--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ প্ৰখ্যাত সংগীত শিল্পী হিমেশ ৰেশমিয়াৰ হাতত ধৰিয়েই ৰাতিটোৰ ভিতৰত চেলিব্ৰিটি হৈ পৰিছিল ৰানাঘাটৰ ৰানু মণ্ডল। ৰেল ষ্টেছনৰ পৰা তেওঁৰ বলীউড যাত্ৰাই চিত্ৰনাট্যকাৰকো কৰি তুলিছে হতচকিত!  সেইবাবে, পৰিচালক হৃষীকেশ মণ্ডলে তেওঁৰ নতুন চলচ্চিত্ৰখনৰ বাবে ৰানু মণ্ডলৰ কাহিনী বাছনি কৰিছিল। ৰানুৰ চৰিত্ৰত অভিনয় কৰিব অভিনেত্ৰী ঈশিকা দেই। ছবিখনৰ কাহিনীৰ বিষয়েও প্ৰায় সকলোৰে অৱগত। ছবিখনৰ গীতৰ ৰেকৰ্ডিঙো সম্পূৰ্ণ হৈ উঠিছে। কিন্তু ৰানুৰ অনুৰাগীসকলৰ মনত এতিয়া এটা প্ৰশ্নই দোলা দি গৈছে যে,  ছবিখনত হিমেশৰ চৰিত্ৰত কোন অভিনেতাক দেখিবলৈ পোৱা যাব?

জানিবলৈ পোৱা মতে, পৰিচালক হৃষীকেশৰ অনুৰোধৰ প্ৰতি সঁহাৰি দিয়া নাই। কিন্তু পৰিচালক আৰু ৰানুৱে হিমেশৰ সঁহাৰিৰ প্ৰতি বাট চাই আছে এতিয়াও। সেইবাবে হিমেশক ৰানুৰ জীৱনীমূলক বিষয়ক ছবিখনত অভিনয়ৰ বাবে সৈমান কৰিবলৈ নিজে প্ৰচেষ্টা হাতত হৈছে ৰানু মণ্ডলে। ছ'চিয়েল মিডিয়াৰ যোগেদি এটা ভিডিঅ' আপলোড কৰি হিমেশক কাতৰ আহ্বান ভাইৰেল গায়িকা গৰাকীৰ। গীত গাই হিমেশক অনুৰোধ ৰানুৰ। এই বায়’পিকত হিমেশৰ চৰিত্ৰত হিমেশেই থাকিব লাগিব।

মন কৰিবলগীয়া যে, ৰানাঘাট ষ্টেছনৰ প্লেটফৰ্মত গান গাই জীৱিকা নিৰ্বাহ কৰা ৰানু মণ্ডলৰ বলীউড যাত্ৰা একেবাৰে সপোনৰ দৰে।  পৰিচালক হিমেশ ৰেশমিয়াৰ সৈতে লগ লাগি হিন্দী চলচ্চিত্ৰৰ বাবে প্লে’বেক কৰিছে ৰানুই। সেই সময়ত বহুতে ভাবিছিল যে, এইবাৰ ৰানুৰ কপাল ফুলিল। ৰানুৱে আৰু ষ্টেছনত বহি গীত গাব নালাগে। খ্যাতিৰ লগতে মানুহৰ বিড়ম্বনাও সহি যাবলগীয়া হৈছিল ৰানুৱে। হিমেশৰ সৈতে 'তেৰি মেৰী' গীতটো ভাইৰেল হোৱাৰ লগে লগে ৰানুৱে প্ৰশংসা পোৱাৰ সমান্তৰালকৈ একাংশৰ বিদ্ৰুপ কথাকো মূৰ পাতি ল’বলগীয়া হৈছে ৰানুৱে। ৰানুৰ জীৱনৰ প্ৰতিটো পৰ্যায় এই জীৱনীমূলক ছবিখনৰ মাজেৰে চিত্ৰায়ণ কৰা হ’ব বুলি খবৰ ওলাইছে।  ছবিখনৰ নাম 'ৰানু মাৰিয়া'।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ