--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰ'জ ভেলীৰ বিনিয়োগকাৰীৰ বাবে গঠন কৰা সম্পত্তি নিষ্পত্তি সমিতিৰ অধ্যক্ষ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ডিকে সেঠৰ হাতত আজি কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্রী পংকজ চৌধুৰীয়ে ৫১৫.৩১ কোটি টকাৰ এখন ডিমাণ্ড ড্রাফ্ট অর্পণ কৰে। 

ডিমাণ্ড ড্রাফ্ট অর্পণ কৰাৰ সময়ত আইন বলৱৎকাৰী সঞ্চালকালয়ৰ (ই ডি) সঞ্চালক ৰাহুল নবীন আৰু আন জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। উল্লেখযোগ্য যে ৰ'জ ভেলীৰ আইনসংগত বিনিয়োগকাৰীসকলক তেওঁলোকৰ সম্পত্তি ঘূৰাই দিয়াৰ উদ্দেশ্যে এই সম্পত্তি নিষ্পত্তি সমিতিখন গঠন  কৰা হৈছিল। 

সমিতিৰ ওচৰত বৰ্তমানলৈ দাখিল কৰা ৩১ লাখ আৱেদনকাৰীৰ মাজৰ ৭.৫ লাখ ভুক্তভোগীক টকা ঘূৰাই দিবলৈ এই ধন ব্যৱহাৰ কৰা হ'ব বুলি বিত্ত মন্ত্র্যালয়ে এটা বিজ্ঞপ্তিত কয়। ইয়াৰ আগতে ই ডিয়ে সমিতিক ২২ কোটি টকা প্রদান কৰিছিল আৰু ৩২,৩১৯জন বৈধ বিনিয়োগকাৰীক ধন উক্ত ধনৰাশিৰ পৰা ওভতাই দিয়া হৈছিল। 

আজি বিত্ত মন্ত্ৰ্যালয়ে  অর্পণ কৰা ৫১৫.৩১ কোটি টকা ই ডিয়ে ২০১৫-১৭ চনত ২,৯৮৭ টা বেংক একাউন্ট তদন্ত কৰি বাজেয়াপ্ত কৰি লাভ কৰিছিল। উক্ত একাউণ্টবোৰত নিৰীহ লোকৰ পৰা সংগ্ৰহ কৰা ধন সুমুওৱা হৈছিল। মন্ত্ৰ্যালয়ে আৰু জনায় যে ই ডিয়ে ৰ'জ ভেলীৰ বিৰুদ্ধে ধনৰ অবৈধ সৰবৰাহ প্ৰতিৰোধী আইনৰ অধীনত অসম, পশ্চিম বংগ, ওড়িশা আৰু ত্ৰিপুৰাত ৫টা গোচৰৰ তদন্ত কৰি আছে। ই ডিয়ে বিশেষ ন্যায়ালয়ত এই আটাইকেইটা গোচৰৰ অভিযোগনামা দাখিল কৰিছে। ৰ'জ ভেলীয়ে সমাজৰ নিম্নশ্ৰেণীৰ লোকৰ পৰা ভুৱা প্ৰতিশ্ৰুতিৰে ১৭ হাজাৰ ৫২০ কোটি টকা সংগ্ৰহ কৰা বুলি ই ডিৰ তদন্তত প্ৰকাশ পাইছে। ইয়াৰে ৬ হাজাৰ ৬০০ কোটি টকাৰো অধিক ধন বিনিয়োগকাৰীক ঘূৰাই দিয়া হোৱা নাই।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ