--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : এন আৰ আইকে ধৰি নিজ সমষ্টিৰ বাহিৰত থকা লোকসকলক পোষ্টেল বেলটযোগে ভোট দিয়াৰ অধিকাৰ দিয়াৰ বাবে জনোৱা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে আজি কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগৰপৰা এই সন্দৰ্ভত উত্তৰ বিচাৰিছে। দেশৰ মুখ্য ন্যায়াধীশ এছ এ বোবডে নেতৃত্বৰ বিচাৰপীঠখনে এই আবেদন সন্দৰ্ভত উত্তৰ দিয়াৰ বাবে আইন আৰু ন্যায় মন্ত্ৰণালয় আৰু নিৰ্বাচন আয়োগলৈ জাননী জাৰি কৰে।

আৰু পঢ়িব পাৰিব : অধিবক্তাৰ হাতত ঝাড়ু : ৮বছৰে চাফা কৰি আহিছে পথ

বিচাৰপীঠখনে লগতে প্ৰশ্ন কৰে যে, ‘এয়া কিধৰণৰ আবেদন? ইংলেণ্ডত বহি থাকি আপুনি ইয়াত ভোট দিব? আপুনি যদি নিজৰ সমষ্টিলৈ যাবলৈ অপাৰগ তেন্তে আইনে কিয় আপোনাক সহায় কৰা উচিত?’ ন্যায়াধীশ এছ এ বোপান্না আৰু ভি ৰামাসুব্ৰমণিয়মো আছিল এই বিচাৰপীঠখনৰ সদস্য আছিল।

সৰ্বোচ্চ ন্যায়ালয়খনে সংসদ আৰু চৰকাৰৰ ভোটৰ বাবে এটা স্থান নিৰ্দিষ্ট কৰাৰ অধিকাৰ আছে নে নাই সেই বিষয়েও জানিবলৈ বিচাৰে। আবেদনকৰ্তাক প্ৰতিনিধিত্ব কৰা অধিবক্তা কালেশ্বৰম ৰাজে ন্যায়ালয়ক কয় যে, দেশত পোষ্টেল বেলটৰ যি ব্যৱস্থা আছে সেয়া অতি কম সংখ্যক লোকৰ মাজত সীমাবদ্ধ আছে।

আৰু পঢ়িব পাৰিব : বিজেপিলৈ ‘মেট্ৰ’ মেন’ শ্ৰীধৰণ, কেৰালাত বিজেপিৰ ‘বিজয় যাত্ৰা’

এছ সত্যানে দাখিল কৰা এই আবেদনত দেশৰ বাহিৰত বসবাস কৰা লোক অৰ্থাৎ এনআৰআই, নিৰ্বাচনৰ সময়ত সমষ্টিৰ বাহিৰত থকা লোক, শিক্ষাৰ্থী আদিক ভোটৰ অধিকাৰ দিয়াৰ আবেদন জনোৱা হৈছিল। পোষ্টেল বেলটক অধিক সম্প্ৰসাৰিত কৰা বা ইয়াক বৈদ্যুতিক ৰূপত পৰিচালিত কৰাৰ জৰিয়তে সকলো বৈধ ভোটাৰকে সামৰি লোৱাৰ দাবী তোলা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ