--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহৰ অসচেতন জীৱন যাপনে নিজৰ ব্যক্তিগত জীৱনৰ লগতে পৰিয়াল তথা সমাজক পৰ নিন্দনীয় কৰি তোলাৰ লগতে ঘৰখন ৰোগ-ব্যাধিৰ বাহক হৈ পৰিবলৈ দিছে। বহু সময়ত বিশৃংখল জীৱন-যাপনৰ বাবে অনাকাংক্ষিত পৰিস্থিতিৰ মুখামুয়খি হ’বলগীয়া হয় জনপ্ৰিয় শিল্পীসকল। ইয়াৰ মূলতে সচেতন জীৱন যাপনৰ অভাৱ। বিশ্বায়নৰ যুগত আধুনিক জীৱন যাপনৰ জীয়াই থকাৰ একমাত্ৰ সম্বল কৰি লোৱাৰ সুবাদে নানা অনাকাংক্ষিত খবৰে চুই যায়হি আমাক।শেহতীয়াকৈ, জনপ্ৰিয় পপ তাৰকা তথা কানাডিয়ান শিল্পী জাষ্টিন বাইবাৰৰ খবৰে উদ্বিগ্ন কৰি তুলিছে সকলোকে। 

‘মই আৰু মুখৰ এফালেৰে হাঁহিব নোৱাৰো। এটা ফাল সম্পূৰ্ণ অৱস হৈ পৰিছে '। জনপ্ৰিয় পপ তাৰকা ‘জাষ্টিন বাইবাৰ’য়ে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰি এই দুঃসংবাদ দিছে। ‘ৰামছে হান্ট চিনড্ৰম’ নামৰ এক বিৰল ৰোগত আক্ৰান্ত জনপ্ৰিয় পপ তাৰকাগৰাকী। তেওঁৰ মুখৰ এটা অংশ পেৰালাইছিছ হৈ পৰিছে। টৰণ্টোত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানৰ মাত্ৰ কেইঘণ্টামান আগেয়ে এই বেয়া খবৰটো জনায় পপ তাৰকাগৰাকীয়ে। ২৮ বছৰীয়া পপ তাৰকাগৰাকীয়ে সম্পূৰ্ণ সুস্থ নোহোৱালৈকে সকলো ইভেণ্ট স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে। টৰন্টোৰ উপৰি ৱাশ্বিংটন ডি চিৰ লগতে আন কেইবাখনো ঠাইত তেওঁৰ অনুষ্ঠান বাতিল কৰা হৈছে।

এটা ভিডিঅ’ যোগে মেছেজত জাষ্টিনে কয় যে, ‘এটা চকুৰ পতা নপৰা আপোনালোকে দেখিছে। মুখৰ এফালে মই হাঁহিবও নোৱাৰা হৈছো। নাকৰ এটাফালো কাম কৰা নাই। মুখৰ এফালে পক্ষাঘাত।’  

অনুৰাগীক উদ্দেশ্যি  জাষ্টিন বাইবাৰে কয়, ‘মোৰ শ্ব' বাতিল হোৱাৰ বাবে যিসকল হতাশ হৈছে তেওঁলোকক মই ক'ম, মই একেবাৰেই গান গাব নোৱাৰো, পৰিস্থিতি গুৰুতৰ। আপুনি নিশ্চয় এয়া দেখিবলৈ পাইছে।’

প্ৰিয় তাৰকাগৰাকীৰ আশুআৰোগ্য কামনা কৰিছে অনুৰাগীয়ে। কিন্তু ‘ৰামছে হান্ট চিনড্ৰম’ কি? ই এক স্নায়ুজনিত ৰোগ বুলি জনা যায়। ইয়াৰ ফলত মুখ আৰু কাণৰ স্নায়ুবোৰ ক্ষতিগ্ৰস্ত হয়। আনকি শ্ৰৱণ শক্তিও হ্ৰাস পাব পাৰে বুলি চিকিতসকে সদৰী কৰিছে।

১৯৯৪ চনৰ ১ মাৰ্চত লণ্ডনৰ এন্টাৰিঅ’ত জন্ম হৈছিল জাষ্টিন বাইবাৰৰ। জাষ্টিনৰ মাতৃৰ নাম পেট্ৰিচিয়া আৰু পিতৃৰ নাম জেৰেমি বাইবাৰ। দুয়ো বিবাহ পাশত আবদ্ধ নহ’লেও জাষ্টিনক এটা ভাল জীৱন দিবলৈ তেওঁলোকে সদায় ইজনে সিজনৰ ওচৰত থাকিছিল।

জাষ্টিনে ফৰাচী ভাষাত প্ৰাথমিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰে। এন্টাৰিঅ’ৰ মাইকেল কেথলিক মাধ্যমিক বিদ্যালয়ৰ পৰা জাষ্টিনে স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে। আৰম্ভণিৰে পৰাই জাষ্টিনৰ সংগীতৰ প্ৰতি থকা প্ৰেমৰ বাবে তেওঁ পিয়ানো, ড্ৰাম, গীটাৰ বজাবলৈও শিকিছিল।
গীতৰ প্ৰতি জাষ্টিনৰ অনুৰাগ দেখি অভিভূত হৈ পৰিছিল তেওঁৰ মাতৃ। ১২ বছৰ বয়সত জাষ্টিনে ষ্ট্ৰেটফোৰ্ডত অনুষ্ঠিত এখন স্থানীয় গায়কী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। য’ত জাষ্টিনে আমেৰিকান গায়ক নে-য়ো (Ne-Yo)ৰ ছ’ ছিক So Sick গীতটো গাইছিল। এই প্ৰতিযোগিতাত জাষ্টিনে নিজতকৈ জ্যেষ্ঠ গায়কক পৰাস্ত কৰি দ্বিতীয় স্থান দখল কৰিছিল। তেতিয়াৰ পৰাই জাষ্টিনে ষ্টেজ শ্ব’ কৰিবলৈ আৰম্ভ কৰিলে। যেতিয়াই জাষ্টিনৰ অনুষ্ঠান হৈছিল তেতিয়াই মাতৃয়ে জাষ্টিনৰ অনুষ্ঠান ৰেকৰ্ড কৰি ইউটিউবত শ্বেয়াৰ কৰিছিল। জাষ্টিনৰ গীতবোৰ এতিয়া সমগ্ৰ বিশষ্বতে জনপ্ৰিয়। জাষ্টিনৰ প্ৰথম এলবামৰ মাজতে তেওঁৰ প্ৰথমটো গীত ৱান টাইম ৰেডিঅ’ ষ্টেচনত মুকলি কৰা হয়। এলবামটিৰ মুক্তিৰ এসপ্তাহৰ ভিতৰতে এই গীতটোৱে সকলো অভিলেখ ভংগ কৰি কানাডাৰ শীৰ্ষ ১০০টা গীতৰ ভিতৰত ১২ নম্বৰ স্থান দখল কৰে। কানাডাত এই গীতটোৱে প্লেটিনাম, আৰু অষ্ট্ৰেলিয়াৰ নিউজিলেণ্ডত সোণৰ প্ৰমাণপত্ৰ লাভ কৰিছিল।

বৰ্তমান জাষ্টিনৰ বয়স ২৭ বছৰ। ইমান কম বয়সতে জাষ্টিনে ২টা গ্ৰেমী এৱাৰ্ড, ১৮টা আমেৰিকান মিউজিক এৱাৰ্ড, ২১টা এমটিভি ইউৰোপ মিউজিক এৱাৰ্ড, ২৩টা টিন চয়ছ এৱাৰ্ড, ১টা লেটিন গ্ৰেমী এৱাৰ্ড, আৰু ১৪টা গিনিজ ৱৰ্ল্ড ৰেকৰ্ড লাভ কৰিছে।

জ‌টিল ৰোগত আক্ৰান্ত বাইবাৰে এই ৰোগৰ পৰা সুস্থা হৈ উঠিবলৈ কিমান সময় লাগে সেয়া এতিয়াই ক’ব পৰা হোৱা নাই। চিকিত্‍সকেও এই সম্পৰ্কে কোনো ধৰণৰ মন্তব্য কৰা নাই। তথাপি, বিশ্বৰ প্ৰান্তে প্ৰান্তে সিঁচৰিত হৈ থকা তাৰকাগৰাকীৰ অগণিত গুণমুগ্ধৰ এটাই প্ৰাৰ্থনা, এতি সোনকালে আৰোগ্য হৈ উঠক প্ৰিয় শিল্পীগৰাকী।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে