--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি আপুনি দৈনিক ফলমূল খায় তেন্তে ৰোগে আপোনাক স্পৰ্শ কৰিব নোৱাৰে। ফলত বহু ধৰণৰ ভিটামিন পোৱা যায়, যাৰ বাবে আমি শৰীৰত ভাগৰুৱা, দুৰ্বলতা অনুভৱ নকৰো। ইয়াৰ লগতে ফলমূলৰ সেৱনে আমাৰ ছালখনো উন্নত কৰে। আজি আমি আপোনালোকক ক'ম গৰমৰ দিনত দৈ আৰু পেটৰ বাবে উপকাৰী ফলৰ পৰা তৈয়াৰী কৰা চাটৰ ৰেচিপি। চাটৰ নাম শুনিলেই আপুনি ভাবে যে ইয়াত বহুতো টেঙা মছলা থাকে কিন্তু আজি আমি দৈ আৰু ফলৰ পৰা তৈয়াৰী ফলৰ চাট বনাবলৈ শিকাম। এই মিঠা আৰু সোৱাদভৰা চাটটো আপোনালোকে নিশ্চয় ভাল পাব।

দৈ-ফল চাটৰ বাবে প্ৰয়োজনীয় উপাদান

১)ক্ৰীম ৪০০ গ্ৰাম (ইচ্ছা কৰিলে গ্ৰীষ্মকালত মিঠা দৈ ব্যৱহাৰ কৰিব পাৰে)।

২)চেনি ১০০ গ্ৰাম

৩)এটা আপেল

৪)আধা ডালিম

৫)আধা অমিতা

৬)এটা পীচ

৭)এক চতুৰ্থাংশ আনাৰস

৮)কেইটামান আলমণ্ড

৯)আঙুৰ

সজাবৰ বাবে

পিষ্টা আৰু চেৰীৰ সৰু সৰু টুকুৰা

দৈ-ফলৰ চাট কেনেকৈ বনাব

১)প্ৰথমে এটা পাত্ৰত ক্ৰীম বা দৈ আৰু চেনি দুয়োটা ভালদৰে মিহলাই দিব লাগে।

২)আপেল, ডালিম, অমিতা, পীচ, আনাৰস আৰু আলমণ্ড মিহলাই দৈৰ লগত মিহলাই লওক।

৩)ঠাণ্ডা হ’বলৈ আধা ঘণ্টা ফ্ৰীজত ৰাখিব।

৪)নিৰ্ধাৰিত সময়ৰ পিছত প্ৰস্তুত কৰা মিশ্ৰণটোত চেৰী আৰু পিষ্টা মিহলাই দিব।

আপোনাৰ দৈ-ফলৰ চাট সাজু হৈছে। গ্ৰীষ্মকালত ইয়াৰ সোৱাদ লওক। শৰীৰে পুষ্টি লাভ কৰাৰ লগতে শীতলতা লাভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ