--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা নিৰ্দিষ্ট বয়সৰ পাছত মুখত বাৰ্ধক্য দেখা দিবলৈ আৰম্ভ কৰে যদিও কিছুমান মানুহৰ ক্ষেত্ৰত বয়সৰ আগতেই মুখত বাৰ্ধক্য দেখা দিবলৈ আৰম্ভ কৰে। যদি আপোনাৰ লগতো একেই কথা ঘটি আছে তেন্তে আপুনি সাৱধান হোৱাটো প্ৰয়োজন। 

কাৰণ এই সকলোবোৰ আপোনাৰ ভুল অভ্যাসৰ বাবেই ঘটিছে। এনে পৰিস্থিতিত আপোনাৰ কিছুমান অভ্যাসৰ প্ৰতি মনোযোগ দিয়াটো গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে আপুনি আপোনাৰ জীৱনশৈলীত কিছু পৰিৱৰ্তন কৰা উচিত। 

১) সদায় মানসিক চাপত থকাঃ আজিকালি বেছিভাগ মানুহেই মানসিক চাপত জীৱন কটায়, কিন্তু সদায় মানসিক চাপত থাকিলেও আপোনাৰ শৰীৰত প্ৰভাৱ পৰে। বৰ্তমান প্ৰতিজন ব্যক্তি মানসিক চাপৰ বলি। কিন্তু সীমিত পৰিমাণেহে মানসিক চাপ লোৱাটো ভাল। হয়, যেতিয়া আপুনি অতিমাত্ৰা চিন্তা কৰে আৰু টেনচন বৃদ্ধি পায়, ইয়াৰ প্ৰভাৱ আপোনাৰ মুখতো পৰে। গতিকে মানসিক চাপৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক।

২) ভালদৰে টোপনি নোযোৱাঃ  আজিৰ সময়ত সকলোৱে গভীৰ নিশালৈকে সজাগ হৈ থাকে যাৰ বাবে মানুহে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়, কিন্তু আপুনি জানেনে যে যদি আপুনি পৰ্যাপ্ত পৰিমাণে টোপনি নাপায় তেন্তে ই আপোনাৰ ছালত প্ৰভাৱ পেলায়।ভালদৰে টোপনি গ্ৰহণ কৰিলে অকালতে বলিৰেখা হোৱা ৰোধ হয় মুখত। গতিকে সদায় ভাল টোপনি লোৱা উচিত, ৰাতি ৮ ঘণ্টা টোপনি লোৱাৰ চেষ্টা কৰক।

৩) স্বাস্থ্যকৰ খাদ্য নোখোৱাঃ আজিকালি মানুহৰ খাদ্যাভ্যাস খৰতকীয়া জীৱনৰ বাবেই নষ্ট হৈ পৰিছে। কিন্তু আপুনি জানেনে যে ই আপোনাৰ ছালত প্ৰভাৱ পেলায়? হয়, বেছিকৈ ভজা আৰু মচলাযুক্ত খাদ্য খোৱাৰ ফলতো বয়স বৃদ্ধিৰ সমস্যা হয়। গতিকে বয়সৰ আগত যদি আপুনি বৃদ্ধ যেন দেখাব নিবিচাৰে, তেন্তে স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰি সময়মতে খাদ্য গ্ৰহণ কৰা উচিত।

৪) ধূমপানৰ অভ্যাসঃ যদি আপোনাৰো ধূমপান কৰাৰ অভ্যাস আছে, তেন্তে আপুনি সাৱধান হ’ব লাগিব কাৰণ ইয়াৰ বাবে ছালে পৰ্যাপ্ত পুষ্টি আৰু অক্সিজেন নাপায়। গতিকে যদি আপোনাৰ ধূমপানৰ অভ্যাস আছে তেন্তে আপোনাৰ এই অভ্যাসটো এৰি দিয়ক।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ