--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ মহাকাশৰ পৰা পৃথিৱীলৈ ঘূৰি অহাৰ পাছত এইবাৰ দীৰ্ঘ সময়ৰ বাবে মহাকাশলৈ যাবলৈ সাজু হৈছে অসমৰ জোঁৱাই মাইক ফিনকে। নাছাৰ স্পেচ ক্রু-১১ মিছনৰ অংশ হিচাপে মাইক ফিনকেৰ উপৰি তিনিটা স্পেচ এজেঞ্চিৰ মুঠ চাৰিজন মহাকাশচাৰী দীর্ঘ সময়ৰ বাবে আন্তঃৰাষ্ট্ৰীয় স্পেচ চেণ্টাৰলৈ যাবলৈ প্রস্তুত হৈছে। এওঁলোকে চলিত বৰ্ষৰ জুলাইৰ পূৰ্বেই মহাকাশলৈ যাত্রা কৰিব। 


উল্লেখযোগ্য যে মাইক ফিনকেই যোৰহাটৰ জীয়ৰী ৰেনিতা শইকীয়াৰ লগত বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোক তিনিটা সন্তানৰ গৌৰৱী পিতৃ-মাতৃ। অসমক ভালপোৱা আৰু অসমক বুকুৰ মাজত ৰখা মাইকে স্পে'চ ষ্টেছনলৈ গামোচাও লৈ গৈছিল। তাতোকৈ আমোদজনক কথা এয়ে যে অসমৰ জোঁৱাইজনে অসমৰ চাহকো মহাকাশলৈ লৈ যোৱাৰো আশা পুহি ৰাখিছে। মহাকাশীচাৰীৰ এই দলটোৱে আন্তঃৰাষ্ট্ৰীয় স্পেচ ষ্টেছনত তেওঁলোকৰ গৱেষণাৰ জৰিয়তে মানৱ জাতিক চন্দ্ৰৰ বাবে সাজু কৰি তোলাৰ লগতে পৃথিৱীত জীৱন ধাৰণৰ মান উন্নত কৰাৰ চেষ্টাত ব্রতী হ'ব। উল্লেখযোগ্য যে কাউমেন নামৰ মহাকাশচাৰীগৰাকী নাছাৰ স্পে'চ এক্স ক্রু-৯ মিছনৰ অংশ হিচাপে মহাকাশলৈ যাত্ৰা কৰিছিল। সেইদৰে মাইক ফিনকে নাছাৰ বয়িং ষ্টাৰলাইনাৰ-১ অভিযানৰ সদস্য আছিল। এইবাৰ এই দুগৰাকী অভিজ্ঞ মহাকাশচাৰীক পুনৰ আন্তঃৰাষ্ট্ৰীয় স্পে’'চ ষ্টেছনলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। 


কাউমিন ইতিমধ্যেই ড্রেগন স্পো'চক্রাফ্টৰ কমাণ্ডাৰৰ অভিজ্ঞতাৰে পুষ্ট আৰু মাইকে দীর্ঘ দূৰত্বৰ স্পেচ ফ্লাইটৰ অভিজ্ঞতাৰে এই নতুন মিছনক সমৃদ্ধ কৰিব। অসমৰ জোঁৱাই মাইকৰ এইটো হ'ব মহাকাশলৈ চতুর্থটো 'ট্রিপ'। আমোদজনক কথা এয়ে যে এই দুর্ধর্ষ মহাকাশচাৰীজন ২০০৪-২০০৮ আৰু ২০১১ চনত ৩৮২ দিনৰ বাবে মহাকাশত আবদ্ধ হৈ পৰিছিল। বিগত এটা দশক ফিল্কেই তেওঁৰ দক্ষতা নাছাৰ কমাচিয়েল ক্রু প্ৰগেমত ব্যৱহাৰ কৰি আহিছে। তেওঁ স্পেচ এক্স ড্ৰেগন বয়িং ষ্টাৰলাইনাৰৰ বিকাশ আৰু উন্নীতকৰণৰ প্রক্রিয়াত জড়িত হৈ আছে। জুলাইৰ পূৰ্বে মহাকাশলৈ যাবলগীয়া এই দলটোত জেনা কাউমেন আৰু মাইক ফিৰ্কেৰ উপৰি জাপান এৰ' স্পে'চ এক্সপ্লৰেশ্যন এজেঞ্চিৰ মহাকাশচাৰী জাচা মহাকাশচাৰী কিমিয়া উই অন্তর্ভুক্ত হৈছে। সুনীতা উইলিয়ামছে এৰি অহা ঠাইৰ পৰাই গৱেষণা আগবঢ়াই নিব মাইক আৰু তেওঁৰ টীমে। এওঁলোকৰ লক্ষ্য-কেৱল পৃথিৱীতে নহয়, চন্দ্র লোকতো অনাগত দিনত দপদপাই থাকক মানৱ জাতি।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ