--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এমাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল এহাল যুৱক-যুৱতী। স্বামীৰ সৈতে দুহাতত ধৰি নানা ৰঙীন সপোনেৰে জীৱনটো সজাই তোলাৰ কথা ভাবিছিল নৱবিবাহিতা পত্নীগৰাকীয়ে। পাছে এমাহতে ঘটিল ছন্দপতন। 

যোৱা ১২ ফেব্ৰুৱাৰীত শালিনী সংগল আৰু প্ৰণৱ সিংঘালৰ বিয়া অতি ধুমধামেৰে সম্পন্ন হৈছিল। তাৰপাছত দুয়ো হানীমুনৰ বাবে ইণ্ডোনেছিয়াৰ বালীলৈ ৰাওনা হৈছিল। তাত নিবিড় সুন্দৰ মুহূৰ্ত উপভোগ কৰাৰ সলনি সপোন ছিন্নভিন্ন হৈ পৰিল শালিনীৰ। 

বালীত উপস্থিত হোৱাৰ পাছতেই কথাবোৰ সলনি হৈ পৰিল৷ শালিনীয়ে কয় যে স্বামীয়ে বালীত উপস্থিত হোৱাৰ লগে লগে প্ৰথমে কথা-বতৰা বন্ধ কৰি দিয়ে। প্ৰণৱৰ এই আচৰণত স্তম্ভিত হৈ পৰে শালিনী। 

মাত-বোল নকৰাৰ কাৰণ সোধাত শালিনীক ৫০ লাখ টকা দাবী কৰে প্ৰণৱে। কেনেবাকৈ তাৰ পৰা উভতি আহিল দুয়ো। শালিনীয়ে ভাবিছিল পাছত সকলো ঠিক হ’ব। কিন্তু ঘৰতো পৰিস্থিতি একেই থাকিল। হোলীৰ দিনা তেওঁক জোৰকৈ মাতৃগৃহলৈ পঠিওৱা হৈছিল, মাতৃগৃহৰ পৰা ঘূৰি অহাৰ পাছত শালিনীৰ বাবে দুৱাৰ খুলি দিয়া নাছিল স্বামীগৃহই। 

উপায় নাপায় স্বামীগৃহৰ বাহিৰত পৰিয়ালৰ লোকৰ সৈতে ধৰ্মঘটত বহিল শালিনী। ১২ ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো দুৱাৰখন খুলি নিদিলে প্ৰণৱহঁতে। আনকি আত্মহত্যাৰ ভাবুকিও দিছিল শালিনী আৰু তেওঁৰ পৰিয়ালে, তাৰপাছতো কোনো কামত নাহিল।

শালিনী সংগলে কয় যে ''১২ ফেব্ৰুৱাৰীত আমাৰ বিয়া হৈছিল। আমি দুয়ো হানিমুনত ইণ্ডোনেছিয়াৰ বালীলৈ গৈছিলো। তাতে প্ৰণৱে ক’বলৈ ধৰিলে যে বহুত খৰচ হৈছে। বিয়াৰ লগতে ঘৰ সজাৰ বাবেও বহুত টকা খৰচ হ’ল। এতিয়া যদি তুমি আমাৰ লগত থাকিব বিচাৰা তেন্তে ঘৰৰ পৰা ৫০ লাখ টকা আনিব লাগিব। মই ভাবিছিলো যে সময়ৰ লগে লগে সকলো ঠিক হৈ যাব। ৫০ লাখ টকা সৰু কথা নহয় যে মই মোৰ দেউতাক ক'ম আৰু লগে লগে টকা আনি দিম। আমাৰ মাত্ৰ বিয়া হৈ গৈছেহে, লগে লগে ৫০ লাখ টকা কেনেকৈ দিব।'' 

শলিনীয়ে লগতে কয় যে ''মোক হোলীত মাৰ ঘৰলৈ পঠিওৱা হৈছিল। তেওঁলোকে কৈছিল যে এইটো এটা প্ৰথা। বিয়াৰ পাছত প্ৰথমে মাতৃৰ ঘৰতে হোলী উদযাপন কৰিব লাগে, তাৰপাছত আমি তোমাক লৈ আনিম। যেতিয়া মোক কোনেও নিবলৈ নাহিল তেতিয়া মই খুড়াৰ লগত ইয়ালৈ আহিছিলো কিন্তু এতিয়া মোক ঘৰৰ ভিতৰলৈ সোমাবলৈ দিয়া নাই। মোক ইয়াৰ পৰা খেদি পঠিয়াবলৈ চেষ্টা কৰা হৈছে। আৰক্ষীক এজাহাৰ দাখিল কৰিছোঁ। মই এতিয়া ন্যায় পোৱালৈ বাট চাইছো।''

বিয়াৰ এমাহ পাছতেই সংঘটিত হোৱা এই কাহিনীয়ে এতিয়া অঞ্চলজুৰি চৰ্চা লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ