--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশৰ কৃষকৰ কৃষি আইনবিৰোধী প্ৰতিবাদে অধিক দীঘলীয়া ৰূপ লোৱাৰ ইংগিত পোৱা গৈছে। বিগত নৱেম্বৰ মাহৰ পৰা তিনিখন বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকা কৃষকসকলে এতিয়া দিল্লীৰ সীমান্তৱৰ্তী অঞ্চলত ইটা-চিমেণ্টৰ ঘৰ নিৰ্মাণ আৰম্ভ কৰিছে। হাৰিয়ানাৰ ওচৰৰ টিক্ৰি সীমান্তত, প্ৰতিবাদকাৰী কৃষকসকলে নিজহাতে এই ঘৰবোৰ নিৰ্মাণ কৰা দেখা গৈছে। গৃহ নিৰ্মাণত হ’বপৰা ব্যয় সংকোচনৰ বাবে এনেদৰে নিজহাতে ঘৰ নিৰ্মাণ কৰিছে কৃষকসকলে৷ প্ৰতিটো ঘৰ নিৰ্মাণৰ বাবে আনুমানিক ব্যয় কৰা হৈছে প্ৰায় ২০,০০০-২৫,০০০ টকা।

আৰু পঢ়িব পাৰিব :তৃতীয় পৰ্যায়ৰ বাবে আজি বিজেপিৰ প্ৰাৰ্থী তালিকা

নিম্নতম আহিলা ব্যৱহাৰ কৰি এই ঘৰবোৰ নিৰ্মাণ কৰিছে প্ৰতিবাদী কৃষকে। শীতৰ দিনবোৰত প্ৰতিবাদ চলাই নিয়াৰ সময়ত নানা প্ৰতিবন্ধকতাৰ সন্মুখীন হৈছিল কৃষকসকল৷ ইণ্টাৰনেট কাটি দিয়া, প্ৰচণ্ড শীত, পানী যোগান বন্ধ কৰি দিয়াৰ দৰে সমস্যাক আওকাণ কৰিও প্ৰতিবাদ অব্যাহত ৰখা কৃষকসকলে দিল্লী হাৰিয়ানাৰ প্ৰচণ্ড গৰমৰ পৰা ৰক্ষা পোৱাৰ বাবে পথৰ ওপৰতে এনেদৰে গৃহনিৰ্মাণৰ ব্যৱস্থা কৰিছে বুলি প্ৰকাশ কৰিছে। ভালেমান কৃষকে যোৱা বছৰ তেওঁলোকৰ ট্ৰেক্টৰবোৰ অস্থায়ী আশ্ৰয়লৈ ৰূপান্তৰিত কৰিছিল। কিন্তু বৰ্তমান শস্যৰ বতৰ সামগত, যাৰ বাবে তেওঁলোকৰ বহুজনেই ট্ৰেক্টৰবোৰ গাঁৱলৈ ঘূৰাই পঠাব লাগিব।

আৰু পঢ়িব পাৰিব :পথাৰত উদ্ধাৰ অধ্যাপকৰ মৃতদেহ! অঞ্চলজুৰি চাঞ্চল্য

সেয়েহে অস্থায়ী তম্বু গ্ৰীষ্মদাহৰ পৰা বাছিবলৈ উপযুক্ত নহয় বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে বিভিন্ন ৰাজ্যৰ পৰা আহি প্ৰতিবাদ অব্যাহত ৰখা কৃষকসকলে। উল্লেখ্য যে, চৰকাৰ আৰু কৃষকৰ মাজত ১০ লানিতকৈও অধিক আলোচনাৰ পাছতো, এতিয়াও তিনিওখন কৃষি আইন সন্দৰ্ভত সৰ্বসন্মত সিদ্ধান্তত উপনীত হ’ব পৰা নাই দুয়ো পক্ষ। আনহাতে, ২৬ মাৰ্চত আন্দোলনৰ চাৰি মাহৰ আন্দোলন সম্পূৰ্ণ হোৱা উপলক্ষে প্ৰতিবাদী কৃষকসকলে সৰ্বাত্মক ভাৰত বন্ধ আহ্বান জনাইছে৷ ভাৰত বন্ধ ৰূপায়নৰ পৰিকল্পনা কৰাৰ বাবে ট্ৰেড ইউনিয়ন আৰু অন্যান্য সামাজিক সংগঠনৰ সৈতে বৈঠকৰ আয়োজন কৰা হ'ব বুলি সদৰি কৰিছে সংযুক্ত কিষাণ মৰ্চাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ