--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : বিপদ বৃদ্ধি পাইছে এমাজন প্ৰাইমৰ ‘তাণ্ডৱ’ ৱেব ছিৰিজৰ নিৰ্মাতা তথা কলা-কুশলীৰ। ছিৰিজটোৰ জৰিয়তে ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগত ৰুজু হোৱা একাধিক গোচৰত গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা বিচাৰি উচ্চতম ন্যায়ালৰ কাষ চাপি বিমুখ হৈছে ‘টীম তাণ্ডৱ’। ছিৰিজটোৰ অভিনেতা জেছান আয়ুব, এমাজনৰ ক্ৰিয়েটিভ মুৰব্বী অপৰ্না পুৰোহিত আৰু ছিৰিজটোৰ নিৰ্মাতা হিমাংশু কিষণ মেহৰাই সম্ভাব্য গ্ৰেপ্তাৰত স্থগিতাদেশ জাৰি কৰাৰ আবেদন লৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল যদিও তেওঁলোক বিমুখ হ’বলগীয়া হয়।

আৰু পঢ়িব পাৰিব : ১৮গৰাকী নাৰীক হত্যা, ২১টা গোচৰ, গ্ৰেপ্তাৰ ভয়ংকৰ অপৰাধী

তেওঁলোকে গোচৰ মুম্বাই আদালতলৈ স্থানান্তৰৰ বাবেও আবেদন জনাইছিল। উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ দ্বিতীয়টো আবেদন বিবেচনা কৰিবলৈ সন্মত হয় যদিও গ্ৰেপ্তাৰত আগতীয়া প্ৰতিবন্ধকতা আৰোপ নকৰিলে। ন্যায়াধীশ অশোক ভূষণৰ নেতৃত্বত গঠিত বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰি কয় যে, ‘আপোনাৰ বাক স্বাধীনতা অসীম নহয়। আপুনি কোনো জনগোষ্ঠীৰ অনুভূতিত আঘাত হনা চৰিত্ৰ ৰূপায়ন কৰিব নোৱাৰে।’

আৰু পঢ়িব পাৰিব : দেৰগাঁৱত আৰক্ষীৰ বৰ্বৰতা : মহিলাক অত্যাচাৰ, বৃদ্ধা গুলীবিদ্ধ

ন্যায়াধীশ আৰএছ ৰেড্ডী আৰু এমআৰ শ্বাহো এই বিচাৰপীঠৰ সদস্য আছিল। দেশৰ একাধিক ৰাজ্যত এই ৱেব ছিৰিজৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement