--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :  দেশৰ ঐতিহ্য তাজমহলৰ ইতিহাস সম্পৰ্কে আকৌ এবাৰ আলোচনা হৈছে বিশ্বজুৰি। বিশ্বৰ অন্যতম ধনী ব্যক্তি ইলন মাস্কে তাজমহল সম্পৰ্কে এটা টুইট কৰাৰ পাছতে চৰ্চিত হৈছে বিষয়টো৷ ইলন মাস্কে মন্তব্য কৰিছে যে, তাজমহল হৈছে 'সঁচাকৈয়ে পৃথিৱীৰ আশ্চৰ্য'। 

ইলন মাস্কে তেওঁৰ টুইটত ২০০৭ চনত তাজমহল ভ্ৰমণ কৰাৰ কথা সুঁৱৰি ভাৰত ভ্ৰমণৰ বিষয়ে এটা টোকা লিখিছিল। মাস্কে টুইট কৰিছে, 'এয়া আশ্বৰ্যকৰ। মই ২০০৭ চনত তালৈ গৈছিলোঁ আৰু তাজমহল চাইছিলোঁ, ই সঁচাকৈয়ে পৃথিৱীৰ এক আশ্চৰ্য।' তেওঁ ভ্ৰমণৰ লগতে প্ৰকাশ কৰিছিল যে, তেওঁৰ মাতৃয়ে মাস্কৰ ককা-আইতাৰ তাজমহল ভ্ৰমণৰ বিষয়ে বৰ্ণনা কৰিছিল। এলনে কৈছিল যে তেওঁৰ মাতৃয়ে ককাক আৰু আইতাকক বিমানেৰে তাজমহল লৈ যোৱাৰ প্ৰমাণ আছে।

কেৱল এয়াই নহয়, ইলন মাস্কৰ মাতৃ মায়ে মাস্কেও এই ভ্ৰমণ সম্পৰ্কে টুইট কৰিছিল। তেওঁৰ টুইটে তাজমহল সম্পৰ্কীয় আলোচনাক অধিক মাত্ৰা দিয়ে। তেওঁ ইলন মাস্কৰ ককাক-আইতাকৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছিল, যাৰ সৈতে তেওঁ টোকাটোত লিখিছিল, '১৯৫৪ চনত, আপোনাৰ ককা-আইতাই দক্ষিণ আফ্ৰিকাৰ পৰা অষ্ট্ৰেলিয়ালৈ যাওঁতে তাজমহল চাবলৈ গৈছিল।'
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল