--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিভাৰপুল তথা কলম্বিয়াৰ ফুটবল তাৰকা লুইছ ডায়েজৰ পিতৃ-মাতৃক অপহৰণৰ বলি হয়। কলম্বিয়াৰ আৰক্ষীৰ সূত্ৰ অনুসৰি লুইছৰ মাতৃক উদ্ধাৰ কৰা হৈছে যদিও পিতৃক এতিয়াও বিচাৰি আছে। আৰক্ষী আৰু সামৰিক বাহিনীয়ে একত্ৰিত হৈ ৰহস্য সমাধান কৰে। ফুটবলাৰজন এই ঘটনাক লৈ যথেষ্ট চিন্তিত হৈ পৰিছে। ডায়েছে খেলত মনোনিৱেশো কৰিব পৰা নাই।

কলম্বিয়াত ধনী লোকক অপহৰণ কৰাটো নতুন পৰিঘটনা নহয়। কিন্তু বহু লোকে মনত পেলাব পৰা নাই যে দেশখনৰ ফুটবলাৰৰ পিতৃ-মাতৃক অপহৰণ কৰাৰ ঘটনা আগতে সংঘটিত হৈছে নে নাই। ডায়েছৰ পিতৃ-মাতৃয়ে গাড়ীখন মেৰামতি কৰিবলৈ এটা চাৰ্ভিচ ষ্টেচনলৈ গৈছিল। মটৰবাইকত উঠি তালৈ আহি এদল দুস্কৃতিকাৰীয়ে অপহৰণ কৰি লৈ যায়। দিনৰ পোহৰত এই ঘটনা সংঘটিত হ’লেও কোনেও ৰোধ কৰিব পৰা নাছিল।

কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰ’ই কয় যে ডায়েছৰ মাতৃ ক্লিয়ানেছ মাৰুলাণ্ডাক কলম্বিয়াৰ উত্তৰ অংশৰ বাৰাংকাছ অঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছে। পেট্ৰ’ই লগতে কয় যে অপহৰণৰ খবৰ পোহৰলৈ অহাৰ লগে লগে আৰক্ষী আৰু সামৰিক বাহিনীক যৌথভাৱে ডায়েছৰ পিতৃ মেনুৱেল ডায়েছৰ সন্ধানত নিয়োগ কৰা হয়। প্ৰয়োজন হ’লে চোৰাংচোৱা বিভাগৰ বিষয়াকো নমাই অনা হ’ব।

এতিয়াৰ বাবে স্থানীয় আৰক্ষীয়ে বিভিন্ন স্থানত চেকপইণ্ট স্থাপন কৰিছে। সকলো ধৰণৰ মটৰবাইক, ব্যক্তিগত আৰু বাণিজ্যিক বাহনৰ তালাচী চলোৱা হৈছে। এই বিষয়ত এতিয়াও ডায়েছে নিজেও মুখ মেলিব পৰা নাই। কিন্তু লিভাৰপুলৰ এক বিবৃতি অনুসৰি তেওঁলোকে ডায়েছৰ কাষত থিয় দিছে।

উল্লেখ্য যে কলম্বিয়াৰ হৈ ডায়েছে ৪৩খন মেচ খেলিছে। যোৱা বছৰ পৰ্টোৰ পৰা লিভাৰপুলত যোগদান কৰিছিল। এই ছিজনত ১১খন মেচত ৩টা গ’ল দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ