--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন বিয়াই এতিয়া সকলো লোকৰে দৃষ্টি আকৰ্ষণ কৰিছে। অৱশ্যে চৰ্চা নোহোৱাৰো কাৰণ নোহোৱা নহয়। সাধাৰণতে বৰ যাত্ৰীক লৈ কইনাঘৰীয়া খুব উৎসাহী হৈ থাকে, কিন্তু তেনে অৱস্থাত যদি দৰা আৰু তেওঁৰ বন্ধুবৰ্গই সুৰাপান কৰি কইনাৰ ঘৰত প্ৰবেশ কৰে, তেনেহলে কেনেকুৱা এটা পৰিস্থিতি সৃষ্টি হব আপুনি কল্পনা কৰক। ঠিক তেনেকুৱা এটা ঘটনাই সংঘটিত হৈছে। আবেলি ৪ বজাৰ পৰিৱৰ্তে সন্ধিয়া ৮ বজাত বিয়াৰ মণ্ডপলৈ অহা দৰাঘৰীয়াক ভালকৈয়ে এশিকনি দিলে কইনাঘৰীয়াই।

বিয়াঘৰত তেওঁলোক সঠিক সময়ত  উপস্থিত হ'ব নোৱাৰিলে। লগ্ন পাৰ হোৱাৰ পাছত, দৰা  সুৰাপান কৰি কইনা ঘৰত উপস্থিত হৈছিল আৰু কইনাৰ কাষত কাজিয়া আৰু হাতাহাতিত লিপ্ত হৈছিল। এইটো দেখি ছোৱালীজনীৰ দেউতাকে মণ্ডপত উপস্থিত থকা এজন আত্মীয়ৰ লোকৰ সৈতে বিবাহ পাশত আৱদ্ধ কৰোৱায়। ঘটনাটো মহাৰাষ্ট্ৰৰ বুলধানা জিলাৰ মালকাপুৰ পাংৰা গাঁৱত সংঘটিত হৈছিল।

খবৰ অনুসৰি বিবাহৰ তাৰিখ আছিল ২২ এপ্ৰিল।  আবেলি ৪ বজাত দৰা কইনা ঘৰত দৰা উপস্থিত হোৱা কথা আছিল যদিও কইনা সময়মতে বিয়াৰ মণ্ডপত উপস্থিত হৈছিল, কিন্তু দৰাক নিশা ৮ বজালৈকে দেখা পোৱা নগ'ল। দৰা আৰু তেওঁৰ বন্ধুবৰ্গ মাতাল হৈ থকাৰ বাবে সঠিক সময়ত বিবাহ মণ্ডপত উপস্থিত হ'ব নোৱাৰিলে। ইনাৰ মাতৃয়ে কৈছিল যে দৰা আৰু তেওঁৰ বন্ধুবৰ্গ সুৰাপান কৰিছিল আৰু আবেলি ৪ বজাৰ পৰিৱৰ্তে সন্ধিয়া ৮ বজাত মণ্ডপলৈ আহিছিল আৰু কাজিয়া আৰম্ভ কৰিছিল আৰু এইটো দেখি, কইনাৰ ধৈৰ্য্য ভংগ হৈছিল। যেতিয়া দৰা মণ্ডপলৈ আহিছিল, কইনাৰ দেউতাকে ছোৱালীজনীক দৰাৰ সৈতে বিয়া দিবলৈ অস্বীকাৰ কৰে। দৰাৰ পৰিৱৰ্তে, তেওঁলোকৰ বিবাহ অনুষ্ঠানত উপস্থিত থকা আন এজন আত্মীয়ৰ সৈতে কথা পাতিছিল আৰু তেওঁৰ ছোৱালী গৰকীক  বিয়া কৰাই দিলে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ