--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত বিৰাট কোহলীক চিনাকি ৰূপত দেখা গৈছে। প্ৰতিখন মেচতে ৰান পাইছে। কিন্তু তেওঁ কোনো অভিলেখ খেদিব নিবিচাৰে। ক্ৰিকেটাৰ হিচাপে প্ৰতিদিনে নিজকে উন্নত কৰি যাব বিচাৰে কোহলীয়ে।

শেহতীয়াকৈ সাংবাদিকৰ আগত ভাৰতীয় প্রাক্তন অধিনায়ক কোহলীয়ে কয়- ''মই সদায় নিজৰ উন্নতিৰ বাবে চেষ্টা কৰো। প্ৰতিটো অনুশীলনত সেই লক্ষ্যৰে কঠোৰ পৰিশ্ৰম কৰো। প্ৰতি বছৰে মই আগৰ বছৰতকৈ ভাল খেলিব বিচাৰো। সেইটোৱেই মোক দীৰ্ঘদিন ধৰি খেলা আৰু পৰিবেশন কৰাত সহায় কৰে।''

তেওঁৰ মতে- ''ধাৰাবাহিকভাৱে ভাল খেলিবলৈ এই মানসিকতা প্ৰয়োজনীয়।’’ কোহলীয়ে কয়- ''যদি আপোনাৰ এই মানসিকতা নাথাকে তেন্তে ধাৰাবাহিকভাৱে প্ৰদৰ্শন কৰিব নোৱাৰিব।’’

ক্ৰিকেট দৰ্শনৰ সন্দৰ্ভত কোহলীয়ে কয়, ‘কেতিয়াও পাৰদৰ্শিতা দেখুৱাব বিচৰা নাছিলো। উন্নতিৰ লক্ষ্যৰে আগবাঢ়ি যাব বিচাৰো। কাৰণ মই নাজানো উৎকৃষ্টতাৰ সংজ্ঞা কি। ইয়াৰ কোনো সীমা নাই। কোনো নিৰ্দিষ্ট মাপকাঠী নাই। গতিকে প্ৰতিদিনে উন্নতি কৰিবলৈ চেষ্টা কৰো। যাতে মই ভালকৈ খেলিব পাৰো। আচল লক্ষ্য দলটোক জয় কৰা। ব্যক্তিগত প্ৰদৰ্শন তাত এটা অতিৰিক্ত বোনাছ।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
SIT জেৰাৰ অন্তত প্ৰথমবাৰৰ বাবে মুখ খুলিলে অসম অসম এছʼচিয়েচনৰ সম্পাদক দেৱজ্যোতি হাজৰিকাই
সকলোৱে লিখিছে #JusticeForZubeenGarg ; সামাজিক মাধ্যমত হেচটেগ ব্যৱহাৰৰ গুৰুত্ব কি?
আজিৰে পৰা আমেৰিকালৈ পুনৰ ডাক সেৱা আৰম্ভ ভাৰতৰ
প্রতি দহ গ্রাম সোণৰ দাম ১,২৪,১৫৫ টকালৈ বৃদ্ধি
গৰৈমাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড! কলেজীয়া ছাত্ৰীক হত্যা কৰিলে প্ৰেমিকে
তেজপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড; কুঠাৰেৰে ঘপিয়াই হত্যা কৰে মহিলাক
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
তিনিচুকীয়াৰ বালিজানত মৰাণ লোকসকলক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ