--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইতিমধ্যে কুইণ্টন ডি ককে বিশ্বকাপৰ পাছত এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত ঘোষণা কৰিছে। দক্ষিণ আফ্ৰিকাৰ উইকেটকীপাৰ বেটছমেনগৰাকীয়ে বিগত বিশ্বকাপত যথেষ্ট ভাল ফৰ্ম প্ৰদৰ্শন কৰিছে। বুধবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে তেওঁ চতুৰ্থ শতক অৰ্জন কৰে। ইয়াৰ উপৰিও এটা নজিৰও স্থাপন কৰা হৈছে।

এইবাৰৰ স’তে দক্ষিণ আফ্ৰিকাই নৱম বিশ্বকাপ খেলিছে। এতিয়ালৈকে সেই দেশৰ কোনো ক্ৰিকেটাৰে বিশ্বকাপত ৫০০ ৰানৰ মাইলৰ খুঁটি স্পৰ্শ কৰিব নোৱাৰিছিল। বুধবাৰে পুনেৰ ২২ গজত ডি ককে সেই নজিৰ গঢ়ি তুলিছিল। বিশ্বকাপত ৫০০ ৰান সংগ্ৰহ কৰা প্ৰথমজন দক্ষিণ আফ্ৰিকান ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়।

বিশ্বকাপৰ প্ৰথম ছয়খন মেচত ডি ককৰ বেটৰ পৰা ৪৩১ ৰান সংগ্ৰহ কৰে। আজিৰ দিনটোত ৬৯ ৰান সংগ্ৰহ কৰোতে তেওঁ এখন বিশ্বকাপত ৫০০ ৰান সংগ্ৰহ কৰাৰ কৃতিত্ব অৰ্জন কৰে।

জেক কালিছৰ অভিলেখক অতিক্ৰম কৰিছে ডি ককে। ২০০৭ চনৰ বিশ্বকাপত তেওঁ ৪৮৫ ৰান সংগ্ৰহ কৰিছিল। সেইটোৱেই আছিল এতিয়ালৈকে বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ এজন ক্ৰিকেটাৰে সৰ্বাধিক ৰান। বুধবাৰে ডি ককে নতুন নজিৰ গঢ়ি তুলিলে।

দক্ষিণ আফ্ৰিকাৰ উইকেটকীপাৰ বেটছমেনগৰাকীয়ে বিশ্বকাপত চাৰিটা বা তাতকৈ অধিক শতক অৰ্জন কৰা তৃতীয়জন বেটছমেন হিচাপেও পৰিগণিত হয়। এই কৃতিত্ব এতিয়ালৈকে কেৱল ৰোহিত শৰ্মা আৰু কুমাৰ সাংগককাৰৰ হাতত আছিল।

নিউজিলেণ্ডৰ বিৰুদ্ধে ডি ককে ১১৬টা বলত ১১৪ ৰানৰ ইনিংছ খেলিছিল। ১০টা চাৰি আৰু ৩টা ছয় মাৰিব। বিশ্বকাপত এতিয়ালৈকে ৭খন মেচত ৫৩৮ ৰান সংগ্ৰহ কৰে। গড় ৮৯.৬৬। এই প্ৰতিযোগিতাত তেওঁ সৰ্বাধিক ৰান সংগ্ৰহকাৰী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ