--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • স্বাধীনতা দিৱসৰ দিনাৰ পৰা সামাজিক মাধ্যমত একাংশ লোকে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দি বিভিন্ন পোষ্ট কৰাৰ অভিযোগ উত্থাপিত হৈছে।

ডিজিটেল ডেস্ক: সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া ঘটনাক লৈ সৰৱ কাছাৰৰ বিজেপি বিধায়ক কমলাক্ষ দে পুৰকায়স্থ। মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়াৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰিছে কাছাৰৰ কাটিগড়া সমষ্টিৰ বিজেপি বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই। বিধায়কগৰাকীয়ে সন্দেহ প্ৰকাশ কৰি কয় যে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া লোকসকলৰ পাকিস্তান আৰু ISIৰ সৈতে সম্পৰ্ক থাকিব পাৰে।


স্বাধীনতা দিৱসৰ দিনাৰ পৰা সামাজিক মাধ্যমত একাংশ লোকে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দি বিভিন্ন পোষ্ট কৰাৰ অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে ঘটনাটোৰ সৈতে জড়িত থকাৰ সন্দেহত অসম আৰক্ষীয়ে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে।


এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক কমলাক্ষ দে পুৰকায়স্থই কয় যে ‘‘মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়াসকলে পাকিস্তান, বাংলাদেশ আৰু ISIৰ পৰা সাহস পাই আছে। যাৰবাবে তেওঁলোকে মুখ্যমন্ত্ৰী হত্যাৰ এনে ভাবুকি দি আছে।’’ 

 

বিধায়ক পুৰকায়স্থই লগতে কয়, ‘‘যিসকলে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দি আছে, সেইসকলে ভাৰতবৰ্ষক ধ্বংস কৰাৰ লগতে দেশৰ কৃষ্টিসংস্কৃতিক আৰু ঐতিহ্যক বিনষ্ট কৰাৰ চেষ্টা চলাইছে। এনে দেশদ্ৰোহী লোকৰ বিৰুদ্ধে কোনো ধৰণৰ শিথিলতা নেদেখুৱাই কঠোৰতম আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷’’ 



FOLLOW US F
POPULAR
FEATURE
TRENDY
‘মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া লোকসকলে পাকিস্তান, ISIৰ পৰা সাহস পাইছে!’ বিস্ফোৰক মন্তব্য বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ
শিশুৰ এই ৬টা লক্ষণক আওকাণ নকৰিব! লুকাই থাকিব পাৰে ভয়ংকৰ ৰোগ
বোল বমৰ তীৰ্থযাত্ৰীৰ পোছাক পৰিধান কৰি মোবাইল চুৰি বাবুল আলী আৰু শুকুৰ আলীৰ; দুয়োকে আটক বশিষ্ঠ আৰক্ষীৰ
জাগীৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা; এহাল যুৱক-যুৱতী থিতাতে নিহত
ক্ষুদ্ৰ আকাৰৰ মুখা নিৰ্মাণ কৰি বিশ্ব অভিলেখ গঢ়িলে ওৰাঙৰ কণজিৎ মেধিয়ে
নাহৰকটীয়াত শোকাৱহ ঘটনা; সমনীয়াৰ সৈতে নদীত গা ধুবলৈ গৈ সলিল সমাধি ১২ বছৰীয়া কিশোৰীৰ
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত