--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ দেশত আলোচনা হৈছে আদানী গ্ৰুপৰ এক বিশেষ প্ৰসংগ৷শেহতীয়াকৈ এটা সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে সমগ্ৰ দেশতে ১৪টা বন্দৰ আৰু টাৰ্মিনেল থকা আদানী গ্ৰুপে ভাৰতৰ বন্দৰসমূহৰ মাজেৰে পাৰ হৈ যোৱা সকলো সামগ্ৰীৰ এক চতুৰ্থাংশই চম্ভালি আছে৷

ইণ্ডিয়ান এক্সপ্ৰেছৰ এক বিশেষ প্ৰতিবেদনত কোৱা হৈছে যে, ‘ভাৰতৰ ৫,৪২২ কিলোমিটাৰ দীঘল উপকূলত আদানীৰ উপস্থিতি গড়ে প্ৰতি ৫০০ কিলোমিটাৰত আছে, যিটো ১০ বছৰৰ আগতে দেশৰ সুদূৰ পশ্চিম প্ৰান্তত সীমাবদ্ধ আছিল।’১০ বছৰত আদানী বন্দৰে পৰিবহণ কৰি থকা সামগ্ৰীৰ পৰিমাণ ২০২৩ বিত্তীয় বৰ্ষত প্ৰায় চাৰিগুণ বৃদ্ধি পাই ৩৩.৭ কোটি টন হৈছে। বন্দৰ উদ্যোগৰ বাৰ্ষিক ৪ শতাংশ বৃদ্ধিৰ তুলনাত আদানী পোৰ্টছৰ বৃদ্ধি ১৪ শতাংশ।বিগত ১০ বছৰত আদানীৰ অভূতপূৰ্ব সম্প্ৰসাৰণৰ ওপৰত আলোকপাত কৰি বন্দৰ উদ্যোগৰ বজাৰত একচেটিয়া অধিকাৰৰ বিপদৰ কথা বহু অৰ্থনৈতিক বিশ্লেষকে উল্লেখ কৰিছে৷

ইণ্ডিয়ান এক্সপ্ৰেছে নিজৰ তদন্তত কয় যে যদি আদানীৰ অংশীদাৰিত্ব আঁতৰোৱা হয় তেন্তে উদ্যোগটোৰ বৃদ্ধিৰ পৰিসংখ্যা মাত্ৰ ২.৭ শতাংশহে থাকিব।মুঠ মালবাহী যাতায়তৰ ক্ষেত্ৰত আদানী গ্ৰুপৰ বজাৰ অংশীদাৰিত্ব ২০১৩ চনত প্ৰায় ৯ শতাংশৰ পৰা ২০২৩ চনত প্ৰায় ২৪ শতাংশলৈ তিনিগুণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। একে সময়তে কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰিত বন্দৰৰ সংখ্যা ২০১৩ চনত ৫৮.৫ শতাংশৰ পৰা প্ৰায় ৫৪.৫ শতাংশলৈ হ্ৰাস পাইছে।

কাকতখনে প্ৰকাশ কৰা তথ্য অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ অধীনত নথকা বন্দৰসমূহত আদানীৰ বজাৰ অংশীদাৰিত্বই ৫০ শতাংশৰ সীমা অতিক্ৰম কৰিছে। সেয়েহে আদানী বন্দৰ আৰু বিশেষ অৰ্থনৈতিক মণ্ডল লিমিটেডৰ উপকূলীয় নেটৱৰ্কে কেন্দ্ৰীয় চৰকাৰৰ ১২টাতকৈও অধিক বন্দৰৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে।

অৰ্থনীতি মন্ত্ৰালয়ৰ এজন শীৰ্ষ বিষয়াই ইণ্ডিয়ান এক্সপ্ৰেছক জনাই যে ‘এয়া চিন্তাৰ বিষয়।’ প্ৰতিবেদনত কোৱা হৈছে যে পশ্চিমৰ পৰা পূবলৈকে সমগ্ৰ উপকূলৰ কাষেৰে এটা গোটৰ আধিপত্য বৃদ্ধিয়ে বিশেষকৈ কিছুমান ভৌগোলিক অঞ্চলত জাহাজ কোম্পানীসমূহৰ বাবে সমস্যাৰ সৃষ্টি কৰিব।

উল্লেখ্য যে চলিত বৰ্ষৰ জানুৱাৰী মাহত আমেৰিকাৰ গৱেষণা কোম্পানী হিণ্ডেনবাৰ্গ ৰিছাৰ্চে বিভিন্ন অভিযোগ উত্থাপন কৰিছিল। কিন্তু আদানী গ্ৰুপে অভিযোগসমূহ প্ৰত্যাখ্যান কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement