--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমটো বলতে উইকেট ল’লে যশপ্ৰীত বুমৰাহ। চলিত বিশ্বকাপত দূৰ্দান্ত প্ৰদৰ্শন অব্যাহত ৰাখিছে বেগী বলাৰগৰাকীয়ে। ভাৰতক বিজয়ী কৰোৱাতো গুৰুত্বপূৰ্ণ ভুমিকা লৈছে তেওঁ।

বুমৰাহে আঘাতৰ পৰা সুস্থ হৈ পুনৰ দলত যোগদান কৰিছে। প্ৰায় এবছৰ ধৰি বাহিৰত আছিল। এছিয়া কাপৰ পূৰ্বে আঘাতৰ পৰা সুস্থ হৈ উঠা বুমৰাহ দললৈ উভতি আহিছিল। যোৱা বছৰ তেওঁ টি-২০ বিশ্বকাপৰ দৰে ডাঙৰ প্ৰতিযোগিতাত আঘাতৰ বাবে খেলিব পৰা নাছিল। সেয়ে বহুতৰ মনত তেওঁৰ কেৰিয়াৰক লৈ শংকা জন্মিছিল।

বুমৰাহে কয়, ‘মোৰ পত্নী (সঞ্জনা গণেশন)ও ক্ৰীড়া সংবাদ মাধ্যমৰ সৈতে জড়িত। গতিকে মোৰ কেৰিয়াৰক লৈ কিমান প্ৰশ্ন উত্থাপন হৈছিল মই জানো। পাৰ হৈ যোৱা সময় ঘূৰি নাহে। কিন্তু সেইটোত মই নিৰাশ হোৱা নাই। এতিয়া মই সুখী। আঘাতৰ পৰা সুস্থ হোৱাৰ পিছত পুনৰ খেলিব পাৰিম।’’

তেওঁ কয়- ''মই বুজি পাওঁ এই খেলখন মই কিমান ভাল পাওঁ। মই খৰখেদা কৰিবলৈ ইচ্ছুক নাছিলোঁ। আঘাতৰ পৰা উভতি আহি খেল উপভোগ কৰিব বিচাৰিছিলো। মই ইতিবাচক মানসিকতা ৰাখিব বিচাৰিছিলো।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ