--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ প্ৰখ্যাত সংগীত শিল্পী হিমেশ ৰেশমিয়াৰ হাতত ধৰিয়েই ৰাতিটোৰ ভিতৰত চেলিব্ৰিটি হৈ পৰিছিল ৰানাঘাটৰ ৰানু মণ্ডল। ৰেল ষ্টেছনৰ পৰা তেওঁৰ বলীউড যাত্ৰাই চিত্ৰনাট্যকাৰকো কৰি তুলিছে হতচকিত!  সেইবাবে, পৰিচালক হৃষীকেশ মণ্ডলে তেওঁৰ নতুন চলচ্চিত্ৰখনৰ বাবে ৰানু মণ্ডলৰ কাহিনী বাছনি কৰিছিল। ৰানুৰ চৰিত্ৰত অভিনয় কৰিব অভিনেত্ৰী ঈশিকা দেই। ছবিখনৰ কাহিনীৰ বিষয়েও প্ৰায় সকলোৰে অৱগত। ছবিখনৰ গীতৰ ৰেকৰ্ডিঙো সম্পূৰ্ণ হৈ উঠিছে। কিন্তু ৰানুৰ অনুৰাগীসকলৰ মনত এতিয়া এটা প্ৰশ্নই দোলা দি গৈছে যে,  ছবিখনত হিমেশৰ চৰিত্ৰত কোন অভিনেতাক দেখিবলৈ পোৱা যাব?

জানিবলৈ পোৱা মতে, পৰিচালক হৃষীকেশৰ অনুৰোধৰ প্ৰতি সঁহাৰি দিয়া নাই। কিন্তু পৰিচালক আৰু ৰানুৱে হিমেশৰ সঁহাৰিৰ প্ৰতি বাট চাই আছে এতিয়াও। সেইবাবে হিমেশক ৰানুৰ জীৱনীমূলক বিষয়ক ছবিখনত অভিনয়ৰ বাবে সৈমান কৰিবলৈ নিজে প্ৰচেষ্টা হাতত হৈছে ৰানু মণ্ডলে। ছ'চিয়েল মিডিয়াৰ যোগেদি এটা ভিডিঅ' আপলোড কৰি হিমেশক কাতৰ আহ্বান ভাইৰেল গায়িকা গৰাকীৰ। গীত গাই হিমেশক অনুৰোধ ৰানুৰ। এই বায়’পিকত হিমেশৰ চৰিত্ৰত হিমেশেই থাকিব লাগিব।

মন কৰিবলগীয়া যে, ৰানাঘাট ষ্টেছনৰ প্লেটফৰ্মত গান গাই জীৱিকা নিৰ্বাহ কৰা ৰানু মণ্ডলৰ বলীউড যাত্ৰা একেবাৰে সপোনৰ দৰে।  পৰিচালক হিমেশ ৰেশমিয়াৰ সৈতে লগ লাগি হিন্দী চলচ্চিত্ৰৰ বাবে প্লে’বেক কৰিছে ৰানুই। সেই সময়ত বহুতে ভাবিছিল যে, এইবাৰ ৰানুৰ কপাল ফুলিল। ৰানুৱে আৰু ষ্টেছনত বহি গীত গাব নালাগে। খ্যাতিৰ লগতে মানুহৰ বিড়ম্বনাও সহি যাবলগীয়া হৈছিল ৰানুৱে। হিমেশৰ সৈতে 'তেৰি মেৰী' গীতটো ভাইৰেল হোৱাৰ লগে লগে ৰানুৱে প্ৰশংসা পোৱাৰ সমান্তৰালকৈ একাংশৰ বিদ্ৰুপ কথাকো মূৰ পাতি ল’বলগীয়া হৈছে ৰানুৱে। ৰানুৰ জীৱনৰ প্ৰতিটো পৰ্যায় এই জীৱনীমূলক ছবিখনৰ মাজেৰে চিত্ৰায়ণ কৰা হ’ব বুলি খবৰ ওলাইছে।  ছবিখনৰ নাম 'ৰানু মাৰিয়া'।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement