--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এল ২০২৫ত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ হৈ খেলা বেগী বলাৰ ভুৱনেশ্বৰ কুমাৰে খেলপথাৰত য়ৰ্কাৰ আৰু ছুইঙৰ বাবে সামাজিক মাধ্যমত বহু চৰ্চিত। তেওঁৰ ব্যক্তিগত জীৱনটোও সমানেই আকৰ্ষণীয়। ভুৱনেশ্বৰ কুমাৰ আৰু তেওঁৰ পত্নী নুপুৰৰ প্ৰেম কাহিনীটো চিনেমাতকৈও কম নহয় য’ত শৈশৱৰ এক নিৰীহ বন্ধুত্ব ক্ৰমান্বয়ে গভীৰ সম্পৰ্কলৈ পৰিণত হৈছিল।

ভুৱনেশ্বৰ কুমাৰৰ ঘৰ মীৰুটত। এবাৰ বদলিযোগ্য চাকৰি থকা নুপুৰৰ পিতৃক মীৰুটত পোষ্ট কৰা হৈছিল। নুপুৰৰ পিতৃয়ে মীৰুটত ভাড়াঘৰ বিচাৰি আছিল। সেই অনুসন্ধানত তেওঁ ভুৱনেশ্বৰৰ ঘৰৰ দুৱাৰত টোকৰ মাৰিলে। তেওঁৰ ঘৰলৈ আহি নুপুৰৰ পিতৃৰ ভাড়াঘৰৰ সন্ধানৰ অন্ত পৰিল।

সেই একেখন ঘৰতে প্ৰথমবাৰৰ বাবে নুপুৰ আৰু ভুৱনেশ্বৰ লগ হৈছিল। তেতিয়া ভুৱীৰ বয়স ১৩ বছৰ আৰু নুপুৰৰ বয়স ১১ বছৰ। ইয়াৰ পৰাই আৰম্ভ হৈছিল তেওঁলোকৰ বন্ধুত্ব, যিটো সময়ৰ লগে লগে প্ৰেমলৈ ৰূপান্তৰিত হ’ল।

নুপুৰে এক সাক্ষাৎকাৰত কয় যে ঘৰৰ ভিতৰতে হওক বা বাহিৰতেই হওক ভূৱিক সদায় তেওঁৰ আৰ্ম ছুইঙেৰে বলিং কৰা দেখি আহিছো। ল’ৰা-ছোৱালীয়ে কেৱল খেলা বয়সত ভুৱীয়ে ক্ৰিকেটৰ প্ৰেমত পৰিছিল আৰু নুপুৰৰ সৈতে তেওঁৰ সম্পৰ্কৰ ভেটিও শক্তিশালী হৈ আহিছিল। 

ভুৱীয়ে কয় যে , নুপুৰৰ পৰিয়ালে বহু বছৰ ভাড়াতীয়া হিচাপে তেওঁৰ ঘৰত থাকিছিল। তাৰ পিছত পিতৃয়ে তেওঁলোকৰ ঘৰৰ পৰা ২ মিনিটৰ দূৰত্বত নিজাকৈ ঘৰ সাজিছিল। ভুৱীৰ ভাড়াতীয়াসকল নিশ্চয়কৈ নিজৰ নতুন ঘৰলৈ স্থানান্তৰিত হ’ল। কিন্তু তেওঁৰ কন্যা নুপুৰ পিছত ঘৰৰ মালিকৰ ল’ৰাটোৰ লগত বিয়া হৈ একেখন ঘৰৰ বোৱাৰী হৈ পৰিল। ঘৰৰ মালিকৰ সেই পুত্ৰ হ’ল ভুৱনেশ্বৰ কুমাৰ।

সময়ৰ লগে লগে এই বন্ধুত্ব গভীৰ সম্পৰ্কলৈ পৰিণত হ’ল আৰু দুয়োজনে বিয়া হোৱাৰ সিদ্ধান্ত ল’লে। ভুৱনেশ্বৰ আৰু নুপুৰৰ এই কাহিনীটোৱে যে প্ৰকৃত প্ৰেমে সময়, দূৰত্ব আৰু পৰিস্থিতিৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে তাৰ এক ডাঙৰ উদাহৰণ। ক্ৰিকেট খেলপথাৰত ভুৱীৰ সফলতা যিমানেই প্ৰেৰণাদায়ক, সিমানেই সুন্দৰ তেওঁৰ ব্যক্তিগত জীৱনৰ প্ৰেম কাহিনী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ