--°C
Loading...
Listen to Article
2 min read
80%

উত্তৰ প্ৰদেশ : দেশৰ ইতিহাসত স্বাধীনতাৰ পাছত প্ৰথমবাৰলৈ ফাঁচি দিয়া হ'ব এগৰাকী মহিলাক৷ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ২০২০ চনৰ জানুৱাৰীত শ্ববনম নামৰ মহিলা অপৰাধীগৰাকীক মৃত্যুদণ্ডৰ দৰে কঠোৰ শাস্তি বিহিছিল। আনহাতে ৰাষ্ট্ৰপতিয়ে তেওঁ ক্ষমাদানৰ বাবে জনোৱা আবেদন অগ্ৰাহ্য কৰে৷ শ্ববনম নামৰ মহিলাগৰাকীয়ে তেওঁৰ প্ৰেমিকৰে মিলি পৰিয়ালৰ সাতজনকৈ সদস্যক হত্যা কৰিছিল৷ উত্তৰ প্ৰদেশ আমৰোহাৰ বাসিন্দা শ্ববনমে ২০০৮ চনৰ এপ্ৰিলত তেওঁৰ প্ৰেমিকৰ সহাযোগত এই জঘন্য হত্যাকাণ্ড সংঘটিত কৰিছিল।

আৰু পঢ়িব পাৰিব : ব্ৰহ্মপুত্ৰত ভোগ প্ৰদান, নাম-প্ৰসংগৰে মাজুলী দলঙৰ ভূমিপূজন

প্ৰেমিক ছালিমৰ সৈতে এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত কৰাৰ পাঁচ দিন পাছত ২০০৮ চনৰ ১৯ এপ্ৰিলত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। গ্ৰেপ্তাৰ কৰাৰ সময়ত সাত সপ্তাহৰ গৰ্ভৱতী আছিল শ্ববনম আৰু ২০০৮ চনৰ ডিচেম্বৰত এটা কেঁচুৱা জন্ম দিছিল অপৰাধী মহিলাগৰাকীয়ে। ইংৰাজী আৰু ভূগোলত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা শ্ববনম আছিল গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক। তেওঁৰ প্ৰেমিক ছালিম হৈছে ৬ষ্ঠ শ্ৰেণীতে শিক্ষা জীৱন সমাপ্ত কৰি শ্ববনমৰ ঘৰৰ বাহিৰত কাঠ ৰখা ইউনিটত কাম কৰা এজন যুৱক। প্ৰকাশ পোৱা তথ্য অনুসৰি শ্ববনমে পৰিয়ালৰ সদস্যসকলক শ্লিপিং টেবলেট মিহলোৱা গাখীৰ খুৱাইছিল।

আনকি কণমানি ভতিজাককো এৰি দিয়া নাছিল নিষ্ঠুৰ শ্ববনমে৷ ৰায়ৰ দিনা, আদালতে ২৯জন সাক্ষীৰ বিবৃতি শুনাৰ পাছত ৰায়দান কৰে। ইতিমধ্যেই তেওঁক ফাঁচি দিয়াৰ প্ৰস্তুতি আৰম্ভ হৈছে। এই দণ্ডাজ্ঞা কাৰ্যকৰী হ’লেই স্বাধীনতাৰ পাছত ফাঁচিৰ শাস্তি লাভ কৰা প্ৰথম মহিলাত পৰিণত হ’ব শ্ববনম।

আৰু পঢ়িব পাৰিব : উন্নাওত চাঞ্চল্য : পথাৰৰ মাজত দুগৰাকী কিশোৰীৰ মৃতদেহ

নিৰ্ভয়া কাণ্ডৰ অভিযুক্তক ফাঁচিকাঠত ওলোমোৱা মীৰাটৰ পৱন জল্লাদে উত্তৰ প্ৰদেশৰ মথুৰাত অৱস্থিত একমাত্ৰ মহিলা ফাঁচিগৃহটো ইতিমধ্যে দুবাৰকৈ পৰ্যবেক্ষণ কৰিছে আৰু যাৱতীয় প্ৰস্তুতিও আৰম্ভ কৰিছে। বিহাৰৰ বক্সাৰৰ পৰা ফাঁচি ৰচীৰ অৰ্ডাৰ দিয়া হৈছে। অৱশ্যে, ফাঁচি দিয়াৰ তাৰিখ এতিয়ালৈ নিৰ্ধাৰণ কৰা হোৱা নাই। শ্ববনমৰ বিৰুদ্ধে মৃত্যু পৰোৱানা জাৰি হোৱাৰ পাছত যথাসম্ভৱ সোনকালে তেওঁক ফাঁচি দিয়া হ’ব বুলি মথুৰা কাৰাগাৰৰ অধীক্ষকে প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ