--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বিশ্বকাপত বাংলাদেশৰ ধাৰাবাহিকভাৱে সফল বেটছমেন তেওঁ। সেই মাহমুদুল্লাই বিশ্বকাপৰ মাজত অৱসৰৰ ইংগিত দিছে। বিশ্বকাপত দলৰ হৈ সুন্দৰ প্ৰদৰ্শন কৰিছে ৩৭ বছৰীয়া মাহমুদুল্লাই। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শতকো অৰ্জন কৰে।

ফৰ্মত থাকি ক্ৰিকেটক বিদায় দিয়াৰ সিদ্ধান্ত লৈছে মাহমুদুল্লাই। বিশ্বকাপৰ মাজতে অৱসৰৰ কথা কৈছে ছাকিব আল হাছানৰ দলৰ প্ৰবীণ বেটছমেনগৰাকীয়ে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদক দিয়া এক সাক্ষাৎকাৰত মাহমুদুল্লাই কয়- ''২০০৭ চনত মোৰ অভিষেক। বহুদিন ধৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলি আহিছো। মোৰ ভাগ্য ভাল আছিল যে বিশ্বকাপত দুটামান শতক অৰ্জন কৰিবলৈ সক্ষম হৈছিলো।’’

তেওঁ কয়- ক্ৰিকেট এনেকুৱা খেল যিয়ে সদায় আচৰিত কৰি তোলে। এইবাৰ বিশ্বকাপ খেলিবলৈ বহুত কষ্ট কৰিলোঁ। সুযোগৰ বাবে ভগৱানক ধন্যবাদ জনাইছো। মই সদায় দেশৰ বাবে যৎপৰোনাস্তি দিবলৈ চেষ্টা কৰো।’’

১৬ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰৰ অন্তত মাহমুদুল্লাই দাড়ি টানিবলৈ চিন্তা কৰিছে। অৱশ্যে কেতিয়া অৱসৰ ল’ব সেই কথা তেওঁ কোৱা নাই। ৩৭ বছৰীয়া বেটছমেনগৰাকীয়ে কয়, ''সঁচা কথা ক’বলৈ গ’লে মোৰ শেষৰটো বিশ্বকাপ খেলিছো। মই কিমান দিন বাংলাদেশৰ হৈ খেলিম সেয়া নিৰ্ভৰ কৰিব মই কিমান ফিট হ’ব পাৰো আৰু কেনেকৈ প্ৰদৰ্শন কৰিব পাৰো তাৰ ওপৰত। হয়তো কেইদিনমানৰ পিছত বা অতি সোনকালে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লম।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ