--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক সুখৰ মুহুৰ্ত হঠাতে পৰিণত হ'ল বিষাদত। এগৰাকী কইনাক বিয়াৰ দিনাই গুলীয়াই হত্যা কৰিলে এজন যুৱকে। উত্তৰ প্ৰদেশৰ (Uttar Pradesh) মথুৰাত সংঘটিত হৈছে এই কৰুণ ঘটনা। কোঠাটোত বহি থকা কইনা এগৰাকীক এজন যুৱকে গুলীয়াই হত্যা কৰাৰ পাছত বিবাহৰ আনন্দ শোকত পৰিণত হয়। এই জঘন্য অপৰাধ সংঘটিত কৰি অভিযুক্তজন ঘটনাস্থলীৰ পৰা লগালগ পলাই যায়। 

গুলীৰ আঘাতত কইনাগৰাকীৰ ঘটনাস্থলীতে মৃত্যু হয়। জানিব পৰা মতে একপক্ষীয় প্ৰেমত থকা এজন যুৱকে এই চাঞ্চল্যকৰ কাৰ্য সংঘটিত কৰিছে। বৰ্তমান আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে আৰু অভিযুক্তজনক বিচাৰিবলৈ আৰম্ভ কৰিছে। ঘটনাটো নৌহঝিল আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত মুবাৰকপুৰ গাঁৱত সংঘটিত হৈছিল। প্ৰাপ্ত বাতৰি অনুসৰি খুবিৰামৰ জীয়ৰী কাজলৰ বিয়া নয়ডাৰ এজন যুৱকৰ সৈতে ঠিক কৰা হৈছিল। বৃহস্পতিবাৰে এই বিয়া ধুমধামেৰে চলি আছিল। দৰাঘৰীয়া কইনাগৃহত আহি উপস্থিত হৈছিলহি। 

কইনাৰ পক্ষৰ মানুহে দৰাঘৰীয়াক বেচ আড়ম্বৰপূৰ্ণভাৱে আদৰণি জনাইছিল। ইয়াৰ পাছত বিবাহ আৰু বৰমালাৰ ৰীতি-নীতি সম্পন্ন কৰা হৈছিল। অলপ পাছত কইনাৰ বান্ধৱী আৰু ঘৰৰ মহিলাসকলে কইনাগৰাকীক তেওঁৰ কোঠালৈ লৈ গৈছিল। কোঠাটোত কইনা কাজলে মণ্ডপত সাত ফেৰে ল'বলৈ অপেক্ষা কৰি আছিল।  সেই সময়তে গাওঁখনৰ এজন ল'ৰা কোঠাটোত উপস্থিত হৈছিল। 

যুৱকজনে কইনা কাজলক গুলীয়াইছিল। গুলীটো কাজলৰ চকুত লাগিছিল, যাৰ ফলত তেওঁ আঘাতপ্ৰাপ্ত হৈ ঘটনাস্থলীতে মৃত্যুবৰণ কৰিছিল।কইনাগৰাকীৰ হত্যাই বিবাহ অনুষ্ঠানত আতংকৰ সৃষ্টি কৰিছিল। ইয়াৰ মাজতে অভিযুক্তজন পলাই যায়। তথ্য পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিল। পৰিয়ালৰ সদস্যসকলে দিয়া অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰি অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। গোচৰটোৰ বৰ্তমান জোৰদাৰ তদন্ত চলি আছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি