--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কুকুৰৰ পৰা আৰম্ভ হৈছিল যাত্ৰা। এইবাৰ পশুভক্ত ধোনীয়ে ছাগলী পুহিবলৈ ওলাইছে। ইনষ্টাগ্ৰামত এটা ভিডিঅ’ পোষ্ট কৰি তেওঁৰ অনুৰাগীসকলক এই খবৰ দিছে ধোনী পত্নী সাক্ষীয়ে।  ছ’চিয়েল মিডিয়াৰ পৰা প্ৰায় দূৰতে থাকে মহেন্দ্ৰ সিং ধোনীয়ে। ফলত ভাৰতৰ কিংবদন্তি অধিনায়কগৰাকীৰ অনুৰাগীক দৈনন্দিন জীৱন আপডেট দিয়ে সাক্ষীয়েই। 

সদ্য সমাপ্ত আইপিএল আৰম্ভ হোৱাৰ পূৰ্বে ধোনীয়ে অধিনায়কত্বৰ দায়িত্বভাৰ অৰ্পন কৰিছিল ৰবীন্দ্ৰ জাদেজাক। কিন্তু নেতৃত্বৰ হেঁচা সহ্য কৰিব নোৱাৰি জদেজাই ধোনীক ঘূৰাই দিছিল অধিনায়কৰ পদ। চাৰিবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে ২০২২বৰ্ষৰ আইপিএলত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াব নোৱাৰিলে। ১৪ খন মেচত ৮ পইণ্ট লাভ কৰি ১০ দলৰ লীগ তালিকাৰ নৱম স্থানতে যাত্ৰা সামৰে চেন্নাইয়ে।

উল্লেখ্য যে, বৰ্তমান ধোনীৰ বয়স ৪০ বছৰ। অহা জুলাই মাহত ৪১ বছৰত ভৰি দিব ধোনীয়ে। অহা বছৰৰ আইপিএলত চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিবনে ধোনীয়ে? 'থালা'ৰ অনুৰাগীসকলৰ এটাই প্ৰশ্ন আছিল! ধোনীয়ে কৌশলেৰে ঘোষণা কৰিছিল যে তেওঁক পুনৰ আইপিএলত দেখিবলৈ পোৱা যাব। 

ধোনীয়ে তেওঁৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে কয়, ‘অৱশ্যেই মই হালধীয়া জাৰ্ছীত খেলিম। কিন্তু এই হালধীয়া জাৰ্ছীতে দেখিব নে আন জাৰ্ছীত দেইখব সেয়া মই  নাজানো।’ ইতিমধ্যে ধোনীয়ে দেশৰ জাৰ্ছী তুলি লৈছে। কিন্তু আইপিএলত খেলিব নে নাই সেয়া সময়েহে ক’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ