--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ লাখ লাখ লোক জাংক ফুডৰ প্ৰতি অধিক আসক্ত। জাংক ফুডে শৰীৰৰ বহুত ক্ষতি কৰে। আলুৰ চিপচ, আইচক্ৰীম আৰু তেনেধৰণৰ খাদ্যৰ পৰা বহু লোকে আঁতৰি থাকিবলৈ চেষ্টা কৰে যদিও নোৱাৰে। এই পৰিঘটনাটো অসংখ্য খাদ্য বিশেষজ্ঞ আৰু গৱেষকৰ ব্যাপক গৱেষণাৰ বিষয় হৈ পৰিছে।

এতিয়া বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে যে আল্ট্ৰা প্ৰচেছড খাদ্য(ইউপিএফ) ড্ৰাগছৰ দৰেই নিচাযুক্ত হ’ব পাৰে। নিকোটিন, কোকেইন বা হেৰোইনৰ দৰেই এই খাদ্য নিচাযুক্ত। এইটো চিন্তনীয় বিষয় কাৰণ ইউপিএফ অস্বাস্থ্যকৰ আৰু ই বহু স্বাস্থ্যজনিত সমস্যাৰ সৈতে জড়িত আছে। শেহতীয়াকৈ ৩৬খন দেশৰ ২৮১টা গৱেষণাৰ ওপৰত কৰা এক অধ্যয়নত দেখা গৈছে যে ১৪% লোক আল্ট্ৰা প্ৰচেছড খাদ্যৰ প্ৰতি আসক্ত। এইটো এটা গুৰুতৰ সমস্যা।

চচ্চেজ, আইচক্ৰীম, বিস্কুট, শীতল পানীয়, চিপচ, চেনিযুক্ত খাদ্যৰ দৰে অস্বাস্থ্যকৰ খাদ্য সামগ্ৰীসমূহ জ্ঞানশক্তিৰ অৱনতি, কেন্সাৰ, মানসিক অশান্তি, অকাল মৃত্যুকে ধৰি বিৰূপ স্বাস্থ্যজনিত ফলাফলৰ সৈতে জড়িত হৈ আছে।

মিচিগান বিশ্ববিদ্যালয়ৰ অধ্যাপক এছলী গিয়াৰহাৰ্ডে এই গৱেষণাৰ নেতৃত্ব দিছিল য’ত স্বাস্থ্যজনিত নেতিবাচক পৰিণতিৰ সম্ভাৱনা থকাৰ পিছতো ইউপিএফ খাদ্যৰ লোভ নিয়ন্ত্ৰণ কৰিব নোৱাৰা, অত্যধিক সেৱন, বাৰে বাৰে জাংক ফুড ক্ৰয় কৰি থকাৰ ইচ্ছা আদি বিষয়বোৰ সামৰি লোৱা হৈছিল।

দ্য ব্ৰিটিছ মেডিকেল জাৰ্নেলত প্ৰকাশিত তথ্য অনুসৰি আধুনিক জীৱনশৈলীত অভ্যস্ত ১৪ শতাংশ লোকেই ইউপিএফ খাদ্যৰ প্ৰতি আকৃষ্ট। ইউপিএফত প্ৰায়ে পোৱা পৰিশোধিত কাৰ্বহাইড্ৰেট আৰু চৰ্বিৰ সংমিশ্ৰণে মগজুত প্ৰভাৱ পেলায়। স্নায়ুত চাপ পেলায়। ফলত এই খাদ্যৰ প্ৰতি আসক্তি বৃদ্ধি পায়। সেয়েহে দ্য ব্ৰিটিছ মেডিকেল জাৰ্নেলে এনে খাদ্যৰ পৰা জনসাধাৰণক দূৰত থাকিবলৈ আহ্বান জনাইছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ