--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুলড’জাৰেৰে ঘৰ ভাঙি পেলোৱাৰ ওপৰত উচ্চতম ন্যায়ালয়য়ে প্ৰদান কৰিছে ৫টা ডাঙৰ মন্তব্য। প্ৰয়াগৰাজত বুলডজাৰেৰে ঘৰ ভাঙি পেলোৱাৰ ঘটনাক লৈ সমগ্ৰ দেশতে চৰ্চা হৈছে। 

উচ্চতম ন্যায়ালয়ে প্ৰয়াগৰাজ উন্নয়ন কৰ্তৃপক্ষক ছয় সপ্তাহৰ ভিতৰত প্ৰতিজন মালিকক ১০ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়ে। এতিয়া উচ্চতম ন্যায়ালয়ে ইয়াক অমানৱীয় আৰু অবৈধ বুলি অভিহিত কৰি কঠোৰ স্থিতি গ্ৰহণ কৰিছে। 

ন্যায়াধীশ অভয় এছ ওকা আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে প্ৰয়াগৰাজৰ এক ঘটনাৰ শুনানি গ্ৰহণ কৰি সংবেদনশীলতা আৰু আইনৰ শাসনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আদালতে ভুক্তভোগীক ১০ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিছে। 

বুলড’জাৰেৰে ঘৰ ভঙাক লৈ উচ্চতম ন্যায়ালয়ৰ ৫টা ডাঙৰ মন্তব্য

১) ঘৰ ভঙা দৃশ্যত আত্মা কঁপি উঠে: উচ্চতম ন্যায়ালয়ে কয় যে প্ৰয়াগৰাজত ঘৰ ভাঙি পেলোৱাৰ ধৰণটো অত্যন্ত আক্ৰোশমূলক আৰু অমানৱীয়। ইয়াক স্বেচ্ছাচাৰী কাম বুলি অভিহিত কৰি বিচাৰপীঠে কয় যে এই দৃশ্যই তেওঁলোকৰ আত্মাক কঁপাই তুলিছে। আদালতে স্পষ্ট কৰি দিয়ে যে আশ্ৰয়ৰ অধিকাৰ এটা মৌলিক অধিকাৰ আৰু ইয়াক কাঢ়ি লোৱাৰ পূৰ্বে আইনৰ যথাযথ প্ৰক্ৰিয়া অনুসৰণ কৰাটো প্ৰয়োজনীয়। প্ৰশাসনৰ এই সংবেদনহীনতাই নাগৰিকৰ প্ৰতি অন্যায়ৰ পৰিচয় দিয়ে।

২) আশ্ৰয়ৰ অধিকাৰ আৰু আইনৰ শাসন গুৰুত্বপূৰ্ণ: আদালতে জোৰ দি কয় যে আশ্ৰয়ৰ অধিকাৰ সংবিধানৰ ২১ নং অনুচ্ছেদৰ এক অবিচ্ছেদ্য অংগ আৰু আইনৰ শাসন সংবিধানৰ মৌলিক গাঁথনিৰ ভিত্তি। প্ৰয়াগৰাজ উন্নয়ন কৰ্তৃপক্ষক সোঁৱৰাই দিয়া হয় যে এনেদৰে অমানৱীয়ভাৱে নাগৰিকৰ ঘৰ ভাঙিব নোৱাৰি। এনে কাৰ্যই সাংবিধানিক মূল্যবোধ উলংঘা কৰা বুলি প্ৰশাসনক সকীয়াই দিয়ে বিচাৰপীঠে।

৩) জাননী দিয়াৰ ক্ষেত্ৰত সঠিক পদ্ধতিৰ অভাৱ: উচ্চতম ন্যায়ালয়ে ঘৰ ভাঙি দিয়াৰ পূৰ্বে জাননী দিয়াৰ প্ৰক্ৰিয়াত গুৰুতৰ ত্ৰুটি থকা বুলি ধৰা পেলায়। ঘৰত কাৰণ দেখুৱাৰ জাননী আঁৰি দিয়া হৈছিল যদিও ব্যক্তিগতভাৱে সেয়া কাৰ্যকৰী  কৰাত কোনো প্ৰকৃত প্ৰচেষ্টা কৰা হোৱা নাছিল। ২০২১ চনৰ ৬ মাৰ্চত প্ৰথম পঞ্জীয়নভুক্ত মেইল ​​আহিছিল আৰু ঠিক পিছদিনাই ঘৰবোৰ ভাঙি পেলোৱা হৈছিল। ইয়াৰ ফলত আবেদন কৰাৰ সুযোগো কাঢ়ি লোৱা হ’ল, যিটো আইন উলংঘাকাৰী।

৪) স্বেচ্ছাচাৰী ব্যৱস্থাৰ বাবে প্ৰয়োজনীয় ক্ষতিপূৰণঃ আদালতে প্ৰয়াগৰাজ উন্নয়ন প্ৰাধিকৰণক ছয় সপ্তাহৰ ভিতৰত প্ৰতিজন মালিকক ১০ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়ে। বিচাৰপীঠে কয় যে এয়া অবৈধ আৰু অমানৱীয় কার্যৰ ফল। অবৈধতাৰ ক্ষতিপূৰণ দিব নালাগে বুলি এটৰ্নী জেনেৰেলৰ যুক্তি নাকচ কৰি আদালতে কয় যে যথাযথ প্ৰক্ৰিয়া অনুসৰণ নকৰাটো ভুল।

৫) জাননী আঁৰি দিয়া কাৰ্য বন্ধ কৰিব লাগেঃ উচ্চতম ন্যায়ালয়ে জাননী আঁৰি দিয়া প্ৰথাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে। ব্যক্তিগতভাৱে জাননী দিয়াৰ বাবে বাৰে বাৰে চেষ্টা কৰিব লাগে বুলি বিচাৰপীঠে কয়। এই প্ৰথা বন্ধ কৰিব লাগে যাতে নাগৰিকে ন্যায্য সুযোগ পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ