--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সমদল আৰম্ভ হোৱাৰ সময়তে টি এম চি কর্মী আৰু বিজেপিৰ কৰ্মীৰ মাজত হতাহতি লাগে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠী চালনা কৰিবলগীয়া হয়।

ডিজিটেল ডেস্ক : তৃণমূল কংগ্ৰেছৰ (টি এম চি) নেত্রী তথা পশ্চিম বংগৰ প্রাক্তন মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ নেতৃত্বত বুধবাৰে কলকাতাত উলিওৱা প্রতিবাদী সমদললৈ কণী দলিয়ালে বিজেপি কর্মীয়ে। বালিগঞ্জ ফাড়িৰ পৰা হাজৰা মোৰ অভিমুখে উলিওৱা টি এম চিৰ সমদলৰ সময়ত বিজেপিৰ কৰ্মীয়ে কেইবাস্থানতো 'চোৰ', 'চোৰ' ধ্বনি দিয়াৰো অভিযোগ উঠিছে। 


ৰাজ্যখনৰ বাৰুইপুৰত এটি ১১ বছৰীয়া কন্যা শিশুক বলাৎকাৰ কৰি হত্যা কৰাৰ ঘটনাৰ দোষীক কঠোৰ শাস্তিৰ দাবীৰ লগতে চৰকাৰৰ ব্যর্থতাৰ অভিযোগ তুলি এই প্রতিবাদী সমদল উলিওৱা হৈছিল। সমদল আৰম্ভ হোৱাৰ সময়তে টি এম চি কর্মী আৰু বিজেপিৰ কৰ্মীৰ মাজত হতাহতি লাগে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠী চালনা কৰিবলগীয়া হয়। 


কিন্তু পৰৱৰ্তী সময়ত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে আৰু আৰক্ষীৰ নিয়ন্ত্ৰণৰ বাহিৰ হৈ যায়। মমতা বেনার্জীয়ে কলকাতা আৰক্ষীক বিজেপিৰে এটা শাখা হিচাপে অভিহিত কৰিছে। উল্লেখযোগ্য যে এই প্রতিবাদী সমদল উলিয়াবলৈ কলকাতা আৰক্ষীয়ে টি এম চিক অনুমতি দিয়া নাছিল। পৰৱৰ্তী সময়ত কলকাতা উচ্চ ন্যায়ালয়ে কেইবাটাও চৰ্তৰ বিনিময়ত টি এম চিক অনুমতি দিছিল।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান