’হাগ মাহত এইবিধ পৰুৱাৰ বাহত যথেষ্ট কণী থাকে৷ এই কণীকে টোপ বুলি কোৱা হয়৷ আমৰলি পৰুৱাৰ টোপ হাঁহ বা কুকুৰাৰ কণী, ৰঙালাওৰ ফুল, কণ বিলাহী আদিৰ সৈতে ভাজি খোৱা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ