--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী :  অভিযান্ত্ৰিক কিংবদন্তী, ‘মেট্ৰ’ মেন’ হিচাপে প্ৰখ্যাত ই শ্ৰীধৰণে বিজেপিত যোগদানৰ বাবে সাজু হৈছে। কেৰালাৰ নিৰ্বাচনলৈ কেইমাহমানহে থকাৰ সময়ত নিজৰ এই সিন্ধান্তৰ কথা প্ৰকাশ কৰিছে শ্ৰীধৰণে। কেৰালাত দেওবাৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া ‘বিজয় যাত্ৰা’ কাৰ্যসূচীত বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিব ‘মেট্ৰ’ মেন’ শ্ৰীধৰণে। অহা মে’ মাহৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত ৮৮ বছৰীয়া শ্ৰীধৰণে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনাৰ কথাও প্ৰকাশ পাইছে।

আৰু পঢ়িব পাৰিব : ১৬.২৫ কোটি : আইপিএলৰ নিলামত ক্ৰিছ ম’ৰিছৰ চমৎকাৰ

গৃহ চহৰ মাল্লাপুৰমত সংবাদ মাধ্যমৰ সৈতে কথা-বতৰা পতাৰ সময়ত তেওঁ কয়, ‘মই বিজেপিত যোগদানৰ সিদ্ধান্ত লৈছোঁ আৰু ইয়াৰ কেৱল আনুষ্ঠানিকতাহে বাকী আছে।’ তেওঁ লগতে কয় যে, দলটোৱে উত্থাপন কৰা বিষয়সমূহৰ প্ৰতি তেওঁৰ বিশ্বাস আছে আৰু কোনো ৰাজনৈতিক দলকে অন্ধভাৱে বিৰোধ কৰা কাৰ্যৰ তেওঁ বিৰোধিতা কৰে। দলে বিচাৰিলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে সাজু বুলিও প্ৰকাশ কৰে প্ৰখ্যাত অভিযন্তাগৰাকীয়ে। তেওঁ সক্ৰিয় ৰাজনীতিলৈ যোৱাৰ সিদ্ধান্তৰ বিষয়ে প্ৰকাশ কৰি কয়, ‘মই মোৰ সময় আৰু অভিজ্ঞতাক ব্যৱহাৰ কৰি কিছু পৃথক কৰি দেখুওৱাব বিচাৰোঁ।’

আৰু পঢ়িব পাৰিব : তিনিচুকীয়াত দুটা বনৰৌসহ ২ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

উল্লেখ্য যে, তেওঁ দেশৰ সৰ্ববৃহৎ মেট্ৰ’ প্ৰকল্পবোৰৰ নেতৃত্ব বহন কৰিছিল। ২০১১চনত তেওঁ দিল্লী মেট্ৰ’ প্ৰকল্পৰ মুৰব্বী হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। প্ৰখ্যাত অভিযন্তাগৰাকী জয়পুৰ, লক্ষ্ণৌ, কোচি আদিৰ দৰে বৃহৎ মেট্ৰ’ প্ৰকল্পতো জড়িত হৈছিল। ২০০১ চনত তেওঁ পদ্মশ্ৰী আৰু ২০০৮চনত পদ্মভূষণ সন্মান লাভ কৰে। তামিলনাডুৰ ৰামেশ্বৰম আৰু মেইনলেণ্ড সংযোগী ইতিহাসপ্ৰসিদ্ধ পামবান সেতু ঘূৰ্ণীত ক্ষতিগ্ৰস্ত হোৱাৰ পাছত পুনৰ সংযোজিত কৰাৰ জৰিয়তেও তেওঁ চৰ্চালৈ আহিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ