--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহৰ অসচেতন জীৱন যাপনে নিজৰ ব্যক্তিগত জীৱনৰ লগতে পৰিয়াল তথা সমাজক পৰ নিন্দনীয় কৰি তোলাৰ লগতে ঘৰখন ৰোগ-ব্যাধিৰ বাহক হৈ পৰিবলৈ দিছে। বহু সময়ত বিশৃংখল জীৱন-যাপনৰ বাবে অনাকাংক্ষিত পৰিস্থিতিৰ মুখামুয়খি হ’বলগীয়া হয় জনপ্ৰিয় শিল্পীসকল। ইয়াৰ মূলতে সচেতন জীৱন যাপনৰ অভাৱ। বিশ্বায়নৰ যুগত আধুনিক জীৱন যাপনৰ জীয়াই থকাৰ একমাত্ৰ সম্বল কৰি লোৱাৰ সুবাদে নানা অনাকাংক্ষিত খবৰে চুই যায়হি আমাক।শেহতীয়াকৈ, জনপ্ৰিয় পপ তাৰকা তথা কানাডিয়ান শিল্পী জাষ্টিন বাইবাৰৰ খবৰে উদ্বিগ্ন কৰি তুলিছে সকলোকে। 

‘মই আৰু মুখৰ এফালেৰে হাঁহিব নোৱাৰো। এটা ফাল সম্পূৰ্ণ অৱস হৈ পৰিছে '। জনপ্ৰিয় পপ তাৰকা ‘জাষ্টিন বাইবাৰ’য়ে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰি এই দুঃসংবাদ দিছে। ‘ৰামছে হান্ট চিনড্ৰম’ নামৰ এক বিৰল ৰোগত আক্ৰান্ত জনপ্ৰিয় পপ তাৰকাগৰাকী। তেওঁৰ মুখৰ এটা অংশ পেৰালাইছিছ হৈ পৰিছে। টৰণ্টোত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানৰ মাত্ৰ কেইঘণ্টামান আগেয়ে এই বেয়া খবৰটো জনায় পপ তাৰকাগৰাকীয়ে। ২৮ বছৰীয়া পপ তাৰকাগৰাকীয়ে সম্পূৰ্ণ সুস্থ নোহোৱালৈকে সকলো ইভেণ্ট স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে। টৰন্টোৰ উপৰি ৱাশ্বিংটন ডি চিৰ লগতে আন কেইবাখনো ঠাইত তেওঁৰ অনুষ্ঠান বাতিল কৰা হৈছে।

এটা ভিডিঅ’ যোগে মেছেজত জাষ্টিনে কয় যে, ‘এটা চকুৰ পতা নপৰা আপোনালোকে দেখিছে। মুখৰ এফালে মই হাঁহিবও নোৱাৰা হৈছো। নাকৰ এটাফালো কাম কৰা নাই। মুখৰ এফালে পক্ষাঘাত।’  

অনুৰাগীক উদ্দেশ্যি  জাষ্টিন বাইবাৰে কয়, ‘মোৰ শ্ব' বাতিল হোৱাৰ বাবে যিসকল হতাশ হৈছে তেওঁলোকক মই ক'ম, মই একেবাৰেই গান গাব নোৱাৰো, পৰিস্থিতি গুৰুতৰ। আপুনি নিশ্চয় এয়া দেখিবলৈ পাইছে।’

প্ৰিয় তাৰকাগৰাকীৰ আশুআৰোগ্য কামনা কৰিছে অনুৰাগীয়ে। কিন্তু ‘ৰামছে হান্ট চিনড্ৰম’ কি? ই এক স্নায়ুজনিত ৰোগ বুলি জনা যায়। ইয়াৰ ফলত মুখ আৰু কাণৰ স্নায়ুবোৰ ক্ষতিগ্ৰস্ত হয়। আনকি শ্ৰৱণ শক্তিও হ্ৰাস পাব পাৰে বুলি চিকিতসকে সদৰী কৰিছে।

১৯৯৪ চনৰ ১ মাৰ্চত লণ্ডনৰ এন্টাৰিঅ’ত জন্ম হৈছিল জাষ্টিন বাইবাৰৰ। জাষ্টিনৰ মাতৃৰ নাম পেট্ৰিচিয়া আৰু পিতৃৰ নাম জেৰেমি বাইবাৰ। দুয়ো বিবাহ পাশত আবদ্ধ নহ’লেও জাষ্টিনক এটা ভাল জীৱন দিবলৈ তেওঁলোকে সদায় ইজনে সিজনৰ ওচৰত থাকিছিল।

জাষ্টিনে ফৰাচী ভাষাত প্ৰাথমিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰে। এন্টাৰিঅ’ৰ মাইকেল কেথলিক মাধ্যমিক বিদ্যালয়ৰ পৰা জাষ্টিনে স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে। আৰম্ভণিৰে পৰাই জাষ্টিনৰ সংগীতৰ প্ৰতি থকা প্ৰেমৰ বাবে তেওঁ পিয়ানো, ড্ৰাম, গীটাৰ বজাবলৈও শিকিছিল।
গীতৰ প্ৰতি জাষ্টিনৰ অনুৰাগ দেখি অভিভূত হৈ পৰিছিল তেওঁৰ মাতৃ। ১২ বছৰ বয়সত জাষ্টিনে ষ্ট্ৰেটফোৰ্ডত অনুষ্ঠিত এখন স্থানীয় গায়কী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। য’ত জাষ্টিনে আমেৰিকান গায়ক নে-য়ো (Ne-Yo)ৰ ছ’ ছিক So Sick গীতটো গাইছিল। এই প্ৰতিযোগিতাত জাষ্টিনে নিজতকৈ জ্যেষ্ঠ গায়কক পৰাস্ত কৰি দ্বিতীয় স্থান দখল কৰিছিল। তেতিয়াৰ পৰাই জাষ্টিনে ষ্টেজ শ্ব’ কৰিবলৈ আৰম্ভ কৰিলে। যেতিয়াই জাষ্টিনৰ অনুষ্ঠান হৈছিল তেতিয়াই মাতৃয়ে জাষ্টিনৰ অনুষ্ঠান ৰেকৰ্ড কৰি ইউটিউবত শ্বেয়াৰ কৰিছিল। জাষ্টিনৰ গীতবোৰ এতিয়া সমগ্ৰ বিশষ্বতে জনপ্ৰিয়। জাষ্টিনৰ প্ৰথম এলবামৰ মাজতে তেওঁৰ প্ৰথমটো গীত ৱান টাইম ৰেডিঅ’ ষ্টেচনত মুকলি কৰা হয়। এলবামটিৰ মুক্তিৰ এসপ্তাহৰ ভিতৰতে এই গীতটোৱে সকলো অভিলেখ ভংগ কৰি কানাডাৰ শীৰ্ষ ১০০টা গীতৰ ভিতৰত ১২ নম্বৰ স্থান দখল কৰে। কানাডাত এই গীতটোৱে প্লেটিনাম, আৰু অষ্ট্ৰেলিয়াৰ নিউজিলেণ্ডত সোণৰ প্ৰমাণপত্ৰ লাভ কৰিছিল।

বৰ্তমান জাষ্টিনৰ বয়স ২৭ বছৰ। ইমান কম বয়সতে জাষ্টিনে ২টা গ্ৰেমী এৱাৰ্ড, ১৮টা আমেৰিকান মিউজিক এৱাৰ্ড, ২১টা এমটিভি ইউৰোপ মিউজিক এৱাৰ্ড, ২৩টা টিন চয়ছ এৱাৰ্ড, ১টা লেটিন গ্ৰেমী এৱাৰ্ড, আৰু ১৪টা গিনিজ ৱৰ্ল্ড ৰেকৰ্ড লাভ কৰিছে।

জ‌টিল ৰোগত আক্ৰান্ত বাইবাৰে এই ৰোগৰ পৰা সুস্থা হৈ উঠিবলৈ কিমান সময় লাগে সেয়া এতিয়াই ক’ব পৰা হোৱা নাই। চিকিত্‍সকেও এই সম্পৰ্কে কোনো ধৰণৰ মন্তব্য কৰা নাই। তথাপি, বিশ্বৰ প্ৰান্তে প্ৰান্তে সিঁচৰিত হৈ থকা তাৰকাগৰাকীৰ অগণিত গুণমুগ্ধৰ এটাই প্ৰাৰ্থনা, এতি সোনকালে আৰোগ্য হৈ উঠক প্ৰিয় শিল্পীগৰাকী।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ