--°C
Loading...
Listen to Article
2 min read
80%

মুজাফ্ফৰনগৰ : গোড়ামিৰ চূড়ান্ত নিদৰ্শন দাঙি ধৰি ছোৱালীৰ বিৰু্দ্ধে তালিবানী ফটোৱা জাৰি কৰা হৈছে এইখন দেশতে। সাজ-পোছাকক লৈ জাৰি কৰা হৈছে এই ফটোৱা। ইয়াক অমান্য কৰিলে ভুগিব লাগিব কঠোৰ শাস্তি। এই নিয়ম অনুসৰি ছোৱালীয়ে পিন্ধিব নোৱাৰিব পেণ্ট আৰু স্কাৰ্ট। ল’ৰায়ো হাফ পেণ্ট পিন্ধিব নোৱাৰিব। অন্যথা তেওঁলোকক সমাজৰ পৰা বহিষ্কাৰ কৰা হ’ব। আচৰিত আৰু আচহুৱা যেন লাগিলেও এই নিৰ্দেশকে জাৰি কৰিলে উত্তৰপ্ৰদেশৰ মুজাফ্ফৰনগৰৰ এখন পঞ্চায়তে।

আৰু পঢ়িব পাৰিব :নতুন ভূমিকাত কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ

মুজাফ্ফৰনগৰৰ পিপালশ্বাহ গাঁৱত মঙলবাৰে অনুষ্ঠিত এই পঞ্চায়তত সিদ্ধান্ত লোৱা হয় যে, নিয়ম নামানা লোক সমাজচ্যুত হ’ব লাগিব। ‘এয়া আমাৰ সংস্কৃতি নহয়। ছোৱালীয়ে জিনছ আৰু স্কাৰ্ট পিন্ধা উচিত নহয় আৰু পুৰুষেও উপযুক্ত কাপোৰ পিন্ধিব লাগিব। তেওঁলোকে সঠিকভাৱে সাজ-পোছাক পৰিধান নকৰিলে তেওঁলোকক কৰা হ’ব এঘৰীয়া।’

আৰু পঢ়িব পাৰিব :আৰক্ষী-চিকিৎসকৰ কৃপাত ৰাজ্যত ব্ৰইলাৰ, গাহৰিৰ বৃহৎ ছিণ্ডিকেট

ভাৰতীয় কিষাণ সংগঠন (বিকেএছ)ৰ সভাপতি ঠাকুৰ পূৰণ সিঙে এই মন্তব্য কৰে। স্কুলীয়া শিক্ষাৰ্থীক এই নিয়মৰ পৰা ৰেহাই দিয়া বুলি প্ৰকাশ কৰিলেও আঁঠুৰ ওপৰত উঠা কাপোৰ পিন্ধাটো ভাল নহয় বুলিও তেওঁ মন্তব্য কৰে। পঞ্চায়তখনৰ এই সিদ্ধান্ত শেহতীয়াকৈ পোহৰলৈ আহিছে আৰু ইয়াকে লৈ তুমুল প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ