--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয়-আমেৰিকান কন্যা কিয়াৰা কৌৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। কিয়াৰাৰ বয়স মাত্ৰ ৬ বছৰ।  লণ্ডনৰ ৱৰ্ল্ড বুক অফ ৰেকৰ্ডছ অনুসৰি কিয়াৰা কৌৰ বিশ্বৰ আটাইতকৈ কম বয়সীয়া এক্সপো স্পীকাৰ হৈ পৰিছে। 

৬ বছৰীয়া কিয়াৰা প্ৰথম শ্ৰেণীৰ ছাত্ৰী। ডুবাইত শেহতীয়া ৱৰ্ল্ড এক্সপো 22-ত তেওঁৰ ভাষণক “Small Changes, Big Difference”বুলি কোৱা হৈছে। মেক্সিকো পেভিলিয়ানত আন্তৰ্জাতিক মহিলা সপ্তাহ উদযাপনৰ সময়ত তেওঁৰ ভাষণ মহিলাৰ সৱলীকৰণৰ ওপৰত কেন্দ্ৰীভূত আছিল।

কিয়াৰাই কৈছিল যে এই মহান অনুষ্ঠানটোত দৰ্শকৰ সৈতে কথা পতাটো এটা ৰোমাঞ্চকৰ অভিজ্ঞতা আছিল। "মই মোৰ আইতা, কমাণ্ডাৰ ড০ ৰীতা ভাট্ৰাৰ সৈতে কথা পাতি মোৰ ভাষণ প্ৰস্তুত কৰিছিলো যিয়ে ৪০ বছৰ ধৰি সীমান্ত সুৰক্ষা বাহিনীত সেৱা আগবঢ়াইছিল", তেওঁ ব্যাখ্যা কৰি কয় যে মহিলা সৱলীকৰণৰ প্ৰকৃত সাৰাংশ শিক্ষা, অধিকাৰ, স্বাস্থ্য, সিদ্ধান্ত লোৱা, মজুৰি আৰু পেছাদাৰী সুযোগত নিহিত হৈ আছে"।


ইয়াৰ উপৰিও পঢ়াৰ যাত্ৰাৰ বিষয়ে কোৱাৰ সময়ত আটাইতকৈ কম বয়সীয়া টিইডিএক্স বক্তা হোৱাৰো অভিলেখ গঢ়িছিল কিয়াৰা কৌৰে।  তেওঁ যোৱা বছৰ ১৪ নৱেম্বৰত শিশু দিৱসত টিইডিএক্স সভাত ভাষণ দিছিল যাৰ ফলত লণ্ডনৰ ৱৰ্ল্ড বুক অফ ৰেকৰ্ডছৰ দ্বাৰা তেওঁক স্বীকৃতি দিয়া হৈছিল। তেওঁ  এক ঘণ্টা ৪৫ মিনিটত ৩৬ খন কিতাপ পঢ়াৰ অভিলেখো আছে। 
কিয়াৰাই আমেৰিকাত জন্মগ্ৰহণ কৰিছিল কিন্তু ডুবাইত বাস কৰিছিল যিহেতু তেওঁৰ চিকিৎসক পিতৃ-মাতৃ দুয়ো তাত বসতি স্থাপন কৰিছে।  কিয়াৰাই ফৰাচী আৰু স্পেনিছ ভাষাও অধ্যয়ন কৰি আছে কিয়নো ভাষা অধ্যয়নৰ প্ৰতি প্ৰৱণতা আছে কণমানিজনীৰ।

কিয়াৰাই 'Dairy of a 5-Year-Old Genius Chatterbox Who Set World Records' নামৰ এখন কিতাপো লিখি উলিয়াইছে। কিয়াৰা কৌৰে কয় যে "মই ৰাষ্ট্ৰপতি হ'ব বিচাৰো যাতে মই সুশাসন কৰিব পাৰো আৰু দৰিদ্ৰলোকক সহায় কৰিব পাৰো।"

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ