--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে  তেওঁৰ জনপ্ৰিয় অনুষ্ঠান মন কি বাতৰ ১০৫ সংখ্যক খণ্ডটো আজি সম্প্ৰচাৰ কৰে। মোদীয়ে তেওঁৰ ভাষণত কয় যে উৎসৱৰ বতৰত 'আত্মনিৰভৰ ভাৰত' গঢ়ি তোলাৰ বাবে 'ভোকেল ফ’ৰ লোকেল ' মন্ত্ৰ গ্ৰহণ কৰিব লাগে। দেওবাৰে তেওঁৰ ১০৫ সংখ্যক  'মন কি বাত' কাৰ্যসূচীত মোদীয়ে লগতে  কয় যে এই বছৰৰ গান্ধী জয়ন্তীৰ খাদী মহোৎসৱে অভিলেখ পৰিমাণৰ  বিক্ৰীৰ অভিলেখ গঢ়িছে। মোদীয়ে ভৱিষ্যতেও  দেশৰ জনসাধাৰণক এনেদৰে ঘৰুৱা উৎপাদনত উদগনি দিবলৈ আহ্বান জনায়। 

তেওঁ সকলোকে স্থানীয় সামগ্ৰী ক্ৰয়ৰ বিষয়ত  গুৰুত্ব দিবলৈ আহ্বান জনায়।মোদীয়ে কয়  "প্ৰতিবাৰেই আমাৰ উৎসৱত 'ভোকেল ফ’ৰ লোকেল ' নীতিক গুৰুত্ব দিব লাগে। আহক আমি একেলগে আমাৰ সপোনবোৰ পূৰণ কৰোঁ । আমাৰ সপোন হৈছে 'আত্মনিৰভৰ ভাৰত' গঢ়ি তোলা। 

ভাৰত বিশ্বৰ সৰ্ববৃহৎ উৎপাদন কেন্দ্ৰ হৈ পৰিছে।’’ প্ৰধানমন্ত্ৰীয়ে সকলোকে স্থানীয় সামগ্ৰী ক্ৰয় কৰোঁতে ইউপিআই ব্যৱহাৰ কৰিবলৈও আহ্বান জনায়।মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে, যিগৰাকী নেত্ৰীয়ে  ৩১ অক্টোবৰত মৃত্যুবৰণ কৰিছিল। তেওঁ একেদিনাই চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী উদযাপনৰ বিষয়তো গুৰুত্ব আৰোপ কৰে। মোদীয়ে তেওঁৰ মন কি বাতত  'মাই ইয়ং ইণ্ডিয়া' বা 'মেৰা যুৱ ভাৰত' নামৰ এটা সংগঠন গঠন কৰাৰ আশাও ব্যক্ত কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ