--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে  তেওঁৰ জনপ্ৰিয় অনুষ্ঠান মন কি বাতৰ ১০৫ সংখ্যক খণ্ডটো আজি সম্প্ৰচাৰ কৰে। মোদীয়ে তেওঁৰ ভাষণত কয় যে উৎসৱৰ বতৰত 'আত্মনিৰভৰ ভাৰত' গঢ়ি তোলাৰ বাবে 'ভোকেল ফ’ৰ লোকেল ' মন্ত্ৰ গ্ৰহণ কৰিব লাগে। দেওবাৰে তেওঁৰ ১০৫ সংখ্যক  'মন কি বাত' কাৰ্যসূচীত মোদীয়ে লগতে  কয় যে এই বছৰৰ গান্ধী জয়ন্তীৰ খাদী মহোৎসৱে অভিলেখ পৰিমাণৰ  বিক্ৰীৰ অভিলেখ গঢ়িছে। মোদীয়ে ভৱিষ্যতেও  দেশৰ জনসাধাৰণক এনেদৰে ঘৰুৱা উৎপাদনত উদগনি দিবলৈ আহ্বান জনায়। 

তেওঁ সকলোকে স্থানীয় সামগ্ৰী ক্ৰয়ৰ বিষয়ত  গুৰুত্ব দিবলৈ আহ্বান জনায়।মোদীয়ে কয়  "প্ৰতিবাৰেই আমাৰ উৎসৱত 'ভোকেল ফ’ৰ লোকেল ' নীতিক গুৰুত্ব দিব লাগে। আহক আমি একেলগে আমাৰ সপোনবোৰ পূৰণ কৰোঁ । আমাৰ সপোন হৈছে 'আত্মনিৰভৰ ভাৰত' গঢ়ি তোলা। 

ভাৰত বিশ্বৰ সৰ্ববৃহৎ উৎপাদন কেন্দ্ৰ হৈ পৰিছে।’’ প্ৰধানমন্ত্ৰীয়ে সকলোকে স্থানীয় সামগ্ৰী ক্ৰয় কৰোঁতে ইউপিআই ব্যৱহাৰ কৰিবলৈও আহ্বান জনায়।মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে, যিগৰাকী নেত্ৰীয়ে  ৩১ অক্টোবৰত মৃত্যুবৰণ কৰিছিল। তেওঁ একেদিনাই চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী উদযাপনৰ বিষয়তো গুৰুত্ব আৰোপ কৰে। মোদীয়ে তেওঁৰ মন কি বাতত  'মাই ইয়ং ইণ্ডিয়া' বা 'মেৰা যুৱ ভাৰত' নামৰ এটা সংগঠন গঠন কৰাৰ আশাও ব্যক্ত কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ