--°C
Loading...
Listen to Article
2 min read
80%

উত্তৰ প্ৰদেশ : দেশৰ ইতিহাসত স্বাধীনতাৰ পাছত প্ৰথমবাৰলৈ ফাঁচি দিয়া হ'ব এগৰাকী মহিলাক৷ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ২০২০ চনৰ জানুৱাৰীত শ্ববনম নামৰ মহিলা অপৰাধীগৰাকীক মৃত্যুদণ্ডৰ দৰে কঠোৰ শাস্তি বিহিছিল। আনহাতে ৰাষ্ট্ৰপতিয়ে তেওঁ ক্ষমাদানৰ বাবে জনোৱা আবেদন অগ্ৰাহ্য কৰে৷ শ্ববনম নামৰ মহিলাগৰাকীয়ে তেওঁৰ প্ৰেমিকৰে মিলি পৰিয়ালৰ সাতজনকৈ সদস্যক হত্যা কৰিছিল৷ উত্তৰ প্ৰদেশ আমৰোহাৰ বাসিন্দা শ্ববনমে ২০০৮ চনৰ এপ্ৰিলত তেওঁৰ প্ৰেমিকৰ সহাযোগত এই জঘন্য হত্যাকাণ্ড সংঘটিত কৰিছিল।

আৰু পঢ়িব পাৰিব : ব্ৰহ্মপুত্ৰত ভোগ প্ৰদান, নাম-প্ৰসংগৰে মাজুলী দলঙৰ ভূমিপূজন

প্ৰেমিক ছালিমৰ সৈতে এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত কৰাৰ পাঁচ দিন পাছত ২০০৮ চনৰ ১৯ এপ্ৰিলত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। গ্ৰেপ্তাৰ কৰাৰ সময়ত সাত সপ্তাহৰ গৰ্ভৱতী আছিল শ্ববনম আৰু ২০০৮ চনৰ ডিচেম্বৰত এটা কেঁচুৱা জন্ম দিছিল অপৰাধী মহিলাগৰাকীয়ে। ইংৰাজী আৰু ভূগোলত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা শ্ববনম আছিল গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক। তেওঁৰ প্ৰেমিক ছালিম হৈছে ৬ষ্ঠ শ্ৰেণীতে শিক্ষা জীৱন সমাপ্ত কৰি শ্ববনমৰ ঘৰৰ বাহিৰত কাঠ ৰখা ইউনিটত কাম কৰা এজন যুৱক। প্ৰকাশ পোৱা তথ্য অনুসৰি শ্ববনমে পৰিয়ালৰ সদস্যসকলক শ্লিপিং টেবলেট মিহলোৱা গাখীৰ খুৱাইছিল।

আনকি কণমানি ভতিজাককো এৰি দিয়া নাছিল নিষ্ঠুৰ শ্ববনমে৷ ৰায়ৰ দিনা, আদালতে ২৯জন সাক্ষীৰ বিবৃতি শুনাৰ পাছত ৰায়দান কৰে। ইতিমধ্যেই তেওঁক ফাঁচি দিয়াৰ প্ৰস্তুতি আৰম্ভ হৈছে। এই দণ্ডাজ্ঞা কাৰ্যকৰী হ’লেই স্বাধীনতাৰ পাছত ফাঁচিৰ শাস্তি লাভ কৰা প্ৰথম মহিলাত পৰিণত হ’ব শ্ববনম।

আৰু পঢ়িব পাৰিব : উন্নাওত চাঞ্চল্য : পথাৰৰ মাজত দুগৰাকী কিশোৰীৰ মৃতদেহ

নিৰ্ভয়া কাণ্ডৰ অভিযুক্তক ফাঁচিকাঠত ওলোমোৱা মীৰাটৰ পৱন জল্লাদে উত্তৰ প্ৰদেশৰ মথুৰাত অৱস্থিত একমাত্ৰ মহিলা ফাঁচিগৃহটো ইতিমধ্যে দুবাৰকৈ পৰ্যবেক্ষণ কৰিছে আৰু যাৱতীয় প্ৰস্তুতিও আৰম্ভ কৰিছে। বিহাৰৰ বক্সাৰৰ পৰা ফাঁচি ৰচীৰ অৰ্ডাৰ দিয়া হৈছে। অৱশ্যে, ফাঁচি দিয়াৰ তাৰিখ এতিয়ালৈ নিৰ্ধাৰণ কৰা হোৱা নাই। শ্ববনমৰ বিৰুদ্ধে মৃত্যু পৰোৱানা জাৰি হোৱাৰ পাছত যথাসম্ভৱ সোনকালে তেওঁক ফাঁচি দিয়া হ’ব বুলি মথুৰা কাৰাগাৰৰ অধীক্ষকে প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ