--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি অসমীয়াৰ হেঁপাহৰ গৰু বিহু৷ চ’ত আৰু ব’হাগৰ সংক্ৰান্তি দিনা পালন কৰা এই গৰুত অসমীয়া মানুহে বহু নিয়ম পালন কৰে। এই বিহুৰ লগত বহুতো পৰম্পৰা জড়িত হৈ আছে। যি পৰম্পৰাই সমৃৃদ্ধিশালী কৰি ৰাখিছে অসমীয়া সমাজখনক। 

গৰু বিহুৰ দিনা অসমীয়া মানুহৰ একাংশই পৰম্পৰাগত খাদ্য হিচাপে আমৰলি পৰুৱাৰ টোপ খায়। আমৰলি পৰুৱাৰ টোপ জনগোষ্ঠীয় খাদ্য হিচাপে জনপ্ৰিয়। উৰুকা বজাৰত ব্যৱসায়ীয়ে চৰা দামতো বিক্ৰী কৰে আমৰলি পৰুৱাৰ টোপ৷

গৰুবিহু দিনা গ্ৰামাঞ্চলৰ বহুতে আমৰলি পৰুৱাৰ বাহৰ সন্ধানত পুৱাই ওলাই য়ায়৷ যিহেতু আমৰলি পৰুৱাই বাহ বান্ধে ওখ গছৰ ডালত৷ সেয়ে ইয়াক সংগ্ৰহ কৰাটোও অত্যন্ত কষ্টকৰ কাম৷ 

লোকবিশ্বাস অনুসৰি গৰু বিহুৰ দিনা আমৰলি পৰুৱা টোপ খালে বছৰটোলৈ নিৰোগী হৈ থাকে৷ উচ্চ প্ৰটিনযুক্ত উৎকৃষ্ট খাদ্য হিচাপে বিবেচিত এই আমৰলি টোপে সু-স্বাস্থ্য অটুট ৰখাত সহায় কৰে৷ 

ধেমাজিৰ তুলসীবাৰী গাঁৱৰ লোকঔষধি চিকিৎসক দেৱকান্ত কোচে কয় যে জনগোষ্ঠীৰ মাজত পৰম্পৰা চলি আহিছে যে আমৰলি পৰুৱা টোপ পাৰি খাব লাগে ৷ইয়াৰ কথাটো হ’ল যে আমাৰ শৰীৰ যিবিলাক Toxin আছে৷ বিভিন্ন ধৰণৰ খাদ্য খাওঁতে দূষিত পদাৰ্থ জমা হ’ব পাৰে। আমৰলি টোপত এবিধ এচিড থাকে৷ সেই এচিডটোৰ কাৰণে এবছৰলৈ ৰোগ মুক্ত হৈ থাকে৷ এই কথাটো জনবিশ্বাসমতে চলি আহিছে আৰু ই বৈজ্ঞানিকভাৱেও সত্য ৷

জনবিশ্বাস অনুসৰি গৰু বিহুৰ দিনা এই আমৰলি পৰুৱাৰ টোপ খালে বছৰটোলৈ মানুহ নিৰোগী হৈ সু-স্বাস্থ্যৰ গৰাকী হ’ব পাৰে ৷ বিভিন্ন বেমাৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা লাভ কৰে৷ বসন্তত আমৰলি টোপ ভক্ষণ কৰিলে বসন্ত ৰোগৰ উপৰি আন বহু ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি৷ তদুপৰি আমৰলি টোপৰ খাদ্যগুণো লেখত ল’বলগীয়া। প্ৰ’টিন, ফাইবাৰ, মেগনেছিয়াম, ক্ল’ৰিণ, ভিটামিন বি, ফেট, ফছফৰাছ, ছ’ডিয়াম, জিংক আদি উপাদানেৰে সমৃদ্ধ আমৰলি পৰুৱাৰ টোপ। 

চ’ত-ব’হাগ মাহত এইবিধ পৰুৱাৰ বাহত যথেষ্ট কণী থাকে৷ এই কণীকে টোপ বুলি কোৱা হয়৷ আমৰলি পৰুৱাৰ টোপ হাঁহ বা কুকুৰাৰ কণী, ৰঙালাওৰ ফুল, কণ বিলাহী আদিৰ সৈতে ভাজি খোৱা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি