--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণৰ চলচ্চিত্ৰসমূহৰ এটা নিজা ফেন বেচ আছে । যিটো  'বাহুবলী' খণ্ডৰ পৰাই  অনুভৱ কৰা হৈছিল। আৰআৰআৰে ইতিমধ্যে এক বিলিয়নতকৈও অধিক ব্যৱসায় কৰিছে। এতিয়া বক্স অফিচত, 'কেজিএফ চেপ্তাৰ ২' ৰ চুনামি  দেখা গৈছে। ছবিখনে মুক্তিৰ দিনা ১৩৪.৫০ কোটি টকাৰ ব্যৱসায় কৰিছে।

বক্স অফিচৰ তথ্য অনুসৰি, কেজিএফ ৩-য়ে দুদিনত ৫০০ কোটি ৰ ব্যৱসায় কৰিছে। ছবিখনে ২ দিনত ভাৰতত ২৪০ কোটিৰ ব্যৱসায় কৰিছে। সমান্তৰালকৈ ছবিখনে ইতিমধ্যে উত্তৰ ভাৰত অৰ্থাৎ হিন্দী বজাৰত ১০০ কোটিৰ ব্যৱসায় কৰিছে। বিশেষজ্ঞসকলৰ মতে, কেজিএফ চেপ্তাৰ ২-য়ে বাহুবলী ২ বা দঙ্গলতকৈ যথেষ্ট ভাল ব্যৱসায় কৰিবলৈ গৈ আছে। এজন চলচ্চিত্ৰ বিশ্লেষকৰ মতে, চলচ্চিত্ৰখনে অহা চাৰি দিনৰ ভিতৰত কেৱল হিন্দী বজাৰৰ পৰা ১৮৫ কোটি টকাৰ ব্যৱসায় কৰিবলৈ গৈ আছে।

'কেজিএফ চেপ্তাৰ ২' ১৪ এপ্ৰিলত মুকলি কৰা হৈছিল। ছবিখনে প্ৰথম দিনাই ১৩৪.৫০ কোটি টকাৰ ব্যৱসায় কৰিছিল। ছবিখনে দ্বিতীয় দিনৰ প্ৰথমাৰ্ধত ৫০ কোটি টকাৰ ব্যৱসায় কৰিছিল। দিনটোৰ শেষত, ছবিখন আৰু অধিক মানুহে চাইছিল। ছবিখনে বিশ্বব্যাপী ব্যৱসায়ৰ ক্ষেত্ৰত ইতিমধ্যে ৫০০ কোটি টকা স্পৰ্শ কৰিছে। কেজিএফ ২ প্ৰথমতে ভাৰতৰ ৬,৬০০ হলত মুকলি কৰা হৈছিল। চলচ্চিত্ৰখন বিশ্বব্যাপী ১০,০০০ ছবিগৃহত মুক্তি দিয়া হৈছে।

বক্স অফিচৰ সকলো ৰেকৰ্ড ভংগ কৰাৰ পাছত যশৰ এই চুপাৰহিট ছবিখন এতিয়া শীৰ্ষত আছে।  এই ছবিখনে এছ এছ ৰাজামৌলীৰ আৰআৰআৰ চলচ্চিত্ৰক অতিক্ৰম কৰিব বুলি ধাৰণা কৰা হৈছে।
ছবিখনে মুক্তিৰ দিনা কেৱল হিন্দী বজাৰৰ পৰা ৫৩.৯৫ কোটি টকাৰ ব্যৱসায় কৰিছিল। কেজিএফ ২ য়েও আগতীয়া বুকিংৰ ক্ষেত্ৰত সকলো ৰেকৰ্ড ভংগ কৰিছে। 

সেই ক্ষেত্ৰতো, চলচ্চিত্ৰখনে হিন্দী বজাৰত সৰ্বশ্ৰেষ্ঠ ব্যৱসায় কৰিছিল। মুম্বাই, পুনে, দিল্লী, কলকাতাৰ দৰে চহৰত টিকট বিক্ৰী কৰা হৈছিল। প্ৰি-বুকিংৰ ক্ষেত্ৰত, ছবিখনে ১৩ এপ্ৰিললৈকে ১১.৪০ কোটি টকাৰ ব্যৱসায় কৰিছিল।

ইফালে, ছবিখনে মুক্তিৰ আগতেই কানাড়া উদ্যোগত ৪.৯০ কোটি টকাৰ ব্যৱসায় কৰিছিল। কেজিএফ চেপ্তাৰ ২-য়ে তামিল, মালায়ালম আৰু তেলেগু উদ্যোগৰ পৰা ক্ৰমান্বয়ে ২ কোটি টকা, ১.৯০ কোটি টকা আৰু ৫ লাখ টকাৰ ব্যৱসায় কৰিছিল।

আনহাতে, কেজিএফৰ  যশৰ  স্বেগ আৰু নীলৰ উৎকৃষ্ট নিৰ্দেশনাৰ প্ৰশংসা নকৰাকৈ মানুহ কেনেকৈ থাকে। কেজিএফ ২ ছবিখনৰ এটা দৃশ্যও দৰ্শকক আমনি কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান