--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : এন আৰ আইকে ধৰি নিজ সমষ্টিৰ বাহিৰত থকা লোকসকলক পোষ্টেল বেলটযোগে ভোট দিয়াৰ অধিকাৰ দিয়াৰ বাবে জনোৱা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে আজি কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগৰপৰা এই সন্দৰ্ভত উত্তৰ বিচাৰিছে। দেশৰ মুখ্য ন্যায়াধীশ এছ এ বোবডে নেতৃত্বৰ বিচাৰপীঠখনে এই আবেদন সন্দৰ্ভত উত্তৰ দিয়াৰ বাবে আইন আৰু ন্যায় মন্ত্ৰণালয় আৰু নিৰ্বাচন আয়োগলৈ জাননী জাৰি কৰে।

আৰু পঢ়িব পাৰিব : অধিবক্তাৰ হাতত ঝাড়ু : ৮বছৰে চাফা কৰি আহিছে পথ

বিচাৰপীঠখনে লগতে প্ৰশ্ন কৰে যে, ‘এয়া কিধৰণৰ আবেদন? ইংলেণ্ডত বহি থাকি আপুনি ইয়াত ভোট দিব? আপুনি যদি নিজৰ সমষ্টিলৈ যাবলৈ অপাৰগ তেন্তে আইনে কিয় আপোনাক সহায় কৰা উচিত?’ ন্যায়াধীশ এছ এ বোপান্না আৰু ভি ৰামাসুব্ৰমণিয়মো আছিল এই বিচাৰপীঠখনৰ সদস্য আছিল।

সৰ্বোচ্চ ন্যায়ালয়খনে সংসদ আৰু চৰকাৰৰ ভোটৰ বাবে এটা স্থান নিৰ্দিষ্ট কৰাৰ অধিকাৰ আছে নে নাই সেই বিষয়েও জানিবলৈ বিচাৰে। আবেদনকৰ্তাক প্ৰতিনিধিত্ব কৰা অধিবক্তা কালেশ্বৰম ৰাজে ন্যায়ালয়ক কয় যে, দেশত পোষ্টেল বেলটৰ যি ব্যৱস্থা আছে সেয়া অতি কম সংখ্যক লোকৰ মাজত সীমাবদ্ধ আছে।

আৰু পঢ়িব পাৰিব : বিজেপিলৈ ‘মেট্ৰ’ মেন’ শ্ৰীধৰণ, কেৰালাত বিজেপিৰ ‘বিজয় যাত্ৰা’

এছ সত্যানে দাখিল কৰা এই আবেদনত দেশৰ বাহিৰত বসবাস কৰা লোক অৰ্থাৎ এনআৰআই, নিৰ্বাচনৰ সময়ত সমষ্টিৰ বাহিৰত থকা লোক, শিক্ষাৰ্থী আদিক ভোটৰ অধিকাৰ দিয়াৰ আবেদন জনোৱা হৈছিল। পোষ্টেল বেলটক অধিক সম্প্ৰসাৰিত কৰা বা ইয়াক বৈদ্যুতিক ৰূপত পৰিচালিত কৰাৰ জৰিয়তে সকলো বৈধ ভোটাৰকে সামৰি লোৱাৰ দাবী তোলা হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ