--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দুবাৰৰ অলিম্পিক পদকজয়ী নীৰজ চোপ্রাই পটচেফস্ট্র'ম আমন্ত্রণমূলক ট্রেক ইভেন্টত ৮৪.৫২ মিটাৰ জেভেলিন নিক্ষেপ কৰি নিজৰ ২০২৫ ছিজনৰ আৰম্ভণি ঘটাইছে। বুধবাৰে ছজনীয়া খেলুৱৈৰ প্ৰতিদ্বন্দ্বিতাত নীৰজে তেনেদৰেই দক্ষিণ আফ্রিকাত স্বর্ণজয়ী কৃতিত্ব অর্জন কৰে। 

নিজৰ শ্রেষ্ঠ ৮৯.৯৪ মিটাৰৰ কাষ চাপিব নোৱাৰিলেও চোপ্ৰাৰ বাবে এয়া ছিজনটোত এক শক্তিশালী আৰু মনোবল বৃদ্ধিৰ আৰম্ভণি বিবেচিত হৈছে। তাৰকা জেভেলিন থ্র'ৱাৰ চোপ্ৰাৰ নিকটতম প্রতিযোগী আছিল দক্ষিণ আফ্ৰিকাৰ ডাউ স্মিট। স্মিটে নিজৰ শ্ৰেষ্ঠ প্রদর্শন দাঙি ধৰি ৮৩.২৯ মিটাৰেৰে ৰূপৰ পদক লাভ কৰে। 

লক্ষণীয়ভাৱে ছজনীয়া খেলুৱৈৰ ভিতৰত মাথোঁ চোপ্রা আৰু স্মিটে ৮০ মিটাৰৰ সীমা পাৰ কৰিবলৈ সক্ষম হয়। এই ইভেন্টখনতে চোপ্রাই ২০২৫ ছিজনত প্রথম প্রতিযোগিতাত অৱতীৰ্ণ হয়। আগন্তুক এলীট আন্তর্জাতিক ছিজনৰ আগে আগে তেওঁ পটচেফস্ট্র'মত অনুশীলনত ব্যস্ত আছে। পেৰিছ অলিম্পিকৰ ৰূপজয়ী চোপ্রাই অহা ১৬ মে'ত ডোহা ডায়মণ্ড লীগত অৱতীৰ্ণ হ'ব, য'ত তেওঁ কঠিন প্রতিদ্বন্দ্বিতাৰ সন্মুখীন হ'ব।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ