--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা নিৰ্দিষ্ট বয়সৰ পাছত মুখত বাৰ্ধক্য দেখা দিবলৈ আৰম্ভ কৰে যদিও কিছুমান মানুহৰ ক্ষেত্ৰত বয়সৰ আগতেই মুখত বাৰ্ধক্য দেখা দিবলৈ আৰম্ভ কৰে। যদি আপোনাৰ লগতো একেই কথা ঘটি আছে তেন্তে আপুনি সাৱধান হোৱাটো প্ৰয়োজন। 

কাৰণ এই সকলোবোৰ আপোনাৰ ভুল অভ্যাসৰ বাবেই ঘটিছে। এনে পৰিস্থিতিত আপোনাৰ কিছুমান অভ্যাসৰ প্ৰতি মনোযোগ দিয়াটো গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে আপুনি আপোনাৰ জীৱনশৈলীত কিছু পৰিৱৰ্তন কৰা উচিত। 

১) সদায় মানসিক চাপত থকাঃ আজিকালি বেছিভাগ মানুহেই মানসিক চাপত জীৱন কটায়, কিন্তু সদায় মানসিক চাপত থাকিলেও আপোনাৰ শৰীৰত প্ৰভাৱ পৰে। বৰ্তমান প্ৰতিজন ব্যক্তি মানসিক চাপৰ বলি। কিন্তু সীমিত পৰিমাণেহে মানসিক চাপ লোৱাটো ভাল। হয়, যেতিয়া আপুনি অতিমাত্ৰা চিন্তা কৰে আৰু টেনচন বৃদ্ধি পায়, ইয়াৰ প্ৰভাৱ আপোনাৰ মুখতো পৰে। গতিকে মানসিক চাপৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক।

২) ভালদৰে টোপনি নোযোৱাঃ  আজিৰ সময়ত সকলোৱে গভীৰ নিশালৈকে সজাগ হৈ থাকে যাৰ বাবে মানুহে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়, কিন্তু আপুনি জানেনে যে যদি আপুনি পৰ্যাপ্ত পৰিমাণে টোপনি নাপায় তেন্তে ই আপোনাৰ ছালত প্ৰভাৱ পেলায়।ভালদৰে টোপনি গ্ৰহণ কৰিলে অকালতে বলিৰেখা হোৱা ৰোধ হয় মুখত। গতিকে সদায় ভাল টোপনি লোৱা উচিত, ৰাতি ৮ ঘণ্টা টোপনি লোৱাৰ চেষ্টা কৰক।

৩) স্বাস্থ্যকৰ খাদ্য নোখোৱাঃ আজিকালি মানুহৰ খাদ্যাভ্যাস খৰতকীয়া জীৱনৰ বাবেই নষ্ট হৈ পৰিছে। কিন্তু আপুনি জানেনে যে ই আপোনাৰ ছালত প্ৰভাৱ পেলায়? হয়, বেছিকৈ ভজা আৰু মচলাযুক্ত খাদ্য খোৱাৰ ফলতো বয়স বৃদ্ধিৰ সমস্যা হয়। গতিকে বয়সৰ আগত যদি আপুনি বৃদ্ধ যেন দেখাব নিবিচাৰে, তেন্তে স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰি সময়মতে খাদ্য গ্ৰহণ কৰা উচিত।

৪) ধূমপানৰ অভ্যাসঃ যদি আপোনাৰো ধূমপান কৰাৰ অভ্যাস আছে, তেন্তে আপুনি সাৱধান হ’ব লাগিব কাৰণ ইয়াৰ বাবে ছালে পৰ্যাপ্ত পুষ্টি আৰু অক্সিজেন নাপায়। গতিকে যদি আপোনাৰ ধূমপানৰ অভ্যাস আছে তেন্তে আপোনাৰ এই অভ্যাসটো এৰি দিয়ক।




FOLLOW US F
POPULAR
FEATURE
TRENDY
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু