--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টলীউড আৰু বলীউডৰ জনপ্ৰিয় অভিনেতা মিথুন চক্ৰৱৰ্তী। তেওঁৰ অভিনয় দক্ষতাৰে ভাৰতীয় চলচ্চিত্ৰ জগতত তেওঁ যি স্থান দখল কৰিছে সেয়া সঁচাকৈয়ে কল্পনাতীত। মিথুন চক্ৰৱৰ্তী কেৱল এটা নাম নহয়, এটা ব্ৰেণ্ড। বাংলা আৰু হিন্দী ছবিত অভিনয় কৰাৰ উপৰি তেওঁ বিভিন্ন ৰিয়েলিটি শ্ব’ত মুখ্য বিচাৰক হিচাপে দেখিবলৈ পোৱা গৈছে। ‘মহাগুৰু’ৰ আসনত বহা দৰ্শকৰ মনতো সমানে উন্মাদনা বিয়পাইছে এইগৰাকী অভিনেতাই।

কেৰিয়াৰৰ ক্ষেত্ৰত সফলতা লাভ কৰা ব্যক্তিগৰাকীৰ ব্যক্তিগত জীৱনত কিন্তু আছে নানা উত্থান-পতন। শ্ৰীদেৱীৰ সৈতে অভিনেতাগৰাকীৰ বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক থকা বুলিও উঠিছিল গুঞ্জন। কিন্তু পত্নী যোগীতা বালীক এৰি যোৱাটো তেওঁৰ বাবে সম্ভৱ নহ’ল। গতিকে, শ্ৰীদেৱীয়ে প্ৰযোজক বনী কাপুৰৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। এতিয়া যোগীতা বালি আৰু মিথুন ৪ সন্তানক লৈ সুখী।

কিন্তু আপুনি জানেনে যে ৪ সন্তানৰ পিতৃ হোৱাৰ পিছতো মিথুনে কেতিয়াও ‘দেউতা’ মাতটো শুনিব পোৱা নাই। ‘দেউতা’ মাতষাৰ পোৱাৰ সেই সৌভাগ্য হোৱা নাই মিথুনৰ। যদিও মিথুনৰ ৪ সন্তানৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে কিন্তু অভিনেতাজনে কিয় নিজ সন্তানৰ পৰা ‘দেউতা’ সম্বোধন পোৱা নাই?

ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণ এবাৰ অভিনেতাজনে নিজেই মুকলিকৈ প্ৰকাশ কৰিছিল। উল্লেখ্য যে, তেওঁৰ জ্যেষ্ঠ পুত্ৰ মিমোৰ বয়স ৪ বছৰ হৈ যোৱাৰ পাছতো মখৰ মাত ফুটা নাছিল। কিন্তু ভগৱানৰ কৃপাত এদিন হঠাতে ‘মিথুন’ বুলি কৈ উঠিছিল।

মিমোৰ মাতত প্ৰথম শব্দটো আছিল ‘মিথুন’। এই কথা শুনি ঘৰৰ সকলোৱে হেনো স্তম্ভিত হৈ পৰিছিল। লগে লগে মিমোক চিকিতসকৰ ওচৰলৈ লৈ যোৱা হয়। ইয়াৰ পিছত ডাক্তৰৰ পৰামৰ্শ মতে মিমোক বাৰে বাৰে মিথুন বুলি মাত মাতিবলৈ প্ৰেৰিত কৰা হৈছিল। মিমো ডাঙৰ হোৱাৰ লগে লগে ই এক অভ্যাসত পৰিণত হয়। আৰু ককায়েকক দেখি আন দুজন সৰু ভাই-ভনীয়েও দেউতাকক মিথুন বুলি মাতিবলৈ লয়। ফলস্বৰূপে, মিথুনৰ সন্তানৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক থাকিলেও ‘দেউতা’ মাতষাৰ আজিলৈকে শুনিবলৈ পোৱা নাই অভিনেতা গৰাকীয়ে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান