--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পত্নী,কন্যাসহ দুদিনীয়া ভ্ৰমণসূচীৰে কাজিৰঙাত সোমবাৰে সন্ধিয়া উপস্থিত হয় ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ ।

বিহুৰে শচীন আৰু তেওৰ পৰিয়ালক আদৰণি জনায় বৰগছ ৰিজৰ্ট কৰ্তৃপক্ষই।আদৰণি জনোৱাৰ সময়ত উপস্থিত থাকে বোকাখাত সমজিলা প্ৰশাসন আৰু বন বিভাগ। শচীনক চাবলৈ হেতা ওপৰা লগায় অনুৰাগীয়ে।নিশা শচীন আৰু পৰিয়ালৰ বাবে বিহুৰ অনুষ্ঠানৰ আয়োজন কৰা হয় ৰিজৰ্টখনত।লগতে শচীন আৰু পৰিয়ালৰ বাবে বিগ স্ক্ৰীনত আইপিএল প্ৰদৰ্শনীৰো ব্যৱস্থা কৰে ৰিজৰ্টখনে।
News18 Assam

নিশাৰ আহাৰত শচীন আৰু পৰিয়ালৰ বাবে ৰখা হয় কন্টিনেন্টেল আহাৰ। পীজা,পাচতা,ফ্ৰেনচ ফ্ৰাইচ,ব্লেক ৰাইচ খীৰ গ্ৰহণ কৰে শচীন আৰু পৰিয়ালে। বৰগছ ৰিজৰ্টৰ চ্যেফ হীৰকজ্যোতি বৰুৱাই জনোৱা মতে খাদ্য খাই যথেষ্ট আপ্লুত হয় শচীন।ইপিনে পুৱা অসমীয়া জলপানত লাড়ু,পিঠা,দৈ গ্ৰহণ কৰে শচীন আৰু পৰিয়ালে।তাৰ পিছতে বাগৰি বনাঞ্চল দৰ্শন কৰে শচীন আৰু পৰিয়ালে।বাগৰি বনাঞ্চল দৰ্শনৰ সময়ত বাঘৰ দৰ্শন লাভ কৰে শচীনে।

বনাঞ্চল দৰ্শনৰ সময়ত হাতী,ম'হো দৰ্শন কৰে শচীন আৰু পৰিয়ালে।কাজিৰঙাৰ DFO অৰুণ ভিগ্নেশে সংগ দিয়ে শচীনক।শচীনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনদুৰ্গা বাহিনীৰ সৈতেও ফটো উঠে।বাগৰি বনাঞ্চল দৰ্শন কৰি আপ্লুত হোৱা বুলি মন্তব্য কৰে শচীনে।

News18 Assam
বাঘ আৰু ওচৰৰ পৰা চাব বিচাৰো বুলি কয় কিংবদন্তীগৰাকীয়ে।বাগৰি বনাঞ্চল দৰ্শনৰ সময়ত লক্ষ্যধৰ কুমাৰ ,যতীন দাস নামৰ যুৱকদুজনে গামোচা পিন্ধায় শচীনক। শচীনক লগ পাবৰ বাবে নিশাই কাজিৰঙাত উপস্থিত হৈছিল যুৱকদুজন।কেৱল তেওলোকেই নহয় বহু অনুৰাগীয়ে ভিৰ কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত‌।

আনহাতে বাগৰি বনাঞ্চলত ৱিহান বৈভৱ নামৰ এটি কিশোৰক হাত মিলাই শচীনে‌‌‌।মহাৰাষ্ট্ৰৰ পৰা পিতৃ মাতৃৰ সৈতে কাজিৰঙা দৰ্শনৰ বাাবে আহিছিল কিশোৰজন।শচীনক লগ পাই আনন্দত আত্মহাৰা বৈভৱ।আনহাতে দুুুপৰীয়া কহঁৰা বনাঞ্চল দৰ্শন কৰি দুপৰীয়াৰ আহাৰ আয়'ৰা ৰিজৰ্টত গ্ৰহণ কৰিব শচীনে।নিশালৈ পৰম্পৰাগত থলুৱা আহাৰৰ ব্যৱস্থা কৰিছে বৰগছ ৰিজৰ্টে।নিশা বৰগছ ৰিজৰ্টত কটাই কাইলৈ পুৱা উভতি যাব শচীন আৰু পৰিয়াল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ