--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টলীউড আৰু বলীউডৰ জনপ্ৰিয় অভিনেতা মিথুন চক্ৰৱৰ্তী। তেওঁৰ অভিনয় দক্ষতাৰে ভাৰতীয় চলচ্চিত্ৰ জগতত তেওঁ যি স্থান দখল কৰিছে সেয়া সঁচাকৈয়ে কল্পনাতীত। মিথুন চক্ৰৱৰ্তী কেৱল এটা নাম নহয়, এটা ব্ৰেণ্ড। বাংলা আৰু হিন্দী ছবিত অভিনয় কৰাৰ উপৰি তেওঁ বিভিন্ন ৰিয়েলিটি শ্ব’ত মুখ্য বিচাৰক হিচাপে দেখিবলৈ পোৱা গৈছে। ‘মহাগুৰু’ৰ আসনত বহা দৰ্শকৰ মনতো সমানে উন্মাদনা বিয়পাইছে এইগৰাকী অভিনেতাই।

কেৰিয়াৰৰ ক্ষেত্ৰত সফলতা লাভ কৰা ব্যক্তিগৰাকীৰ ব্যক্তিগত জীৱনত কিন্তু আছে নানা উত্থান-পতন। শ্ৰীদেৱীৰ সৈতে অভিনেতাগৰাকীৰ বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক থকা বুলিও উঠিছিল গুঞ্জন। কিন্তু পত্নী যোগীতা বালীক এৰি যোৱাটো তেওঁৰ বাবে সম্ভৱ নহ’ল। গতিকে, শ্ৰীদেৱীয়ে প্ৰযোজক বনী কাপুৰৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। এতিয়া যোগীতা বালি আৰু মিথুন ৪ সন্তানক লৈ সুখী।

কিন্তু আপুনি জানেনে যে ৪ সন্তানৰ পিতৃ হোৱাৰ পিছতো মিথুনে কেতিয়াও ‘দেউতা’ মাতটো শুনিব পোৱা নাই। ‘দেউতা’ মাতষাৰ পোৱাৰ সেই সৌভাগ্য হোৱা নাই মিথুনৰ। যদিও মিথুনৰ ৪ সন্তানৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে কিন্তু অভিনেতাজনে কিয় নিজ সন্তানৰ পৰা ‘দেউতা’ সম্বোধন পোৱা নাই?

ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণ এবাৰ অভিনেতাজনে নিজেই মুকলিকৈ প্ৰকাশ কৰিছিল। উল্লেখ্য যে, তেওঁৰ জ্যেষ্ঠ পুত্ৰ মিমোৰ বয়স ৪ বছৰ হৈ যোৱাৰ পাছতো মখৰ মাত ফুটা নাছিল। কিন্তু ভগৱানৰ কৃপাত এদিন হঠাতে ‘মিথুন’ বুলি কৈ উঠিছিল।

মিমোৰ মাতত প্ৰথম শব্দটো আছিল ‘মিথুন’। এই কথা শুনি ঘৰৰ সকলোৱে হেনো স্তম্ভিত হৈ পৰিছিল। লগে লগে মিমোক চিকিতসকৰ ওচৰলৈ লৈ যোৱা হয়। ইয়াৰ পিছত ডাক্তৰৰ পৰামৰ্শ মতে মিমোক বাৰে বাৰে মিথুন বুলি মাত মাতিবলৈ প্ৰেৰিত কৰা হৈছিল। মিমো ডাঙৰ হোৱাৰ লগে লগে ই এক অভ্যাসত পৰিণত হয়। আৰু ককায়েকক দেখি আন দুজন সৰু ভাই-ভনীয়েও দেউতাকক মিথুন বুলি মাতিবলৈ লয়। ফলস্বৰূপে, মিথুনৰ সন্তানৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক থাকিলেও ‘দেউতা’ মাতষাৰ আজিলৈকে শুনিবলৈ পোৱা নাই অভিনেতা গৰাকীয়ে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ