--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সমদল আৰম্ভ হোৱাৰ সময়তে টি এম চি কর্মী আৰু বিজেপিৰ কৰ্মীৰ মাজত হতাহতি লাগে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠী চালনা কৰিবলগীয়া হয়।

ডিজিটেল ডেস্ক : তৃণমূল কংগ্ৰেছৰ (টি এম চি) নেত্রী তথা পশ্চিম বংগৰ প্রাক্তন মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ নেতৃত্বত বুধবাৰে কলকাতাত উলিওৱা প্রতিবাদী সমদললৈ কণী দলিয়ালে বিজেপি কর্মীয়ে। বালিগঞ্জ ফাড়িৰ পৰা হাজৰা মোৰ অভিমুখে উলিওৱা টি এম চিৰ সমদলৰ সময়ত বিজেপিৰ কৰ্মীয়ে কেইবাস্থানতো 'চোৰ', 'চোৰ' ধ্বনি দিয়াৰো অভিযোগ উঠিছে। 

ৰাজ্যখনৰ বাৰুইপুৰত এটি ১১ বছৰীয়া কন্যা শিশুক বলাৎকাৰ কৰি হত্যা কৰাৰ ঘটনাৰ দোষীক কঠোৰ শাস্তিৰ দাবীৰ লগতে চৰকাৰৰ ব্যর্থতাৰ অভিযোগ তুলি এই প্রতিবাদী সমদল উলিওৱা হৈছিল। সমদল আৰম্ভ হোৱাৰ সময়তে টি এম চি কর্মী আৰু বিজেপিৰ কৰ্মীৰ মাজত হতাহতি লাগে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠী চালনা কৰিবলগীয়া হয়। 

কিন্তু পৰৱৰ্তী সময়ত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে আৰু আৰক্ষীৰ নিয়ন্ত্ৰণৰ বাহিৰ হৈ যায়। মমতা বেনার্জীয়ে কলকাতা আৰক্ষীক বিজেপিৰে এটা শাখা হিচাপে অভিহিত কৰিছে। উল্লেখযোগ্য যে এই প্রতিবাদী সমদল উলিয়াবলৈ কলকাতা আৰক্ষীয়ে টি এম চিক অনুমতি দিয়া নাছিল। পৰৱৰ্তী সময়ত কলকাতা উচ্চ ন্যায়ালয়ে কেইবাটাও চৰ্তৰ বিনিময়ত টি এম চিক অনুমতি দিছিল।

উৎস: দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ