--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন বিয়াই এতিয়া সকলো লোকৰে দৃষ্টি আকৰ্ষণ কৰিছে। অৱশ্যে চৰ্চা নোহোৱাৰো কাৰণ নোহোৱা নহয়। সাধাৰণতে বৰ যাত্ৰীক লৈ কইনাঘৰীয়া খুব উৎসাহী হৈ থাকে, কিন্তু তেনে অৱস্থাত যদি দৰা আৰু তেওঁৰ বন্ধুবৰ্গই সুৰাপান কৰি কইনাৰ ঘৰত প্ৰবেশ কৰে, তেনেহলে কেনেকুৱা এটা পৰিস্থিতি সৃষ্টি হব আপুনি কল্পনা কৰক। ঠিক তেনেকুৱা এটা ঘটনাই সংঘটিত হৈছে। আবেলি ৪ বজাৰ পৰিৱৰ্তে সন্ধিয়া ৮ বজাত বিয়াৰ মণ্ডপলৈ অহা দৰাঘৰীয়াক ভালকৈয়ে এশিকনি দিলে কইনাঘৰীয়াই।

বিয়াঘৰত তেওঁলোক সঠিক সময়ত  উপস্থিত হ'ব নোৱাৰিলে। লগ্ন পাৰ হোৱাৰ পাছত, দৰা  সুৰাপান কৰি কইনা ঘৰত উপস্থিত হৈছিল আৰু কইনাৰ কাষত কাজিয়া আৰু হাতাহাতিত লিপ্ত হৈছিল। এইটো দেখি ছোৱালীজনীৰ দেউতাকে মণ্ডপত উপস্থিত থকা এজন আত্মীয়ৰ লোকৰ সৈতে বিবাহ পাশত আৱদ্ধ কৰোৱায়। ঘটনাটো মহাৰাষ্ট্ৰৰ বুলধানা জিলাৰ মালকাপুৰ পাংৰা গাঁৱত সংঘটিত হৈছিল।

খবৰ অনুসৰি বিবাহৰ তাৰিখ আছিল ২২ এপ্ৰিল।  আবেলি ৪ বজাত দৰা কইনা ঘৰত দৰা উপস্থিত হোৱা কথা আছিল যদিও কইনা সময়মতে বিয়াৰ মণ্ডপত উপস্থিত হৈছিল, কিন্তু দৰাক নিশা ৮ বজালৈকে দেখা পোৱা নগ'ল। দৰা আৰু তেওঁৰ বন্ধুবৰ্গ মাতাল হৈ থকাৰ বাবে সঠিক সময়ত বিবাহ মণ্ডপত উপস্থিত হ'ব নোৱাৰিলে। ইনাৰ মাতৃয়ে কৈছিল যে দৰা আৰু তেওঁৰ বন্ধুবৰ্গ সুৰাপান কৰিছিল আৰু আবেলি ৪ বজাৰ পৰিৱৰ্তে সন্ধিয়া ৮ বজাত মণ্ডপলৈ আহিছিল আৰু কাজিয়া আৰম্ভ কৰিছিল আৰু এইটো দেখি, কইনাৰ ধৈৰ্য্য ভংগ হৈছিল। যেতিয়া দৰা মণ্ডপলৈ আহিছিল, কইনাৰ দেউতাকে ছোৱালীজনীক দৰাৰ সৈতে বিয়া দিবলৈ অস্বীকাৰ কৰে। দৰাৰ পৰিৱৰ্তে, তেওঁলোকৰ বিবাহ অনুষ্ঠানত উপস্থিত থকা আন এজন আত্মীয়ৰ সৈতে কথা পাতিছিল আৰু তেওঁৰ ছোৱালী গৰকীক  বিয়া কৰাই দিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ