--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ পূৰ্বৰ এগৰাকী অতি প্ৰভাৱশালী নেতা যশোৱন্ত সিনহাই এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। অটল বিহাৰী বাজপেয়ী চৰকাৰত বিত্তমন্ত্ৰীৰ গুৰুদায়িত্ব বহন কৰা সিনহাই যোগ দিছে তৃণমূল কংগ্ৰেছত। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে সিনহাৰ এই পদক্ষেপ দেশৰ ৰাজনীতিৰ বাবে বৃহৎ পদক্ষেপ হিচাপে চিহ্নিত হৈছে।

আৰু পঢ়িব পাৰিব : উদ্বেগ বৃদ্ধি : শুকুৰবাৰে বছৰটোৰ ভিতৰতে সৰ্বাধিক ক’ভিড পজিটিভ

৮৩বছৰীয়া নেতাগৰাকীয়ে ২০১৮চনত দলৰ পৰা পদত্যাগ কৰিছিল। আজি দিনৰ ভাগত কলকাতাৰ তৃণমূল ভৱনত সিনহাই তৃণমূল কংগ্ৰেছত যোগ দিয়ে। ডেৰেক অ’ব্ৰায়ান, সুদীপ বন্দোপাধ্যায় আৰু সুব্ৰত মুখাৰ্জীৰ উপস্থিতিত তৃণমূলৰ সদস্যপদ গ্ৰহণ কৰে সিনহাই। তেওঁৰ যোগদান তৃণমূল কংগ্ৰেছৰ বাবে এক গৌৰৱৰ কথা বুলি অভিহিত কৰিছে সুব্ৰত মুখাৰ্জীয়ে।

উল্লেখ্য যে, ১৯৯০চনত সিনহা দেশৰ বিত্তমন্ত্ৰী হিচাপে নিযুক্ত হৈছিল আৰু ১৯৯১চন পৰ্যন্ত তেওঁ প্ৰধানমন্ত্ৰী চন্দ্ৰ শেখৰৰ নেতৃত্বত এই দায়িত্ব পালন কৰিছিল। অটল বিহাৰী বাজপেয়ীৰ কাৰ্যকালত তেওঁ ১৯৯৮চনৰ পৰা ২০০২চনলৈ তেওঁ দ্বিতীয়বাৰলৈ এই দায়িত্বত ন্যস্ত হয়।

আৰু পঢ়িব পাৰিব : শিল্পী শৰ্মিষ্ঠাৰ জীৱন ৰক্ষাৰ যুঁজ, সহায়ৰ আহ্বান

তাৰ পাছত ২০০৪ চনলৈ তেওঁ দেশৰ বৈদেশিক মন্ত্ৰীৰ দায়িত্বও পালন কৰিছিল। ভাৰতীয় অসামৰিক সেৱাৰ এগৰাকী প্ৰাক্তন বিষয়া সিনহাই ১৯৮৪চনত জনতা পাৰ্টীত যোগদানেৰে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল। তাৰ পাছত তেওঁ বিজেপিত যোগ দিয়ে। উল্লেখ্য যে, নৰেন্দ্ৰ মোদী শাসনলৈ অহাৰ সময়ৰে পৰা তেওঁ বিজেপি চৰকাৰৰ কঠোৰ সমালোচকৰ ভূমিকাত অৱতীৰ্ণ হৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ