--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ লাখ লাখ লোক জাংক ফুডৰ প্ৰতি অধিক আসক্ত। জাংক ফুডে শৰীৰৰ বহুত ক্ষতি কৰে। আলুৰ চিপচ, আইচক্ৰীম আৰু তেনেধৰণৰ খাদ্যৰ পৰা বহু লোকে আঁতৰি থাকিবলৈ চেষ্টা কৰে যদিও নোৱাৰে। এই পৰিঘটনাটো অসংখ্য খাদ্য বিশেষজ্ঞ আৰু গৱেষকৰ ব্যাপক গৱেষণাৰ বিষয় হৈ পৰিছে।

এতিয়া বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে যে আল্ট্ৰা প্ৰচেছড খাদ্য(ইউপিএফ) ড্ৰাগছৰ দৰেই নিচাযুক্ত হ’ব পাৰে। নিকোটিন, কোকেইন বা হেৰোইনৰ দৰেই এই খাদ্য নিচাযুক্ত। এইটো চিন্তনীয় বিষয় কাৰণ ইউপিএফ অস্বাস্থ্যকৰ আৰু ই বহু স্বাস্থ্যজনিত সমস্যাৰ সৈতে জড়িত আছে। শেহতীয়াকৈ ৩৬খন দেশৰ ২৮১টা গৱেষণাৰ ওপৰত কৰা এক অধ্যয়নত দেখা গৈছে যে ১৪% লোক আল্ট্ৰা প্ৰচেছড খাদ্যৰ প্ৰতি আসক্ত। এইটো এটা গুৰুতৰ সমস্যা।

চচ্চেজ, আইচক্ৰীম, বিস্কুট, শীতল পানীয়, চিপচ, চেনিযুক্ত খাদ্যৰ দৰে অস্বাস্থ্যকৰ খাদ্য সামগ্ৰীসমূহ জ্ঞানশক্তিৰ অৱনতি, কেন্সাৰ, মানসিক অশান্তি, অকাল মৃত্যুকে ধৰি বিৰূপ স্বাস্থ্যজনিত ফলাফলৰ সৈতে জড়িত হৈ আছে।

মিচিগান বিশ্ববিদ্যালয়ৰ অধ্যাপক এছলী গিয়াৰহাৰ্ডে এই গৱেষণাৰ নেতৃত্ব দিছিল য’ত স্বাস্থ্যজনিত নেতিবাচক পৰিণতিৰ সম্ভাৱনা থকাৰ পিছতো ইউপিএফ খাদ্যৰ লোভ নিয়ন্ত্ৰণ কৰিব নোৱাৰা, অত্যধিক সেৱন, বাৰে বাৰে জাংক ফুড ক্ৰয় কৰি থকাৰ ইচ্ছা আদি বিষয়বোৰ সামৰি লোৱা হৈছিল।

দ্য ব্ৰিটিছ মেডিকেল জাৰ্নেলত প্ৰকাশিত তথ্য অনুসৰি আধুনিক জীৱনশৈলীত অভ্যস্ত ১৪ শতাংশ লোকেই ইউপিএফ খাদ্যৰ প্ৰতি আকৃষ্ট। ইউপিএফত প্ৰায়ে পোৱা পৰিশোধিত কাৰ্বহাইড্ৰেট আৰু চৰ্বিৰ সংমিশ্ৰণে মগজুত প্ৰভাৱ পেলায়। স্নায়ুত চাপ পেলায়। ফলত এই খাদ্যৰ প্ৰতি আসক্তি বৃদ্ধি পায়। সেয়েহে দ্য ব্ৰিটিছ মেডিকেল জাৰ্নেলে এনে খাদ্যৰ পৰা জনসাধাৰণক দূৰত থাকিবলৈ আহ্বান জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ