--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঐতিহাসিকভাৱে প্রথমবাৰৰ বাবে উচ্চতম ন্যায়ালয়ে কয় যে ৰাজ্যপালসকলে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা বিধেয়ক সন্দৰ্ভত উক্ত বিধেয়ক পোৱাৰ পৰা ৩ মাহৰ ভিতৰত ৰাষ্ট্ৰপতিয়ে সিদ্ধান্ত ল'ব লাগিব। তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবিয়ে ৰাখি থোৱা তথা সংৰক্ষিত কৰি ৰখা ১০খন বিধেয়কত উচ্চতম ন্যায়ালয়ে অনুমোদন জনোৱাৰ ৪ দিনৰ পাছত শুকুৰবাৰে নিশা ১০-৫০ বজাত উক্ত গোচৰৰ ৪১৫ পৃষ্ঠাৰ ৰায় আপল'ড কৰে আৰু এই ৰায়তে ৰাষ্ট্ৰপতিৰ সিদ্ধান্তৰ বাবে সময় নির্ধাৰণ কৰে। 

ন্যায়াধীশ জে বি পাৰদীৱালা আৰু আৰ মহাদেৱনৰ পীঠে কয়, 'আমি বিবেচনা কৰিছোঁ যে গৃহ মন্ত্ৰ্যালয়ে বিধান দিয়া সময়সীমা পালন কৰাটো সঠিক হ'ব... আৰু বিধান দিছোঁ যে বিধেয়ক এখন পোৱাৰ তিনি মাহৰ ভিতৰত ৰাষ্ট্ৰপতিয়ে সিদ্ধান্ত লোৱাৰ প্ৰয়োজন।' পীঠে আৰু কয়, 'যদি এই সময়ছোৱাতকৈ বেছি সময় লয়, তেতিয়া যথোপযুক্ত কাৰণ নথিভুক্ত কৰিব লাগিব আৰু সংশ্লিষ্ট ৰাজ্যখনক জনাব লাগিব।' 

উল্লেখযোগ্য যে তামিলনাডুৰ ৰাজ্যপালে ৰাষ্ট্ৰপতিৰ বিবেচনাৰ বাবে দ্বিতীয়বাৰ ৰাজ্য চৰকাৰৰ ১০খন বিধেয়ক সংৰক্ষিত ৰখা কার্যক অবৈধ আৰু আইনীভাৱে ভ্রান্তিমূলক বুলি কৈ পাৰদীবালা আৰু মহাদেৱনৰ পীঠে ৮ এপ্রিলত উক্ত বিধেয়ককেইখনত অনুমোদন জনাইছিল। ইয়াৰ উপৰি, ৰাজ্যৰ বিধানসভাই অনুমোদন জনোৱা বিধেয়কত সিদ্ধান্ত ল'বলৈ সকলো ৰাজ্যপালৰ বাবে সময়সীমা নির্ধাৰণ কৰি দিছিল। উক্ত ৰায়টোতে পীঠে কয়- সংবিধানৰ ২০১ অনুচ্ছেদৰ অধীনত ভাৰতৰ ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ৰূপৰেখা সংজ্ঞায়িত কৰে। ৰাজ্যৰ বিধানসভাই এখন বিধেয়ক গৃহীত কৰাৰ পাছত ৰাজ্যপালে ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিবেচনাৰ বাবে যেতিয়া সংৰক্ষিত ৰাখে তাৰ বিধি-ব্যৱস্থা ২০১ অনুচ্ছেদে দিছে। 

উক্ত অনুচ্ছেদৰ মতে যেতিয়া এজন ৰাজ্যপালে ৰাষ্ট্ৰপতিৰ বিবেচনাৰ বাবে এখন বিধেয়ক সংৰক্ষিত ৰাখে, তেতিয়া ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিব যে বিধেয়কৰ প্ৰতি তেওঁ সন্মতি জনাইছে অথবা তেওঁ নামঞ্জুৰ কৰিছে। পীঠে ৰায়ত কয় যে ২০১ অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে কৰা কাম ন্যায়িক পুনৰ বিবেচনাৰ অধীন। পীঠে কয় যে ২০১ অনুচ্ছেদৰ অধীনত কাম কৰোঁতে ৰাষ্ট্ৰপতিৰ পৰম বা পকেট ভেটো (স্বাক্ষৰ নকৰাকৈ ৰাষ্ট্ৰপতি বা ৰাজ্যপালে বিধেয়ক ৰাখি থোৱা) নাই আৰু তেওঁ হয় অনুমোদন অথবা নামঞ্জুৰ কৰিব লাগিব। আনহাতে, ৰাষ্ট্ৰপতিয়ে কোনো বিধেয়ক যদি এটা বাৰ্তাৰ সৈতে ৰাজ্যলৈ ঘূৰাই পঠায়, সংশোধনৰ সৈতে বা অবিহনে ৰাজ্যৰ বিধানসভাই যদি পুনৰ অনুমোদন জনায় তেতিয়া ৰাষ্ট্ৰপতিয়ে সন্মতি জনোৱা বা নামঞ্জুৰ কৰাৰ চূড়ান্ত সিদ্ধান্ত ল'ব পাৰিব। কিন্তু দ্বিতীয়বাৰ প্ৰেৰণ কৰা বিধেয়ক নামঞ্জুৰ কৰোঁতে ৰাষ্ট্ৰপতিয়ে তেনে সিদ্ধান্ত লোৱাৰ স্পষ্ট আৰু যথেষ্ট বিস্তৃত কাৰণ জনাব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা