--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডাকঘৰত সঞ্চয় কৰা সকলৰ বাবে ভাল খবৰ। জ্যেষ্ঠ নাগৰিক সকলক কেন্দ্ৰ কৰি ডাকঘৰত এখন সঞ্চয় আঁচনি চলোৱা হয়। সেই আঁচনিৰ নাম জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি (SCSS)। 

৬০ বছৰৰ ওপৰৰ যিকোনো ভাৰতীয় নাগৰিকে এই আঁচনিত বিনিয়োগ কৰিব পাৰিব। একে সময়তে ৫৫ বছৰৰ ওপৰৰ আৰু ৬০ বছৰৰ তলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে এই আঁচনিখনত বিনিয়োগ কৰিব পাৰিব।

এই আঁচনিৰ জৰিয়তে প্ৰতিমাহে ২০,৫০০ টকা পেঞ্চন লাভ কৰিব। এই আঁচনিখনত সৰ্বাধিক ৩০ লাখ টকা বিনিয়োগ কৰিলে বছৰি প্ৰায় ২ লাখ ৪৬ হাজাৰ টকাৰ সুত পাব। অৰ্থাৎ প্ৰতিমাহে আপোনাৰ বেংক একাউণ্টত ২০,৫০০ টকা জমা হ’ব। এই আঁচনিৰ সুতৰ হাৰ ৮.২ শতাংশ, যিটো যিকোনো চৰকাৰী আঁচনিৰ ভিতৰত সৰ্বাধিক হাৰ।

কোনে বিনিয়োগ কৰিব পাৰিব?

৬০ বছৰ বা তাতকৈ অধিক বয়সৰ ভাৰতীয় নাগৰিক

৫৫ৰ পৰা ৬০ বছৰৰ ভিতৰৰ যিসকল লোকে অৱসৰ লৈছে (VRS)।

এই একাউণ্টটো ডাকঘৰত বা যিকোনো অনুমোদিত বেংকত খুলিব পাৰিব।

কৰত কি প্ৰভাৱ পৰিব?

SCSS ৰ পৰা লাভ কৰা সুতৰ আয়ৰ ওপৰত কৰ দিব লাগিব 

অৱশ্যে এই বিনিয়োগৰ ধনৰাশি ধাৰা ৮০চিৰ অধীনত ১.৫ লাখ টকা পৰ্যন্ত কৰ ৰেহাইৰ যোগ্য

পৰিকল্পনাৰ সময়ছোৱা

এই আঁচনিৰ সময়সীমা ৫ বছৰ।

৫ বছৰৰ পিছত আপুনি ইয়াক আৰু ৩ বছৰলৈ বৃদ্ধি কৰিব পাৰে।

সময়ৰ আগতে উলিয়াব পাৰিব ধন, কিন্তু ইয়াৰ বাবে ভৰিব লাগিব জৰিমনা ৷

এই আঁচনি কিয় বিশেষ?

নিৰাপদ চৰকাৰী আঁচনি

নিৰ্দিষ্ট মাহিলী আয়

কৰ ৰেহাইৰ সুবিধা

অৱসৰৰ পিছত নিয়মীয়া আয়ৰ বাবে সৰ্বোত্তম বিকল্প।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ