--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ লোকবন্ধু হস্পিটেলত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। জুইৰ লেলিহান শিখাই আগুৰি ধৰে সমগ্ৰ হস্পিটেলখন। যাৰ বাবে চিকিৎসালয়খনত হঠাতে এক হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ 

অট্টালিকাটোৰ দ্বিতীয় মহলাৰ পৰা ওলোৱা জুইয়ে অতি কম সময়ৰ ভিতৰতে ভয়ংকৰ ৰূপ ধাৰণ কৰে ৷ এই ঘটনাৰ পাছতেই হস্পিটেলখনত ভৰ্তি হৈ থকা ৰোগীসকলক উদ্ধাৰৰ চেষ্টা কৰে আৰক্ষী, উদ্ধাৰকাৰীৰ দলে আৰু সকলো ৰোগীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। 

ইতিমধ্যে এজন ৰোগীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আনহাতে হস্পিটেলখনৰ জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হৈছে অগ্নিনিৰ্বাপক বাহিনীৰ দলে। লগতে ৰোগীসকলক অন্য চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে হস্পিটেলখনত প্ৰায় ২০০ ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰি আছিল।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ