--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৪০টা সমষ্টিৰ চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা প্রকাশো কৰা হৈছে।

ডিজিটেল ডেস্ক : মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অহা নৱেম্বৰ মাহত অনুষ্ঠিত হ'ব। কালি দিছপুৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰা মতে, এইবাৰৰ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন কিছু সুকীয়া হ'ব। কোনো ৰাজনৈতিক দলে এই নির্বাচনত প্রার্থী দিব নোৱাৰিব। বিগত পঞ্চায়ত নিৰ্বাচনৰ দৰেই হ'ব মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। এই নির্বাচনটো বেলেট পেপাৰত কোনো ৰাজনৈতিক দলৰ চিহ্ন নাথাকিব। 


উল্লেখযোগ্য যে মিচিং আৰু সোণোৱাৰ কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে নির্বাচন আয়োগে প্রস্তুতি চলাইছে। মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৪০টা সমষ্টিৰ চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা প্রকাশো কৰা হৈছে। ৰাজ্য চৰকাৰৰ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগে জাৰি কৰা অধিসূচনাৰ ভিত্তিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণ কৰাৰ পাছত এই চূড়ান্ত ভোটাৰ তালিকা প্রস্তুত কৰা হৈছে। প্ৰকাশ পোৱা ভোটাৰ তালিকা অনুসৰি, ৪০টা সমষ্টিত মুঠ ৬,৩৫,৬০১‌ গৰাকী ভোটদাতা আছে। ইয়াৰে ৩,১৭,৩৪৩গৰাকী পুৰুষ, ৩,১৮,২৫৬গৰাকী মহিলা আৰু ২ গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। 


আনহাতে, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচনক কেন্দ্ৰ কৰিও ৰাজ্যত নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে। প্রকাশিত চূড়ান্ত ফটো ভোটাৰ তালিকা অনুসৰি, পৰিষদখনৰ ৩২টা পৰিষদীয় সমষ্টিত মুঠ ১,৬৩,৯৬৬গৰাকী ভোটাৰ আছে। ইয়াৰে ৭৯,২৯৫ গৰাকী পুৰুষ, ৮৪,৬৬৭গৰাকী মহিলা আৰু ৪গৰাকী 'অন্যান্য' শ্ৰেণীৰ ভোটাৰ।

উৎস: দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ