--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ পূৰ্বৰ এগৰাকী অতি প্ৰভাৱশালী নেতা যশোৱন্ত সিনহাই এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। অটল বিহাৰী বাজপেয়ী চৰকাৰত বিত্তমন্ত্ৰীৰ গুৰুদায়িত্ব বহন কৰা সিনহাই যোগ দিছে তৃণমূল কংগ্ৰেছত। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে সিনহাৰ এই পদক্ষেপ দেশৰ ৰাজনীতিৰ বাবে বৃহৎ পদক্ষেপ হিচাপে চিহ্নিত হৈছে।

আৰু পঢ়িব পাৰিব : উদ্বেগ বৃদ্ধি : শুকুৰবাৰে বছৰটোৰ ভিতৰতে সৰ্বাধিক ক’ভিড পজিটিভ

৮৩বছৰীয়া নেতাগৰাকীয়ে ২০১৮চনত দলৰ পৰা পদত্যাগ কৰিছিল। আজি দিনৰ ভাগত কলকাতাৰ তৃণমূল ভৱনত সিনহাই তৃণমূল কংগ্ৰেছত যোগ দিয়ে। ডেৰেক অ’ব্ৰায়ান, সুদীপ বন্দোপাধ্যায় আৰু সুব্ৰত মুখাৰ্জীৰ উপস্থিতিত তৃণমূলৰ সদস্যপদ গ্ৰহণ কৰে সিনহাই। তেওঁৰ যোগদান তৃণমূল কংগ্ৰেছৰ বাবে এক গৌৰৱৰ কথা বুলি অভিহিত কৰিছে সুব্ৰত মুখাৰ্জীয়ে।

উল্লেখ্য যে, ১৯৯০চনত সিনহা দেশৰ বিত্তমন্ত্ৰী হিচাপে নিযুক্ত হৈছিল আৰু ১৯৯১চন পৰ্যন্ত তেওঁ প্ৰধানমন্ত্ৰী চন্দ্ৰ শেখৰৰ নেতৃত্বত এই দায়িত্ব পালন কৰিছিল। অটল বিহাৰী বাজপেয়ীৰ কাৰ্যকালত তেওঁ ১৯৯৮চনৰ পৰা ২০০২চনলৈ তেওঁ দ্বিতীয়বাৰলৈ এই দায়িত্বত ন্যস্ত হয়।

আৰু পঢ়িব পাৰিব : শিল্পী শৰ্মিষ্ঠাৰ জীৱন ৰক্ষাৰ যুঁজ, সহায়ৰ আহ্বান

তাৰ পাছত ২০০৪ চনলৈ তেওঁ দেশৰ বৈদেশিক মন্ত্ৰীৰ দায়িত্বও পালন কৰিছিল। ভাৰতীয় অসামৰিক সেৱাৰ এগৰাকী প্ৰাক্তন বিষয়া সিনহাই ১৯৮৪চনত জনতা পাৰ্টীত যোগদানেৰে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল। তাৰ পাছত তেওঁ বিজেপিত যোগ দিয়ে। উল্লেখ্য যে, নৰেন্দ্ৰ মোদী শাসনলৈ অহাৰ সময়ৰে পৰা তেওঁ বিজেপি চৰকাৰৰ কঠোৰ সমালোচকৰ ভূমিকাত অৱতীৰ্ণ হৈ আহিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ