--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মিচেল ষ্টাৰ্কৰ দুৰন্ত বলিঙৰ সহায়ত চলিত আই পি এলৰ কালিৰ এখন ৰোমাঞ্চকৰ খেলত ৰাজস্থান ৰয়েলছক ছুপাৰ অ'ভাৰত পৰাজিত কৰে দিল্লী কেপিটেলছে। 

ছুপাৰ অ'ভাৰত জয়ৰ বাবে ১২ ৰানৰ প্ৰয়োজন আছিল আৰু দিল্লী কেপিটেলছে সেয়া ৪টা বলতে অতিক্রম কৰে। তাৰ আগেয়ে দিল্লীৰ ৫ উইকেটত ১৮৮ ৰানৰ প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছেও ৪টা উইকেট হেৰুৱাই ১৮৮ ৰান কৰাত খেলখন টাই হয়। পোনতে বেট ধৰি দিল্লী কেপিটেলছে অভিষেক প'ৰেলৰ ৩৭টা বলত ৫টা চাৰি ১টা ছয় সম্বলিত ৪৯ ৰানৰ সহায়ত ৫টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল ১৮৮ ৰান। 

দলীয় স্ক'ৰ ৩৪ ৰানত অ'পেনাৰ জেক ফ্ৰেজাৰ মেকগাৰ্ক (৯) আৰু কৰুণ নায়াৰ (০) পেভিলিয়নলৈ উভতিছিল। ইয়াৰ পাছত অভিষেকৰ উপৰি লোকেশ ৰাহুলে ৩৮, ডিষ্টান ষ্টাবছে অপৰাজিত ৩৪, অধিনায়ক অক্ষৰ পেটেলে ৩৪ আৰু আশুতোষ শর্মাই অবিজিত ১৫ ৰানৰ উল্লেখনীয় অৱদান আগবঢ়ায়। 

ৰাজস্থান ৰয়েলছৰ জুফ্ৰা আৰ্চাৰে সৰ্বাধিক দুটা উইকেট দখল কৰে। অসম সন্তান ৰিয়ান পৰাগে ১ অ'ভাৰত ছয় ৰান খৰচ কৰি কোনো উইকেট নাপালে। পৰৱৰ্তী সময়ত যশশ্বী জয়ছোৱাল (৫১) আৰু নীতিশ ৰানাৰ (৫১) অর্ধশতৰানৰ জৰিয়তে ৰাজস্থানে ৪ উইকেটত ১৮৮ ৰান কৰিছিল। অন্তিম অ'ভাৰত ৰাজস্থানক ৯ ৰানৰ প্ৰয়োজন আছিল যদিও ষ্টাকে মাথোঁ ৮ ৰানহে খৰচ কৰে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ