--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয়-আমেৰিকান কন্যা কিয়াৰা কৌৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। কিয়াৰাৰ বয়স মাত্ৰ ৬ বছৰ।  লণ্ডনৰ ৱৰ্ল্ড বুক অফ ৰেকৰ্ডছ অনুসৰি কিয়াৰা কৌৰ বিশ্বৰ আটাইতকৈ কম বয়সীয়া এক্সপো স্পীকাৰ হৈ পৰিছে। 

৬ বছৰীয়া কিয়াৰা প্ৰথম শ্ৰেণীৰ ছাত্ৰী। ডুবাইত শেহতীয়া ৱৰ্ল্ড এক্সপো 22-ত তেওঁৰ ভাষণক “Small Changes, Big Difference”বুলি কোৱা হৈছে। মেক্সিকো পেভিলিয়ানত আন্তৰ্জাতিক মহিলা সপ্তাহ উদযাপনৰ সময়ত তেওঁৰ ভাষণ মহিলাৰ সৱলীকৰণৰ ওপৰত কেন্দ্ৰীভূত আছিল।

কিয়াৰাই কৈছিল যে এই মহান অনুষ্ঠানটোত দৰ্শকৰ সৈতে কথা পতাটো এটা ৰোমাঞ্চকৰ অভিজ্ঞতা আছিল। "মই মোৰ আইতা, কমাণ্ডাৰ ড০ ৰীতা ভাট্ৰাৰ সৈতে কথা পাতি মোৰ ভাষণ প্ৰস্তুত কৰিছিলো যিয়ে ৪০ বছৰ ধৰি সীমান্ত সুৰক্ষা বাহিনীত সেৱা আগবঢ়াইছিল", তেওঁ ব্যাখ্যা কৰি কয় যে মহিলা সৱলীকৰণৰ প্ৰকৃত সাৰাংশ শিক্ষা, অধিকাৰ, স্বাস্থ্য, সিদ্ধান্ত লোৱা, মজুৰি আৰু পেছাদাৰী সুযোগত নিহিত হৈ আছে"।

ইয়াৰ উপৰিও পঢ়াৰ যাত্ৰাৰ বিষয়ে কোৱাৰ সময়ত আটাইতকৈ কম বয়সীয়া টিইডিএক্স বক্তা হোৱাৰো অভিলেখ গঢ়িছিল কিয়াৰা কৌৰে।  তেওঁ যোৱা বছৰ ১৪ নৱেম্বৰত শিশু দিৱসত টিইডিএক্স সভাত ভাষণ দিছিল যাৰ ফলত লণ্ডনৰ ৱৰ্ল্ড বুক অফ ৰেকৰ্ডছৰ দ্বাৰা তেওঁক স্বীকৃতি দিয়া হৈছিল। তেওঁ  এক ঘণ্টা ৪৫ মিনিটত ৩৬ খন কিতাপ পঢ়াৰ অভিলেখো আছে। 
কিয়াৰাই আমেৰিকাত জন্মগ্ৰহণ কৰিছিল কিন্তু ডুবাইত বাস কৰিছিল যিহেতু তেওঁৰ চিকিৎসক পিতৃ-মাতৃ দুয়ো তাত বসতি স্থাপন কৰিছে।  কিয়াৰাই ফৰাচী আৰু স্পেনিছ ভাষাও অধ্যয়ন কৰি আছে কিয়নো ভাষা অধ্যয়নৰ প্ৰতি প্ৰৱণতা আছে কণমানিজনীৰ।

কিয়াৰাই 'Dairy of a 5-Year-Old Genius Chatterbox Who Set World Records' নামৰ এখন কিতাপো লিখি উলিয়াইছে। কিয়াৰা কৌৰে কয় যে "মই ৰাষ্ট্ৰপতি হ'ব বিচাৰো যাতে মই সুশাসন কৰিব পাৰো আৰু দৰিদ্ৰলোকক সহায় কৰিব পাৰো।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ