--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত পাকিস্তানৰ হৈ অভিলেখ গঢ়িলে শ্বাহীন শ্বাহ আফ্ৰিদীয়ে। বাংলাদেশৰ বিৰুদ্ধে ৩টা উইকেট দখল কৰি শহুৰেক শ্বাহিদ আফ্ৰিদিক চেৰ পেলায়। তাৰ সমান্তৰালকৈ পাকিস্তানৰ আন এজন প্ৰাক্তন ক্ৰিকেটাৰ শ্বোৱেইব আখতাৰকো অভাৰটেক কৰিছে শ্বাহীনে।

বাংলাদেশৰ তাঞ্জিদ হাছান, নাজমুল হোছেইন শান্তো আৰু মাহমুদুল্লাক বৰ্খাস্ত কৰে শ্বাহিনে। ফলত চলিত বিশ্বকাপত ৭খন মেচত ১৬টা উইকেট লাভ কৰিছে। এই প্ৰতিযোগিতাত তেওঁ উইকেটৰ তালিকাত শীৰ্ষস্থান দখল কৰে।

বিশ্বকাপত পাকিস্তানৰ হৈ এতিয়ালৈকে শ্বহীনে ৩২টা উইকেট দখল কৰিছে। শহুৰেক আফ্ৰিদিৰ উইকেটৰ সংখ্যা আছিল ৩০। বিশ্বকাপত পাকিস্তানৰ হৈ আখতাৰেও ৩০টা উইকেট দখল কৰিছিল। মঙলবাৰে দুয়োকে পৰাস্ত কৰে শ্বাহীনে।

বিশ্বকাপত পাকিস্তানৰ উইকেটৰ তালিকাত এতিয়া চতুৰ্থ স্থানত আছে শ্বাহীন। তালিকাৰ শীৰ্ষত আছে ৱাছিম ​​আক্ৰাম। পাকিস্তানৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে বিশ্বকাপত ৫৫টা উইকেট দখল কৰিছে। দ্বিতীয় স্থানত আছে ৱাহাব ৰিয়াজৰ ৩৫টা উইকেট। তৃতীয় স্থানত আছে ইমৰাণ খান। পাকিস্তানৰ একমাত্ৰ বিশ্বকাপ বিজয়ী অধিনায়কগৰাকীয়ে ৩৪টা উইকেট দখল কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ