--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঐতিহাসিকভাৱে প্রথমবাৰৰ বাবে উচ্চতম ন্যায়ালয়ে কয় যে ৰাজ্যপালসকলে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা বিধেয়ক সন্দৰ্ভত উক্ত বিধেয়ক পোৱাৰ পৰা ৩ মাহৰ ভিতৰত ৰাষ্ট্ৰপতিয়ে সিদ্ধান্ত ল'ব লাগিব। তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবিয়ে ৰাখি থোৱা তথা সংৰক্ষিত কৰি ৰখা ১০খন বিধেয়কত উচ্চতম ন্যায়ালয়ে অনুমোদন জনোৱাৰ ৪ দিনৰ পাছত শুকুৰবাৰে নিশা ১০-৫০ বজাত উক্ত গোচৰৰ ৪১৫ পৃষ্ঠাৰ ৰায় আপল'ড কৰে আৰু এই ৰায়তে ৰাষ্ট্ৰপতিৰ সিদ্ধান্তৰ বাবে সময় নির্ধাৰণ কৰে। 

ন্যায়াধীশ জে বি পাৰদীৱালা আৰু আৰ মহাদেৱনৰ পীঠে কয়, 'আমি বিবেচনা কৰিছোঁ যে গৃহ মন্ত্ৰ্যালয়ে বিধান দিয়া সময়সীমা পালন কৰাটো সঠিক হ'ব... আৰু বিধান দিছোঁ যে বিধেয়ক এখন পোৱাৰ তিনি মাহৰ ভিতৰত ৰাষ্ট্ৰপতিয়ে সিদ্ধান্ত লোৱাৰ প্ৰয়োজন।' পীঠে আৰু কয়, 'যদি এই সময়ছোৱাতকৈ বেছি সময় লয়, তেতিয়া যথোপযুক্ত কাৰণ নথিভুক্ত কৰিব লাগিব আৰু সংশ্লিষ্ট ৰাজ্যখনক জনাব লাগিব।' 

উল্লেখযোগ্য যে তামিলনাডুৰ ৰাজ্যপালে ৰাষ্ট্ৰপতিৰ বিবেচনাৰ বাবে দ্বিতীয়বাৰ ৰাজ্য চৰকাৰৰ ১০খন বিধেয়ক সংৰক্ষিত ৰখা কার্যক অবৈধ আৰু আইনীভাৱে ভ্রান্তিমূলক বুলি কৈ পাৰদীবালা আৰু মহাদেৱনৰ পীঠে ৮ এপ্রিলত উক্ত বিধেয়ককেইখনত অনুমোদন জনাইছিল। ইয়াৰ উপৰি, ৰাজ্যৰ বিধানসভাই অনুমোদন জনোৱা বিধেয়কত সিদ্ধান্ত ল'বলৈ সকলো ৰাজ্যপালৰ বাবে সময়সীমা নির্ধাৰণ কৰি দিছিল। উক্ত ৰায়টোতে পীঠে কয়- সংবিধানৰ ২০১ অনুচ্ছেদৰ অধীনত ভাৰতৰ ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ৰূপৰেখা সংজ্ঞায়িত কৰে। ৰাজ্যৰ বিধানসভাই এখন বিধেয়ক গৃহীত কৰাৰ পাছত ৰাজ্যপালে ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিবেচনাৰ বাবে যেতিয়া সংৰক্ষিত ৰাখে তাৰ বিধি-ব্যৱস্থা ২০১ অনুচ্ছেদে দিছে। 

উক্ত অনুচ্ছেদৰ মতে যেতিয়া এজন ৰাজ্যপালে ৰাষ্ট্ৰপতিৰ বিবেচনাৰ বাবে এখন বিধেয়ক সংৰক্ষিত ৰাখে, তেতিয়া ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিব যে বিধেয়কৰ প্ৰতি তেওঁ সন্মতি জনাইছে অথবা তেওঁ নামঞ্জুৰ কৰিছে। পীঠে ৰায়ত কয় যে ২০১ অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে কৰা কাম ন্যায়িক পুনৰ বিবেচনাৰ অধীন। পীঠে কয় যে ২০১ অনুচ্ছেদৰ অধীনত কাম কৰোঁতে ৰাষ্ট্ৰপতিৰ পৰম বা পকেট ভেটো (স্বাক্ষৰ নকৰাকৈ ৰাষ্ট্ৰপতি বা ৰাজ্যপালে বিধেয়ক ৰাখি থোৱা) নাই আৰু তেওঁ হয় অনুমোদন অথবা নামঞ্জুৰ কৰিব লাগিব। আনহাতে, ৰাষ্ট্ৰপতিয়ে কোনো বিধেয়ক যদি এটা বাৰ্তাৰ সৈতে ৰাজ্যলৈ ঘূৰাই পঠায়, সংশোধনৰ সৈতে বা অবিহনে ৰাজ্যৰ বিধানসভাই যদি পুনৰ অনুমোদন জনায় তেতিয়া ৰাষ্ট্ৰপতিয়ে সন্মতি জনোৱা বা নামঞ্জুৰ কৰাৰ চূড়ান্ত সিদ্ধান্ত ল'ব পাৰিব। কিন্তু দ্বিতীয়বাৰ প্ৰেৰণ কৰা বিধেয়ক নামঞ্জুৰ কৰোঁতে ৰাষ্ট্ৰপতিয়ে তেনে সিদ্ধান্ত লোৱাৰ স্পষ্ট আৰু যথেষ্ট বিস্তৃত কাৰণ জনাব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক