--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বলীউডৰ তাৰকা আয়ুষ্মান খুৰানা৷ খোলা জীপত উঠি উপভোগ কৰিলে কাজিৰঙা মনোমোহা পৰিৱেশ৷ লগত আহিছে জনপ্ৰিয় পৰিচালক অনুভৱ সিনহা৷ কাজিৰঙাৰ মনোমোহা দৃশ্যই মুগ্ধ কৰিলে আয়ুষ্মানক৷ এখন হিন্দী থ্ৰীলাৰ ছবি নিৰ্মাণৰ বাবে অভিনেতাজন উপস্থিত হৈছে কাজিৰঙাত।

আৰু পঢ়িব পাৰিব : পুনৰ দেশলৈ আহিল ৰাফেল, অধিক শক্তিশালী বায়ুসেনা


ইতিমধ্যে কাৰ্বি আংলঙৰ পাহাৰত আৰম্ভ হৈছে ছবিখনৰ দৃশ্যগ্ৰহণ৷ বুধবাৰে অভিনেতাগৰাকীয়ে একাংশ অভিনেতা, কলা-কুশলীসহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিভ্ৰমণ কৰে৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলত প্ৰায় তিনিঘন্টা সময় প্ৰকৃতিৰ মনোৰম দৃশ্য উপভোগ কৰি আপ্লুত হৈ পৰে বলীউডৰ অভিনেতাগৰাকী।

আৰু পঢ়িব পাৰিব : বিছু ডিমাৰ আনন্দৰ মাজতে দুজনক গুলিয়াই হত্যা দুৰ্বৃত্তৰ !


জানিব পৰা মতে, ছবি নিৰ্মাণৰ উদ্দেশ্যেৰে কাজিৰঙাত বাহৰ পাতিছে বলিউডৰ যশস্বী পৰিচালক অনুভৱ সিনহা আৰু জনপ্ৰিয় অভিনেতা আয়ুষ্মান খুৰানাই। পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ পটভূমিক লৈ বলীউডৰ ছবি পৰিচালক অনুভৱ সিনহাই নিৰ্মাণ কৰিব এই চলচ্চিত্ৰখন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ