--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বিশ্বকাপত বাংলাদেশৰ ধাৰাবাহিকভাৱে সফল বেটছমেন তেওঁ। সেই মাহমুদুল্লাই বিশ্বকাপৰ মাজত অৱসৰৰ ইংগিত দিছে। বিশ্বকাপত দলৰ হৈ সুন্দৰ প্ৰদৰ্শন কৰিছে ৩৭ বছৰীয়া মাহমুদুল্লাই। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শতকো অৰ্জন কৰে।

ফৰ্মত থাকি ক্ৰিকেটক বিদায় দিয়াৰ সিদ্ধান্ত লৈছে মাহমুদুল্লাই। বিশ্বকাপৰ মাজতে অৱসৰৰ কথা কৈছে ছাকিব আল হাছানৰ দলৰ প্ৰবীণ বেটছমেনগৰাকীয়ে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদক দিয়া এক সাক্ষাৎকাৰত মাহমুদুল্লাই কয়- ''২০০৭ চনত মোৰ অভিষেক। বহুদিন ধৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলি আহিছো। মোৰ ভাগ্য ভাল আছিল যে বিশ্বকাপত দুটামান শতক অৰ্জন কৰিবলৈ সক্ষম হৈছিলো।’’

তেওঁ কয়- ক্ৰিকেট এনেকুৱা খেল যিয়ে সদায় আচৰিত কৰি তোলে। এইবাৰ বিশ্বকাপ খেলিবলৈ বহুত কষ্ট কৰিলোঁ। সুযোগৰ বাবে ভগৱানক ধন্যবাদ জনাইছো। মই সদায় দেশৰ বাবে যৎপৰোনাস্তি দিবলৈ চেষ্টা কৰো।’’

১৬ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰৰ অন্তত মাহমুদুল্লাই দাড়ি টানিবলৈ চিন্তা কৰিছে। অৱশ্যে কেতিয়া অৱসৰ ল’ব সেই কথা তেওঁ কোৱা নাই। ৩৭ বছৰীয়া বেটছমেনগৰাকীয়ে কয়, ''সঁচা কথা ক’বলৈ গ’লে মোৰ শেষৰটো বিশ্বকাপ খেলিছো। মই কিমান দিন বাংলাদেশৰ হৈ খেলিম সেয়া নিৰ্ভৰ কৰিব মই কিমান ফিট হ’ব পাৰো আৰু কেনেকৈ প্ৰদৰ্শন কৰিব পাৰো তাৰ ওপৰত। হয়তো কেইদিনমানৰ পিছত বা অতি সোনকালে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লম।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ