--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াৰ পিছদিনাই দৰাক লুটা তিনিজনী কইনাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তেওঁলোকে ক্ষীৰত মাদক দ্ৰব্য মিহলাই খুৱায় দৰাক, দৰাৰ নিচা লাগি টোপনি যোৱাৰ পাছত সকলোখিনি লুটি লৈ পলায় যায়।  

উত্তৰ প্ৰদেশৰ হৰদয়ত তিনি ডকাইত কইনাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বিয়াৰ পিছদিনাই দৰাক নিচাযুক্ত ক্ষীৰ খুৱাই লুটি লৈ যোৱাই তেওঁলোকৰ মূল লক্ষ্য। এই মহিলাসকলে এই পৰ্যন্ত ১৩ জন দৰাক প্ৰবঞ্চনা কৰিছে। ধৃত মহিলাসকলৰ ভিতৰত আছে পূজা ওৰফে সোণম, আশা ওৰফে গুড্ডি আৰু সুনীতা। আৰক্ষীৰ মতে এই মহিলাসকলে সেই যুৱক আৰু পৰিয়ালক লক্ষ্য কৰি লৈছিল, যিসকলে যথেষ্ট বয়সৰ পাছতো বিবাহপাশত আবদ্ধ হ’ব পৰা নাছিল।

আৰক্ষীয়ে জনোৱা মতে, প্ৰথমে তেওঁলোকে নিচাযুক্ত ক্ষীৰ খুৱাই দৰাক অচেতন কৰে তাৰপাছত তেওঁলোকৰ গহনা আৰু নগদ ধন লুটি লৈ যায়। আৰক্ষীয়ে এই মহিলাসকলৰ পৰা লুণ্ঠন কৰা গহনা আৰু নগদ ধনো উদ্ধাৰ কৰিছে।

সমগ্ৰ বিষয়টোত অভিযুক্ত ডকাইত কইনাক জেৰা কৰি আছে আৰক্ষীয়ে। এতিয়ালৈকে জেৰাৰ সময়ত এইটোও পোহৰলৈ আহিছে যে তেওঁলোকৰ নেটৱৰ্ক হিন্দী বলয়ৰ বহু ৰাজ্যত বিয়পি আছে। বিষয়টোৰ তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ