--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিভাৰপুল তথা কলম্বিয়াৰ ফুটবল তাৰকা লুইছ ডায়েজৰ পিতৃ-মাতৃক অপহৰণৰ বলি হয়। কলম্বিয়াৰ আৰক্ষীৰ সূত্ৰ অনুসৰি লুইছৰ মাতৃক উদ্ধাৰ কৰা হৈছে যদিও পিতৃক এতিয়াও বিচাৰি আছে। আৰক্ষী আৰু সামৰিক বাহিনীয়ে একত্ৰিত হৈ ৰহস্য সমাধান কৰে। ফুটবলাৰজন এই ঘটনাক লৈ যথেষ্ট চিন্তিত হৈ পৰিছে। ডায়েছে খেলত মনোনিৱেশো কৰিব পৰা নাই।

কলম্বিয়াত ধনী লোকক অপহৰণ কৰাটো নতুন পৰিঘটনা নহয়। কিন্তু বহু লোকে মনত পেলাব পৰা নাই যে দেশখনৰ ফুটবলাৰৰ পিতৃ-মাতৃক অপহৰণ কৰাৰ ঘটনা আগতে সংঘটিত হৈছে নে নাই। ডায়েছৰ পিতৃ-মাতৃয়ে গাড়ীখন মেৰামতি কৰিবলৈ এটা চাৰ্ভিচ ষ্টেচনলৈ গৈছিল। মটৰবাইকত উঠি তালৈ আহি এদল দুস্কৃতিকাৰীয়ে অপহৰণ কৰি লৈ যায়। দিনৰ পোহৰত এই ঘটনা সংঘটিত হ’লেও কোনেও ৰোধ কৰিব পৰা নাছিল।

কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰ’ই কয় যে ডায়েছৰ মাতৃ ক্লিয়ানেছ মাৰুলাণ্ডাক কলম্বিয়াৰ উত্তৰ অংশৰ বাৰাংকাছ অঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছে। পেট্ৰ’ই লগতে কয় যে অপহৰণৰ খবৰ পোহৰলৈ অহাৰ লগে লগে আৰক্ষী আৰু সামৰিক বাহিনীক যৌথভাৱে ডায়েছৰ পিতৃ মেনুৱেল ডায়েছৰ সন্ধানত নিয়োগ কৰা হয়। প্ৰয়োজন হ’লে চোৰাংচোৱা বিভাগৰ বিষয়াকো নমাই অনা হ’ব।

এতিয়াৰ বাবে স্থানীয় আৰক্ষীয়ে বিভিন্ন স্থানত চেকপইণ্ট স্থাপন কৰিছে। সকলো ধৰণৰ মটৰবাইক, ব্যক্তিগত আৰু বাণিজ্যিক বাহনৰ তালাচী চলোৱা হৈছে। এই বিষয়ত এতিয়াও ডায়েছে নিজেও মুখ মেলিব পৰা নাই। কিন্তু লিভাৰপুলৰ এক বিবৃতি অনুসৰি তেওঁলোকে ডায়েছৰ কাষত থিয় দিছে।

উল্লেখ্য যে কলম্বিয়াৰ হৈ ডায়েছে ৪৩খন মেচ খেলিছে। যোৱা বছৰ পৰ্টোৰ পৰা লিভাৰপুলত যোগদান কৰিছিল। এই ছিজনত ১১খন মেচত ৩টা গ’ল দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ